বৰপেটাৰ প্ৰসিদ্ধ দৌল উৎসৱ আৰু ইয়াৰ পৰম্পৰা


 বৰপেটাৰ প্ৰসিদ্ধ দৌল উৎসৱ আৰু ইয়াৰ পৰম্পৰা

পলাশ,মদাৰ,শিমলুৰ আবিৰ সানি আকাশ-বতাহ ৰঙীন কৰি সৰাপাতত ছবি আঁকি প্ৰকৃতিৰ বুকুলৈ ফাগুন আহে।


      ফাঁকুৱা (ইংৰাজী: Holi, হিন্দী: होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱ ফাঁকুৱাক "হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাঁগুৱা, ফাঁকু, বসন্তোৎসৱ, মদনোৎসৱ, ফল্গুৎসৱ, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ"

আদি বিভিন্ন নামেৰে জনা যায়।  


   ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।

  ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে। 


   এই হোলী উৎসৱৰ লগত শংখচূড়ৰ কাহিনী, জগন্নাথ-ঘুনুচা, ৰাধা-কৃষ্ণ আদিৰ কথা জড়িত হৈ আছে। ইয়াৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ অন্য এগৰাকী পত্নী ঘুনুচাৰ বাৰীলৈ গৈ ঘূৰি অহাত পলম হোৱাত লক্ষ্মীদেৱীয়ে দুৱাৰ খুলি নিদিয়াক কেন্দ্ৰ কৰি দৌল উৎসৱ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই নিজ দৌলৰ পৰা ঘুনুচাৰ বাৰীলৈ গৈ সাত দিন আছিল। যেতিয়া ঘুনুচাৰ বাৰীলৈ আহিছিল তেতিয়া প্ৰজাগণে ৰং-ৰহইচ কৰি ফাঁকুগুড়ি ছটিয়াইছিল। চৌদিশে ৰং আৰু আনন্দই বিৰাজ কৰিছিল।  


     এই ফাঁকুৱা উৎসৱ হৈছে ৰং আৰু আনন্দৰ,মিলনৰ,সম্প্ৰীতিৰ উৎসৱ। উচ্চ নীচ, ধনী-দুখীয়াৰ প্ৰাচীৰ ভাঙি সকলোৱে মিলিজুলি ফাকুৱা খেলে।

ধৰ্মীয় পৰম্পৰা ভাৰতীয় লোক-বৈচিত্ৰ্যৰ মাজত ফাঁকুৱা উৎসৱ উদযাপন কৰা হয়। এই উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে উলহ-মালহেৰে পালন কৰা দেখা যায়। 

    



বৰপেটাৰ প্ৰসিদ্ধ দৌল উৎসৱঃ-




"ৰংগে ফাগু খেলে চৈতন্য বনমালী৷


দুই হাতে ফাঁগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি।।"

(কীৰ্ত্তন, শংকৰদেৱ)


 ফাঁকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক "দেউল" বোলা হয়। ফাঁকুৱাৰ লগত জড়িত এই উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল, ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। ধৰ্মীয় আচাৰ-ব্যৱহাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ। চৰিতপুথি মতে যদিও দৌল উৎসৱ উদযাপন ভিন্ন ৰূপত অনুষ্ঠিত হোৱা বুলি পোৱা যায় । দৌল গোৱিন্দ আৰু শ্যামৰায়ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা দিনৰে পৰা বৰপেটাত বিগ্ৰহকেন্দ্ৰিকভাৱে দৌল উৎসৱ পালন হৈ আহিছে। সেইকাৰণে নক্ষত্র স্থান (মঘা,পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী আৰু হস্তা নক্ষত্র) অনুযায়ী গন্ধযাত্ৰা বা বহ্নোৎসৱ, ভৰদৌল আৰু সুঁৱেৰী অনুষ্ঠিত হয় আৰু এই সকলো মিলিয়েই দৌল উৎসৱ।

  বৰপেটাৰ দৌল উৎসৱক মূলত চাৰিটা ভাগত ভগাব পাৰি – ১) দেউল চাচা ২) গন্ধযাত্ৰা বা গন্ধোৎসৱ ৩) ভৰদেউল বা ভৰদৌল ৪) সুঁৱেৰী বা সৌৰী।


১) দেউল চাচাঃ-  


দেউল চাচা হৈছে দৌল উৎসৱ উপলক্ষে প্ৰস্তুতি পৰ্ব। চাচা শব্দৰ অৰ্থ মসৃন কৰা। আচলতে আগতে দৌলগৃহটো পকী নাছিল বাবে তাত ঘাঁহ-বন গজিছিল যিহেতু দৌলগৃহটো বছৰত এবাৰহে ব্যৱহাৰ কৰা হয় গতিকে ইয়াক ‘চাচি’ ব্যৱহাৰোপযোগী কৰি লোৱা হৈছিল। দেউল চাচা কেৱল দৌলগৃহৰ নিকাকৰণ -সজোৱা আদিৰ লগত জড়িত হৈ থকা নাই, দৌল উপলক্ষে গোটেই সত্ৰখন ধুই -পখালি -ৰং দি দেখাত আকৰ্ষণীয় কৰি তোলা হয়। আনহাতে, বৰপেটাৰ মানুহেও দেউল বুলি নিজৰ ঘৰ চাফ-চিকূণ কৰে, ৰং দিয়ে। গতিকে দৌল উৎসৱ যদিও সত্ৰকেন্দ্ৰিক উৎসৱ ই গোটেই বৰপেটা অঞ্চলকে সামৰি লৈছে।


২) গন্ধযাত্ৰা বা গন্ধোৎসৱঃ- 


প্ৰথমদিনাখন গন্ধোৎসৱ বোলা হয় আৰু এই গুৰুত্বপুৰ্ণ দিনটোত বৈষ্ণৱসকলে নল, খাগৰি, ইকৰাৰে মেজি সাজে। সেইদিনা আবেলি কলিয়া গোসাঁইক মণিকুটৰ পৰা মঠৰ চোতাললৈ অনা হয় গায়ন-বায়নসহিতে। মহাপ্ৰভুক তাৰ পিচত মেজিৰ কাষলৈ নিয়া হয়। মেজি জ্বলোৱাৰ পিচত মহাপ্ৰভুৱে মেজিক সাতবাৰ প্ৰদক্ষিণ কৰে। যাক কোৱা হয় মেজি পুঁওৱা। আতচবাজি আৰু ফানুচ গন্ধোৎসৱৰ মূল আকৰ্ষণ। মেজি পুঁওৱাৰ অন্তত কলীয়া গোঁসাই বা কৈলা গহই বা কৈলা বাবাক দৌল ঘৰলৈ নিয়াৰ এক পৱিত্ৰ মূহুৰ্তত সাতটা খোজেৰে অনা হয় আৰু হোলী গীতৰ আৰম্ভণি হয়।


৩) ভৰদেউল বা ভৰদৌলঃ-


গন্ধোৎসৱৰ পিছৰ দিনাখন অৰ্থাৎ দ্বিতীয় দিনাখন ভৰদৌল। সেই দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা 'পুৱাৰ গীত' আৰু ললিতা ৰাগৰ 'যশোমতী পেখিতে নয়ন জুৰাই' গীতটো গায়।


 ৪) সুঁৱেৰী বা সৌৰীঃ-


 'সুঁৱেৰী' বৰপেটাৰ দৌল উৎসৱৰ এক অংগ উৎসৱ৷ বৰপেটাত স্থানীয়ভাৱে ফাঁকুৱাক 'সুঁৱেৰী' বা 'সৌৰী' বোলা হয়। সেইদিনা ফাঁকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে। এই সুঁৱেৰী বৰপেটাৰ সকলো সত্ৰতে পালন কৰা হয় যদিও ’সুন্দৰীদিয়াৰ সুঁৱেৰী’ৰ এক সুকীয়া তাৎপৰ্য আছে৷ সুন্দৰীদিয়া সত্ৰত ব’হাগ বিহুৰ সপ্তম দিনা বা ’সাত দম্হী’ৰ দিনা ’সুঁৱেৰী’ পালন কৰা হয়৷ সুঁৱেৰী বা স’ৰি শব্দৰ অৰ্থ সোঁৱৰণ বা স্মৰণ৷ সচৰাচৰ দৌলোৎসৱ বা ফাঁকুৱাত ’কলীয়া গোঁসাই’ক মণিকূটৰ পৰা বাহিৰলৈ আনি নামঘৰৰ চাৰিওপিনে এপাক ঘূৰাই পুনৰ মণিকূটত স্থাপন কৰে৷ ফাঁকুৱা উৎসৱৰ বাহিৰে আন সময়ত গোঁসাইক মণিকূট গৃহৰ পৰা বাহিৰ কৰা নহয়৷ কিন্তু সুন্দৰীদিয়া সত্ৰত ব’হাগৰ সাতবিহুৰ দিনা গোঁসাই উলিয়াই বাহিৰত ফুৰোৱা হয়৷ সুন্দৰীদিয়াই একমাত্ৰ সত্ৰ, য’ত গোঁসাইক বছৰেকত দুবাৰ বাহিৰ কৰা হয়। 



    বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। 

 প্ৰথম দিনা গন্ধোৎসৱ। গন্ধযাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে। সেইদিনা আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ আৰু শ্যামৰায়(কৈইলা বাবা বুলি বিখ্যাত) বিগ্ৰহক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়। ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে। প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়।পদ্ধতিগতভাৱে গায়ন-বায়নে ‘চলে কানু বিৰিন্দাবনে’ বৰগীত গাই উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰাখে। দুয়োটা বিগ্ৰহকে ভিন ভিন পথেৰে অনা হয়। তাৰ পিছত পূজা-অৰ্চনা কৰা হয়। এইখিনি কাৰ্যক্ৰমতে গায়ন-বায়নে আঠোটা ৰাগত (অহিৰ, ললিত, মালসী,বৰাড়ী কামোদ, বসন্ত, ভৈৰৱী আৰু মল্লাৰ) গীত জুৰিব লাগে। কিন্তু বৰ্তমান এই ৰাগ কেইটাৰ কিছু ৰাগ দুষ্প্রাপ্য হোৱা বাবে তুৰ বসন্ত – বসন্ত আদি ৰাগতহে গীত গোৱা হয়। যেনে – প্ৰাণগোপাল তোমাৰ বিনোদ হৰি, হৰি হেৰোৰে বাপ আদি। বসন্তকালত বসন্ত ৰাগৰ গীত গোৱাতো মনকৰিবলগীয়া। আৰু এই পূজা-অৰ্চনা কৰা সময়তে সত্ৰৰ আইসকলে বিয়া নাম গায়। আচলতে লোকমানসত সমগ্র দৌল উৎসৱটো কলীয়া ঠাকুৰৰ বিবাহ উৎসৱ হিচাপে বিশ্বাস কৰা হয়। ইয়াৰ পাছত টুপৰচোতালত বনাই থোৱা মেজিত জুই লগাই ইয়াক কেন্দ্ৰ কৰি দুয়োটা গহেক ( গোঁসাইক) সাংস্কৃতিক শোভাযাত্ৰাৰে সাতপাক ঘূৰোৱা হয়। ইয়াকে স্থানীয় ভাষাত ‘গহেক মাগ্ ( মাঘ) পুওৱা’ বুলি কোৱা হয়। এইখিনি সময়তে দৌলগৃহ থকা চোতালখনত অৰ্থাৎ সত্ৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত বৰপেটাৰ থলুৱা আতচবাজীৰ প্ৰদৰ্শন কৰা হয় আৰু ফানুচ উৰুওৱা হয়। মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোসাঁইক পোনতে নি বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা 'যোগমোহন গৃহ'ত এখন শৰাইত ৰখা হয়। ইয়াকে ‘গহে জিৰণি লোৱা’ বুলি কয়। তাৰ পিছত নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক এক শুভ ক্ষণত দৌলত আৰোহণ কৰা হয়। ইয়াতো গায়ন-বায়ন, বৰঢুলীয়াৰে আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোসাঁইক দৌলত সাতোটা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সুসজ্জিত দোলাত স্থাপন কৰা হয়। ৰাতিলৈ সেৱা-কীৰ্ত্তন আৰু যাত্ৰাভিনয় কৰা হয়।


 গন্ধৰ নিশাই নিৰ্দিষ্ট সময়ত নক্ষত্র মিলিলে গোসাঁইক দৌলগৃহত উঠায় আৰু তেতিয়াৰ পৰাই ভৰদৌল আৰম্ভ। ভৰদৌলৰ পুৱা নিত্য – নৈমিত্তিক প্ৰসংগ কৰা হয়। প্ৰসংগত দৌলৰ গীত, উৰেষা বৰ্ণনৰ ঘোষা আদি অতিৰিক্তভাৱে গোৱা হয়। এনেদৰে ভৰদৌল উদযাপন হয়। ভৰদৌলক কেন্দ্ৰ কৰিয়েই দৌল তিনিদিনীয়া, চাৰিদিনীয়া আৰু পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।

   

    ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়। ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে। তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়। ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই। ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত 'বাঁহ ভঙা' কাৰ্য অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে। নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। 

হৰিপ্ৰসংগ’ত উল্লেখিত মতে সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া বা পাঁচদিনীয়া ভৰদৌল এদিন অৰ্থাৎ গন্ধ-সৌৰী (সুঁৱেৰী) মিলি তিনিদিন দৌল হ’লে ডেকা দেউল আৰু ভৰদৌল তিনিদিন হ’লে বুঢ়া দেউল। দৌলউৎসৱৰ সত্ৰীয়া পদ্ধতিখিনিৰ বাদেও সত্ৰই দূৰৰ পৰা অহা দৰ্শনাৰ্থী সকলৰ ভোজনৰ বাবে সিধা দিয়াৰ ব্যৱস্থা কৰা হয় ,আগতে দৰ্শনাৰ্থী তথা ভক্তসকলৰ মনোৰঞ্জনৰ উদ্দ্যেশে যাত্রানাটৰ আয়োজন কৰিছিল (বৰপেটা,যাত্ৰাৰ নাটত বিশেষভাৱে সুখ্যাত), বৰ্তমান কেইবছৰমান ধৰি কৰা হোৱা নাই। বৰপেটা সত্ৰৰ দৌল উৎসৱত ঘুনুচা চৰিত্ৰৰ প্ৰাসংগিকতা দেখা যায়। গতিকে ইয়াত ‘ঘুনুচা কীৰ্তন’ৰ প্ৰভাৱ মন কৰিবলগীয়া। এই দিশটোত গৱেষণাৰো প্ৰয়োজন আছে।

 দৌল উৎসৱক কেন্দ্র কৰি বৰপেটাত বিশেষ কিছু পৰম্পৰাগত খাদ্যৰো প্ৰচলন আছে। স্থানীয় মানুহৰ দোকানবোৰত ৰাঙাডিমা ভাজা (ৰঙাকৈ ভজা কণী),বগৰীৰ চপ, আলু ভাজি ।

 (কণী ভজাৰ সময়ত তেলত হালধীৰ লগত অলপ চূণ দিয়া হয়। হালধীয়ে চূণৰ সংস্পৰ্শত আহিলে সূচকৰ কাম কৰে,সেয়ে কণীটো ৰঙা হয়।)





হোলীগীতঃ- 


 হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাঁকু খেলে৷৷ অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়- ভক্তিমূলক (বৰগীত) আৰু আধুনিক৷ 

ইয়াৰ মূল বিষয়বস্তুবোৰ এনেধৰণৰ-


(১) গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা

(২) কৃষ্ণৰ গুণানুকীৰ্ত্তন

(৩) প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা

(৪) শ্ৰীকৃষ্ণৰ গোপিনীৰ সৈতে ৰাসলীলাৰ বৰ্ণনা


উদাহৰণস্বৰূপেঃ-


'গোপ গোপী সমে খেলা হুয়া আনন্দিতৰৰ


আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া৷


ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়াৰৰ


ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ৷


প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ৷৷' (মাধৱদেৱ)



'ঘেৰিয়া ঘেৰিয়া কানাই মাৰে ফিচকাৰী


ভিজি যায় ৰাধা ৰাণীৰ নীলাম্বৰী শাৰী৷' (সুশীল দাস)



'সুললিত বংশী ধ্বনি শুনি নাচে ৰাধা ৰাণী


সুবাসিত ফুল ৰেণু পুলকিত কৰে তনু৷' ( অৰ্লক দাস)




ৰঙিলী ফাগুনে পাখি মেলিছে


সখিহে, মনত ৰূপৰে মায়াৰে ছায়া মাচিছে


আজি সপোনৰ দাপোনত জিলিক লাগিছে (প্ৰসন্নলাল চৌধুৰী)



পলাশৰ ডালে ডালে


ৰঙৰ অগনি জ্বলে


মন মাতোৱাল কৰে


আবেহো-


ৰঙৰ অগনি জ্বলে৷ (ফণী তালুকদাৰ)



’আমি খেলো হোলী


হোলী ৰংগে নাচো আমি


বাহু তুলি৷’


’খেলে হোলী ৰূপবালা


হোলী খেলে কানু ক’লা


খেলে হোলী জগজনে


হৰি হৰি বুলি৷’ (প্ৰণৱ কুমাৰ দাস)










বৰপেটা চহৰক অসমৰ দ্বাৰকা, মথুৰা নগৰী বুলিলেও ভুল কোৱা নহ’ব। এই উৎসৱত অসমৰ বিভিন্ন ঠাইৰ মানুহে উলাহেৰে অংশগ্ৰহণ কৰে। ৰঙা, গুলপীয়া ৰঙৰ আবিৰে সকলোৰে মন-হৃদয় ৰঙীয়াল কৰি তোলে। কৃষ্ণৰ স্তুতি আৰু প্ৰকৃতিৰ বন্দনাৰে হোলী গীতসমূহ সুৰীয়া আৰু সৃষ্টিশীল। দৌল উৎসৱৰ দিনকেইটাত সত্ৰনগৰীখন হৈ পৰে বৈকুণ্ঠপুৰী।


By~Meghali Das 

Online Editor, SORBHOG 24

Post a Comment