অসমত সহ-অভিনয়ৰ বাটকটীয়া সৈনিক শিল্পী নাট্যচাৰ্য ব্ৰজনাথ শৰ্মা।

 অসমত সহ-অভিনয়ৰ বাটকটীয়া সৈনিক শিল্পী নাট্যচাৰ্য ব্ৰজনাথ শৰ্মা


বৰপেটা জিলাৰ শিলাৰ এক সম্ভ্ৰাান্ত ব্ৰাহ্মণ পৰিয়ালত ১৮৯৫ চনৰ ১৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ব্ৰজনাথ শৰ্মাৰ জীৱনৰ শেষ কালছোৱা অতি যন্ত্ৰণাদায়ক আছিল। স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী হিচাপে বৃটিছ চৰকাৰে তেওঁৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিছিল। তদুপৰি দীৰ্ঘদিন ধৰি পলাই ফুৰাৰ পিছত শেষছোৱা সময়ত বৃটিছৰ হাতত কাৰাবৰণ কৰিবলগীয়া হোৱাত তেওঁ মানসিকভাৱেও ভাগি পৰিছিল।বৰপেটা জিলাৰ শিলাত পদ্মনাথ শৰ্মাৰ ঔৰসত আৰু নৰেশ্বৰী দেৱীৰ গৰ্ভত জন্ম লাভ কৰা ব্ৰজনাথ শৰ্মা সৰুকালৰ পৰাই দুষ্ট, উৎপতীয়া আৰু সাহসী আছিল। শিলাত থাকিয়েই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ গৌৰীপুৰৰ তাৰিণীপ্ৰিয়া চতুষ্পাঠী সংস্কৃত টোলত সংস্কৃত আৰু ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল। কলিকতাৰ সামৰিক বিভাগত ১৯১৬ চনত তেওঁ কেৰাণী পদত নিযুক্ত হয় আৰু পিছত বাগদাদ, বছোৰা আদি ঠাইলৈ বদলি হয়।বছোৰাত থকা সময়ছোৱাত তেওঁ 'ৱেষ্ট বেংগল ড্ৰামেটিক ক্লাৱ' নামৰ এটি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতি অনুৰক্ত হৈ দহ টকা মাচুল দি সভ্যপদ লৈছিল। এই নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠানতেই তেওঁ অভিনয়ৰ বিভিন্ন কলা-কৌশলৰ বিষয়ে জ্ঞান আহৰণ কৰে। লগতে তেওঁ কেইবাখনো বঙালী নাটকত অভিনয় কৰে। 


          কিন্তু বিধিৰ বিপাক, ১৯২১ চনত তেওঁৰ মাতৃ বিয়োগ ঘটাত চাকৰি এৰি তেওঁ ঘৰলৈ ঘূৰি আহে। কলিকতাত অভিনয় সম্পৰ্কিত কলা-কৌশল শিকি অহা ব্ৰজনাথ শৰ্মাই অসমলৈ আহি 'যাত্ৰা'ৰ প্ৰচলন কৰিলে। তেওঁৰ 'যাত্ৰা' নাটকে অসমৰ ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিলে। ককায়েক কৃষ্ণ শৰ্মাৰ সহযোগত ৰাইজৰ উৎসাহক আশীৰ্বাদ হিচাপে লৈ ১৯২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ অসমত পোন প্ৰথমবাৰৰ বাবে 'শিলা কলেকা অপেৰা পাৰ্টি' গঠন কৰে। তেওঁৰ এই অপেৰা পাৰ্টিৰ ধাৰণাই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাটকটীয়া বুলি ক'ব পাৰি। 


              তেওঁ ১৯২৯ চনত সৰভোগত 'দি আসাম ইউনিয়ন কোহিনুৰ অপেৰা' নামেৰে এটি বিশেষ ধৰণৰ ভ্ৰাম্যমান নাট্যদল গঠন কৰে। সৰভোগৰলৈ আহি তেওঁ আৰু পুনৰ শিলালৈ উভতি নগ'ল। ব্ৰজনাথ শৰ্মাই ১৯২৯ চনৰ পৰা সৰভোগৰ দক্ষিণ গণকগাড়ীত স্থায়ীভাৱে থাকিবলৈ লয়। সৰভোগত ১৯৩০ চনত 'কোহিনুৰ অপেৰা ' গঠন কৰি তেওঁ সহ- অভিনয়ৰ যাত্ৰা আৰম্ভ কৰে। কুৰি শতিকাৰ দ্বিতীয়-তৃতীয় দশকতে অভিনয়ৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰা ব্ৰজনাথ শৰ্মাই সহ-অভিনয়ৰ লগতে মুকলি মঞ্চত বিভিন্ন ন ন কৌশল প্ৰয়োগ কৰিছিল। সমাজৰ বাধা নেওচি সহ-অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ ওলাই আহিছিল নগাঁওৰ গোলাপী, বিনোদা, লাৱণ্য, ফুলেশ্বৰী আদি কেইবাগৰাকীও মহিলা। কমলাকান্ত ভট্টাচাৰ্যৰ 'নগা কোঁৱৰ' নাটকখনলৈ তেওঁ সৰভোগত আখৰা আৰম্ভ কৰিছিল সহ-অভিনয়ৰ। কিন্তু সমাজৰ বৰমূৰীয়াসকলৰ পৰা বাধা পোৱাত তেওঁ নাটকৰ আখৰা গৃহ ডুমডুমালৈ উঠাই নিবলগীয়াত পৰে। ডুমডুমাত গৈ হৰিহৰ চৌধুৰীৰ লগতে কেইবাগৰাকীও কলামোদী ব্যক্তিৰ পৰা তেওঁ সহযোগিতা লাভ কৰে। তেনেকৈয়ে তেওঁ ডুমডুমাত আৰম্ভ কৰা যাত্ৰা উজনি অসমৰ বিভিন্ন প্ৰান্ত গচকি আহি আকৌ নামনি অসমতে থমকি ৰয়। গুৱাহাটীলৈ আহি বিভিন্নজনৰ বাধা আৰু সমালোচনাৰ মাজতে তেওঁ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নাটক মঞ্চস্থ কৰে। নলবাৰীত ব্ৰজনাথ শৰ্মাই অসমীয়া ছোৱালীক মঞ্চত তুলি দি সমাজ নষ্ট কৰিলে বুলি একাংশ ব্যক্তিয়ে দৰ্শকসকলক নাটক চোৱাত বাধা প্ৰদান কৰে। 


        এনেদৰে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে নাট্য আন্দোলনক আগবঢ়াই নিয়াৰ পাছত ১৯৩৫ চনত কোহিনুৰ অপেৰা পাৰ্টি ভাঙি যায়। তাৰ পাছৰ সময়ছোৱাত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাবে জড়িত হৈ পৰে। বৰনগৰ কংগ্ৰেছ সমিতিত ১৯৩৫ চনত সদস্য হোৱাৰ পাছত তেওঁ ১৯৩৭ চনত উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৯৪২ চনৰ ২৭ আগষ্টত বৰনগৰবাসী ৰাইজে ইংৰাজৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি সাপনাত বেঁকীৰ পাৰত বৃটিছে নিৰ্মাণ কৰা সামৰিক বিমানঘাটি, সামৰিক বাহিনীৰ কাৰ্যালয়, সৰভোগ থানা আদি জ্বলাই দিয়াৰ সময়ত তেওঁ নেতৃত্ব প্ৰদান কৰিছিল। সামৰিক বিমানঘাটিত অগ্নি সংযোগৰ পাছত তেওঁ দীৰ্ঘ দিনলৈ বিভিন্ন বেশ ধৰি পলাই ফুৰে আৰু ১৯৪৩ চনৰ এপ্ৰিল মাহত বঙাইগাঁৱৰ ওচৰৰ বচনগাঁৱত বৃটিছে আটক কৰে। পাছত ১৯৪৬ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।


      বিভিন্ন অভাৱ-অভিযোগৰ মাজত কটোৱা জীৱনৰ অন্তিমক্ষণত তেওঁক অসম সাহিত্য সভাৰ তেজপুৰ, গুৱাহাটী শাখাই সম্বৰ্ধনা জনায় আৰু অসম চৰকাৰে 'নাট্যচাৰ্য' উপাধি প্ৰদান কৰে। তেওঁ সৰভোগ সমষ্টিৰ পৰা ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈ পৰাজিত হয়। ১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত শ্বাসৰোগত আক্ৰান্ত হৈ এইগৰাকী বিপ্লৱী শিল্পীয়ে কৰুণভাৱে মৃত্যু্বৰণ কৰে। এইগৰাকী অসাধাৰণ শিল্পীৰ নাট্য প্ৰতিভাক সন্মান জনাই অসম নাট্য সন্মিলনে ১৯৫৫ চনৰ পৰা ব্ৰজনাথ শৰ্মাৰ মৃত্যৰ দিনটো 'শিল্পী সমাৰোহ দিৱস' হিচাপে লৈ  নাট্য সন্মিলন সপ্তাহ পালন কৰি আহিছে।



BY- PRITISHA GOSWAMI

CHIEF EDITOR, SORBHOG 24

© SORBHOG_24

Post a Comment