বৰপেটাৰোডৰ অসম ব্ৰিলিয়াণ্ট অকাডেমীৰ এক বৃহৎ সাফল্য।


বৰপেটাৰোডৰ অসম ব্ৰিলিয়াণ্ট অকাডেমীৰ এক বৃহৎ সাফল্য


বৰপেটাৰোডৰ জ্যোতিনগৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান অসম ব্ৰিলিয়াণ্ট অকাডেমীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ যাৰ ফলত কলেজখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কিয়নো সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ (All India Level) মেডিকেল পৰীক্ষা NEET-ত কলেজখনৰ ছাত্ৰ স্বৰূপ সাহাই সৰ্বমুঠ ৫৪৬ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে ছাত্ৰগৰাকীয়ে অসমৰ যিকোনো এখন মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে ৷

        আনহাতে আৰু কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী ক্ৰমে স্বৰীফ আলীয়ে ৫১০ নম্বৰ, জীনা দাসে ৫০০ নম্বৰ, আলমীনা খাতুনে ৪৯৬ নম্বৰ, স্মৃতিকনা সাহাই ৪৮০ নম্বৰ আৰু দ্যুতিময় দাসে ৪৭০ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে এওঁলোক অসমৰ যিকোনো এখন মেডিকেল কলেজত স্থান পাব বুলি আশা কৰা হৈছে ৷

      এওঁলোকৰ লগতে অকাডেমীখনৰ ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতাসূচক নম্বৰ (Qualifying marks) পাবলৈ সক্ষম হৈছে ৷ অসম ব্ৰিলিয়াণ্ট অকাডেমীৰ সমূহ পৰিয়ালে এওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। 


Published By- Mrinmay Nath

©SORBHOG 24


FOLLOW OUR FACEBOOK PAGE FOR MORE.... 

Post a Comment