প্ৰাচীন বৰনগৰ বা বৰ্তমানৰ সৰভোগৰ কিছু তথ্য
১) কোঁচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী বৰনগৰ, বৰ্তমান ইয়াৰ নাম সৰভোগ ৷
২) প্ৰায় ৬০০ বছৰ পুৰণি শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান যত হাজাৰ হাজাৰ ভক্ত সকলে প্ৰতিদিনে আহি ইয়াত সুন্দৰভাবে জিৰণি লব পাৰে নতুবা তীৰ্থযাত্ৰী সকলে অতি সুন্দৰকৈ ইয়াত ৰাতিৰ অতিথি হব পৰা সকলো সুবিধা আছে।
৩) নৰনাৰায়ণ ৰজাৰ সময়ত নিৰ্মাণ কৰা ঐতিহাসিক গোহাঁই কমল আলি,ৰাজা ধিপ ৷
৪) ব্ৰিটিছৰ সময়ত নিৰ্মান কৰা বিমান ঘাটিৰ চিহ্ন, বেকিৰ ফিল্ড,সৈন্য বাহিনী থকা ঘৰ ৷
৫) ভাৰতৰ একমাত্ৰ ৰিহা গৱেষণা কেন্দ্র,যত প্ৰায় ৫০০ বিঘাৰ অধিক মাটি আজিও আছে ৷
৬) ১৮০০ শতিকাৰ চকচকা জামে মছজিদ ৷
৭) ঘিলাজাৰ সত্ৰ, ময়নবৰী সত্ৰই আজিও ইয়াৰ ইতিহাসৰ সাক্ষী।
৮)১৯২১ চনত জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীয়ে পদাৰ্পন কৰি এই ঠাই।
৯) দেশী - বিদেশী পৰিভ্ৰমী চৰাইয়ে আজিও আকৰ্ষণ কৰা বৃহৎ সৰভোগ বিল (প্ৰায় ৫৫০ বিঘা মাটি) ৷
১০) ইতিহাসপ্ৰসিদ্ধ কালী মন্দিৰ ৷
১১) বাৰেগাওঁ নাথ পাৰাত থকা ১৮২৬ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা" মা মনসা দেৱী"ৰ মন্দিৰ ৷
১২) অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জন্ম স্থান ,(যত ভট্টদেৱৰ নামত আজিও ২০ বিঘা মাটি ঘুগুবাৰী বা ভেৰাগ্ৰমত সংৰক্ষিত হৈ আছে।
১৩) অসমৰ বিশিষ্ট কৌতুক শিল্পী প্ৰফেছাৰ ৰাৱণ নাথৰ জন্মস্থান,ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰু দেৱে তেখেতক স্বীকৃতি দি গৈছিল।
১৪) সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ কৰ্মস্থল,যিয়ে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা সামৰিক ঘাটি ধ্বংস কৰি ইয়াৰ পৰা খেদি পঠিয়ায়।লগতে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰু সহ অভিনয়ৰ বাটকটীয়া।
১৫) চলচ্চিত্ৰ পৰিচালক ফণী তালুকদাৰৰ জন্ম।
১৬) বৰপেটা সত্ৰৰ ইতিহাস ৰচনা কৰা গোকুল পাঠকৰ জন্ম স্থান।
১৭) বৰনগৰৰ "কানিয়া বাথান ।যত দেশভক্ত তৰুণৰাম ফুকন আৰু নন্দমোহন মজুমদাৰৰ নেতৃত্বত বিলাতী কাপোৰ বৰ্জন কৰি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।
১৮)১৯৩৩ চনত সৰভোগত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ দেৱে " মনোমতী" উপন্যাস বৰনগৰক কেন্দ্ৰ কৰি লিখি উলিয়াইছিল।
১৯) এই অঞ্চলতে নাৰায়ণ দাস ঠাকুৰ আতাৰ জন্ম।২০)আৱাহন আলোচনীৰ বিশিষ্ট সাহিত্যিক চিন্তাহৰণ পাটগিৰিৰ কৰ্মভূমি।তেওঁৰ "প্ৰাচীন বৰনগৰ"উল্লেখযোগ্য অৱদান।
২১)অসমীয়া জীৱনী সাহিত্যৰ বিশিষ্ট সাহিত্যিক ড০নন্দ তালুকদাৰৰ জন্ম।
২২)প্ৰতিষ্ঠিত ৰাজনীতিবিদ, বিধায়ক ঘনশ্যাম তালুকদাৰ, বিশিষ্ট বুদ্ধিজীৱী হেমেন দাস,উদ্ধব বৰ্মনৰ জন্ম।
২৩) প্ৰতিষ্ঠিত বোলছবি পৰিচালক/অভিনেতা দুলাল ৰয়ৰ জন্ম।
২৪) এই বৃহৎ অঞ্চলত ভাৰতীয় সামৰিক বাহিনীৰ হাজাৰ হাজাৰ লোকৰ জন্মভূমি
২৫) সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোড এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ।
আমি জনাত এই ধৰণৰ অজস্ৰ তথ্যৰে প্ৰাচীন বৰনগৰ বা আজিৰ সৰভোগ এক সমন্বয়ৰ সেতুহৈ জিলিকি আছে। যাৰ কিছু তথ্য আমি দাঙি ধৰিলো।
এই অঞ্চলত আজিও বিভিন্ন ভাষা- ভাষীৰ লোক চাৰিওফালে বিৰাজমান কোঁচ, কলিতা , ৰাজৱংশী, নাথ যোগী, কেওঁট , বঙালী,বিহাৰী, মাৰোৱাৰী, নেপালী, বড়ো, গৰীয়া মৰীয়া ইত্যাদি।
ইয়াৰ জলবায়ু সকলোৰে বাবে উপযোগী,ইয়াৰ মাজেৰে বৈ গৈছে বিশাল বেকী নদী,কাষত ভূটান পাহাৰ।
এই অঞ্চলৰ মূল জীৱিকা খেতি -বাটি, ।ইয়াৰ "বাথান "সমূহৰ গাখীৰৰ বাবে প্ৰাচীন কালৰ পৰাই সকলোৰে জ্ঞাত।ইয়াৰ সৰভোগ ষ্টেচন অসমৰ প্ৰাচীন ষ্টেচন ( মাটিকালি প্ৰায় ৫০০ বিঘাৰ ওপৰ,) স্বাধীনতা আন্দোলনৰ চিহ্ন "গান্ধী ভৱন" আৰু "বৰনগৰ চক্ৰ বিষয়ৰ কাৰ্যালয়" বহু প্ৰাচীন।
ইতিহাসপ্ৰসিদ্ধ এই ঠাই অসমৰ ভাষা সাহিত্য , সংস্কৃতিৰ উল্লেখযোগ্য অৱদানেৰে পৰিপূৰ্ণ অঞ্চল।
#এইক্ষেত্ৰত চৰকাৰে এই সৰভোগ সমষ্টি বিলুপ্ত কৰাৰ কাৰ্য ই ইয়াৰ প্ৰাচীন ইতিহাসৰ উজ্বল ৰত্ন সকলক আঘাত দিয়াৰ উপৰি ইয়াৰ সহজ সৰল ৰাইজে হয়তো কোনো দিনে ইয়াক মানি লব নোৱাৰে। অতি শীঘ্ৰে সৰভোগ সমষ্টিক বিলুপ্ত নকৰি সৰভোগ সমষ্টি কৰাত যদি আপত্তি আছে "বৰনগৰ "সমষ্টি নামাকৰণ কৰিবলৈ আমি দাবী জনালোঁ।
তেতিয়াহলে ইতিহাস প্ৰসিদ্ধ প্ৰাচীন বৰনগৰ সকলোৰে মাজত জিলিকি থাকিব।
প্ৰাচীন বৰনগৰৰ মানচিত্ৰ:
লেখক:: কাব্যনীল, সৰভোগ