মহা মূল্যৱান অশোক গছ আৰু ইয়াৰ উপকাৰিতাসমূহ।

মহা মূল্যৱান অশোক গছ আৰু ইয়াৰ উপকাৰিতাসমূহঃ


অশোক এবিধ চিৰ সেউজীয়া বহু বৰ্ষজীৱী বৃক্ষ। ইয়াৰ পাতবোৰ দীঘল আৰু পাতৰ ৰং ডাঠ সেউজীয়া। ফুলৰ ৰং ৰঙা,ঈষৎ কমলা। ইয়াৰ বাকলি আৰু ফুল,বীজ ঔষধি কামত ব্যৱহাৰ কৰা হয়।



 অশোক গছৰ পাত আৰু ফুলৰ এণ্টিঅক্সিডেণ্ট গুণ আছে । অশোক গছে জীৱাণুজনিত সংক্ৰমণৰ বিৰুদ্ধে কাম কৰিব পাৰে। অতীজতো এই গছক ঔষধি কামত ব্যৱহাৰ কৰা হৈছিল।

  প্ৰাচীন কালৰে পৰা অশোক গছক হিন্দুসকলে পৱিত্ৰ বৃক্ষ হিচাপে জ্ঞান কৰে।



অশোকৰ কিছুমান ঔষধি গুণঃ


১। মাহেকীয়াৰ সময়ত হোৱা তলপেটৰ তীব্ৰ বিষ আৰু শৌচ লগা, বমি ইত্যাদি সমস্যাৰ কাৰণে অশোকৰ ছাল থেতিলিয়াই গৰম পানীৰ সৈতে গাখীৰেৰে উতলাই খালে উপশম পোৱা যায়।


২। অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা হ্ৰাস কৰে। এইবোৰে বন্ধ্যাত্বৰ সমস্যাও হ্ৰাস কৰে।


৩। জৰায়ুৰ বিভিন্ন ৰোগৰ বাবে অশোকৰ ছাল উপকাৰী।


৪। পাথৰি ৰোগত অশোকৰ ছালৰ গুড়ি, পানীৰে খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে।


৫। অশোকৰ ছাল শ্বেত প্ৰদৰ/বগাস্ৰাৱ ৰোগৰ বাবেও উপকাৰী। ইয়াৰ ছালৰ গুড়ি আধা গ্ৰামৰ লগত অকণমান জেতুকাৰ ৰস মিহলাই দিনে ১-২ বাৰকৈ খালে উপকাৰ পোৱা যায়।


৬। অৰ্শৰোগ বা কেঁচুমূৰীয়া বা পাইলছ হ'লে, বহুলোকে শৌচৰ দ্বাৰা ৰক্তক্ষৰণ কৰে। অশোক ফুলৰ সৈতে সামান্য পৰিমাণৰ পানী মিহলি কৰি খালে এই সমস্যাটো হ্ৰাস কৰিব পাৰি।


৭। ছাল নিমজ কৰিবলৈ অশোকৰ গুটি থেতেলিয়াই ৰস উলিয়াই লগালে ৰুক্ষ ছাল নিমজ হয়, ছালৰ উজ্জ্বলতা বৃদ্ধি হয়।


৮। প্ৰতিদিনে অশোকৰ বাকলিৰে তৈয়াৰ কৰা পানীয় খালে গৰ্ভধাৰণৰ ক্ষমতা বৃদ্ধি হয়। 


৯। অশোকৰ ছালৰ গুড়ি খালে হৃদৰোগৰ আশংকাও হ্ৰাস হয়।


১০। অশোকৰ ছাল থেতিলিয়াই গৰম পানীত এবাটি তিয়াই পুৱা সেইখিনি চেকি সেই পানী ২-৩ চামুচকৈ খালে বুকুৰ ধপধপনি কমে। 


১১। যদি আপোনাৰ উশাহ চুটি হয়, আপুনি পাণেৰে অশোকৰ বীজ চোবাব পাৰে।


১২। যদি ৰক্তক্ষৰণৰ সমস্যা হয়, অশোকৰ বাকলি গৰম পানীত উতলাই খালে ৰক্তক্ষৰণ হ্ৰাস হয়।


১৩। অশোকৰ ছালে কৃমিৰ সমস্যাও হ্ৰাস কৰে।


১৪। জুয়ে পুৰিলে অশোক গছৰ ছালৰ লেপ তৈয়াৰ কৰি পোৰা অংশত লগালে আৰাম পোৱা যায়।


১৫। অশোক গছৰ ছালৰ ৰসে এলাৰ্জিৰ সমস্যা হ্ৰাস কৰে।


১৬। অশোকৰ ছালৰ ৰসে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।



  হিন্দু সমাজৰ কিছুমান ৰীতি-নীতিত অশোক ষষ্ঠিত অশোক ফুলৰ বীজ খোৱাৰ প্ৰথা আছে। অশোক ফুল বা বীজ খোৱাটো কেৱল এক পৰম্পৰা নহয়, ই আয়ুৰ্বেদৰ সৈতেও সম্পৰ্কিত।


Post a Comment