![]() |
ভিডিঅ' নিউজ চাবলৈ ফটোখনত ক্লিক কৰক |
পথ দুর্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী
কথমপি প্ৰাণ ৰক্ষা চাইকেল আৰোহী সৰভোগৰ শ্বৰিফুল আলীৰ
সৰভোগ, ১৬ জুনঃ সৰভোগ থানাৰ অন্তৰ্গত দক্ষিণ গণকগাড়ী গাঁৱৰ গড়কাপ্তানী পথত আজি নিশা প্ৰায় ৮ বজাত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। জানিব পৰা মতে, এ.এছ ১৫ ডব্লিউ ২০৬৬ নম্বৰৰ তীব্রবেগী বাইক এখনে সেই সময়ত পথেৰে আহি থকা এখন চাইকেলত খুন্দা মাৰি এটা খাৱৈত ছিটিকি পৰে। ফলত বাইক আৰোহী কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ ছায়েদ আলীৰ পুত্ৰ চামিন আলী(ৰাজা) আৰু শ্বৰিফুল ইছলামৰ পুত্ৰ মফিদুল আলী(বাবু)য়ে খাৱৈত পৰি কৰুণ মৃত্যুক সাৱটি লয়। ইপিনে, আন এজন বাইক আৰোহী বিজনীৰ চাইদুল ইছলাম আৰু চাইকেল আৰোহী সৰভোগৰ গেল্লেপাৰা গাঁৱৰ শ্বৰিফুল আলী (৬৩) গুৰুতৰভাৱে আহত হয়। আহত শ্বৰিফুল আলীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে কলগাছিয়াৰ বলাইপাথাৰৰ পৰা সৰভোগলৈ ফুৰিব আহিছিল তিনি যুৱক।
Published By- Mridusman Nath
Reported By- Mrinmay Nath & Sanjay Kr Das
Edited By- Pritisha Goswami
©SORBHOG 24