সৰভোগৰ ধৰ্মপ্ৰাণা মহিলা ইৰাৱতী দাস মেধিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ
সৰভোগ, ১১ জুনঃ
সৰভোগৰ শ্ৰীমন্ত শংকৰদেৱ সোঁৱৰণী সংঘৰ সদস্যা ইৰাৱতী দাস মেধিয়ে ৭৫ বছৰ বয়সত আজি পুৱা ৯-৪৫ বজাত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। সৰভোগ টাউন এম.ই স্কুলৰ প্ৰাক্তন শিক্ষয়িত্ৰী ইৰাৱতী দাস মেধি দীৰ্ঘদিনে হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ আছিল। আজি ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে অঞ্চলজুৰি শোকৰ ছাঁ পৰে। তেখেতৰ মৃত্যুত সৰভোগৰ শ্ৰীমন্ত শংকৰদেৱ সোঁৱৰণী সংঘ, ক্লাব হিল্লোল, বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা, ৰিদম সামাজিক-সাংস্কৃতিক গোষ্ঠী আদি অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ইৰাৱতী দাস মেধিয়ে মৃত্যুৰ সময় দুই পুত্ৰ, বোৱাৰী, নাতি-নাতিনীৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
Published & Edited By- Mrinmay Nath
Reported By- Sanjay Kr. Das