নাৰী শিক্ষাৰ প্ৰচাৰ আৰু বিকাশত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ভূমিকা
সমাজত নাৰীসকলৰ শিক্ষাৰ বিকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ এক যোগাত্মক স্থিতি আছিল। তেওঁ অথৰ্ববেদ ১১.৫.১৮ আৰু অশ্বলায়ন সূত্ৰৰ দৰে গুৰুত্বপূৰ্ণ বৈদিক মন্ত্ৰ আৰু সূত্ৰসমূহক উনুকিয়াই উল্লেখ কৰিছিল যে নাৰীক কেৱল বেদ অধ্যয়ন আৰু আবৃত্তিৰ অনুমতি দিয়াই নহয়, সেই কৰ্মবোৰক উৎসাহিতও কৰা হৈছিল।
মহৰ্ষিয়ে কৈছিল যে বেদ কেৱল মাত্ৰ পুৰুষৰ বাবে নহয়, ই সকলো মানুহৰ বাবে সৃজন কৰা হৈছে।
তেওঁ যুক্তি দিছিল যে ঈশ্বৰে যেনেকৈ পৃথিৱী, পানী আৰু অন্যান্য প্ৰয়োজনীয় বস্তুবোৰ সকলোৰে বাবে সৃষ্টি কৰিছে, সেইদৰে বেদো লিংগ নিৰ্বিশেষে সকলোৰে বাবে ৰচনা কৰা হৈছে।
তেওঁ কৈছিল যে প্ৰাচীন গ্ৰন্থত উল্লিখিত যজ্ঞৰ দৰে ধৰ্মীয় অনুষ্ঠানত সম্পূৰ্ণৰূপে আৰু অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰিবলৈ নাৰীসকলো বেদত সমানে শিক্ষিত হ’ব লাগিব
১৮৭৫ চনত তেওঁ আৰ্য সমাজ প্ৰতিষ্ঠা কৰি তাৰ জৰিয়তে তেওঁৰ অনুগামীসকলে এনে বিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰে য’ত ছোৱালীয়ে বেদকে ধৰি হিন্দু শাস্ত্ৰ অধ্যয়ন কৰিব পাৰে। যি সময়ত মহিলাৰ শিক্ষা বিৰল আছিল, সেই সময়ত এইটো আছিল এক আমূল পদক্ষেপ, আৰু য়ে পিছলৈ মহিলাসকলে ৰাজহুৱাভাৱে বৈদিক আবৃত্তি আৰু বৈদিক অনুষ্ঠান পৰিৱেশনৰ ভেটি স্থাপন কৰিছিল।
উল্লেখনীয় যে সেই সময়ত নাৰীসকলৰ অধিকাংশই কেৱল মাত্ৰ ঘৰুৱা দায়িত্ব আৰু কৰ্ম সামৰিয়েই নিজা ভূমিকা পালন কৰি জীৱন যাপন কৰিব লগা হৈছিল।
ঘৰৰ চাৰিসীমাতে আবদ্ধ হৈ সকলো প্ৰকাৰৰ আনুষ্ঠানিক শিক্ষা লাভৰ পৰা তেওঁলোক বঞ্চিত আছিল। মহৰ্ষি দয়ানন্দই বৈদিক শাস্ত্ৰৰ উদ্ধৃতি দি যুক্তি প্ৰদান কৰিছিল যে “শিক্ষা নাৰীকে ধৰি প্ৰতিজন মানুহৰ বাবে জন্মগত অধিকাৰ। ‘’
তেওঁ বৈদিক যুগৰ বিদুষী মহিলাৰ উদাহৰণ আগত ৰাখি উল্লেখ কৰিছিল, য’ত অপলা, ঘোষা, মৈত্ৰেয়ী, পুষ্প, লোপামুদ্ৰাৰ দৰে মহিলাই সকলো তৰ্ক- বিতৰ্কত পুৰুষৰ সমানেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু ধনুৰ্বেদ (যুদ্ধজ্ঞান) আৰু বৈদিক আচাৰ-অনুষ্ঠানৰো শিক্ষা লাভ কৰিছিল।
মহৰ্ষি দয়ানন্দৰ শিক্ষাৰ এনে ধাৰণাৰ পৰা অনুপ্ৰাণিত হৈ আৰ্য সমাজৰ এগৰাকী অন্যতম সৰবৰহী ব্যক্তি লালা মুন্সি ৰাম (পৰৱৰ্তী সময়ত স্বামী শ্ৰদ্ধানন্দ)ৰ এটি জনপ্ৰিয় ঘটনাৰ উল্লেখ কৰিব পাৰি।
যেতিয়া তেওঁৰ আন্দোলনৰ ভিতৰত নাৰী শিক্ষাৰ প্ৰসাৰৰ আঁৰৰ গুৰুত্বতা আৰু প্ৰেৰণাক চিত্ৰিত কৰি তেওঁৰ কন্যাই খ্ৰীষ্টান মিছনেৰী স্কুলৰ দ্বৈত কাহিনী এটা আবৃত্তি কৰি যীচুক হিন্দু দেৱতাৰ সমতুল্য বুলি প্ৰশংসা কৰা শুনিছিল, তেতিয়া তেওঁ হিন্দু ছোৱালীৰ ওপৰত মিছনেৰী শিক্ষাৰ ধৰ্মান্তৰকৰণমূলক প্ৰভাৱ পৰিব বুলি যথেষ্ট ভয় খাইছিল।
পৰৱৰ্তী এই কাণ্ডই আৰ্য সমাজক এনেকুৱা ছোৱালী বিদ্যালয় স্থাপন কৰিবলৈ প্ৰেৰণা যোগাইছিল যিয়ে বৈদিক সংস্কৃতি আৰু মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব।
যাতে কোনো হিন্দু ছোৱালী ধৰ্মান্তৰকৰণ নহয় বা নিজা সাংস্কৃতিক পৰিচয় হেৰুৱাব নালাগে।
লালা দেৱৰাজে প্ৰতিষ্ঠা কৰা জলন্ধৰৰ কন্যা মহাবিদ্যালয় (ছোৱালী উচ্চ বিদ্যালয়) এই আন্দোলনৰ পৰা জন্ম হোৱা অন্যতম সফল আৰু উদ্ভাৱনীমূলক প্ৰতিষ্ঠান আছিল বুলি জনা যায়।
মহৰ্ষি দয়ানন্দৰ নাৰী শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত দৃষ্টিভংগী আছিল যে মহিলাসকলে প্ৰধানতম দুবিধ শিক্ষা লাভ কৰিব লাগে।
সেয়া হৈছে পুৰুষৰ দৰেই সাধাৰণ শিক্ষা (সকলো বিষয়, গণিত ভাষা ব্যাকৰণ আদি) আৰু ঘৰুৱা ব্যৱস্থাপনা, (যত সন্তান লালন-পালন, আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত বিশেষ শিক্ষা থাকিব)।
এনেদৰে শিক্ষিত মহিলাই সমাজৰ উন্নতি সাধন কৰিব পাৰিব আৰু বৈদিক যুগত নাৰীয়ে এসময়ত যি মৰ্যাদা লাভ কৰিছিল, সেই মৰ্যাদা পুনৰ ঘূৰাই আনিব পাৰিব সক্ষম হ’ব বুলি তেওঁ গুৰুত্ব আৰোপ কৰিছিল।
তেওঁ বাল্যবিবাহ আৰু বহুবিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰোধিতা কৰিছিল, ন্যূনতম বিবাহ বয়স আৰু বৈদিক নিষেধাজ্ঞাৰ ওপৰত ভিত্তি কৰি এক পত্নীত্বৰ পোষকতা কৰিছিল।
মহৰ্ষি দয়ানন্দৰ নাৰী শিক্ষাৰ পোষকতা বৈদিক পৰম্পৰাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল আৰু তেওঁৰ প্ৰভাৱৰ ফলত আৰ্য সমাজৰ ভিতৰত ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হৈছিল।
ইয়াৰ লক্ষ্য আছিল নাৰীক সাংস্কৃতিক আৰু বৌদ্ধিকভাৱে সবলীকৰণ কৰাৰ লগতে তেওঁলোকৰ ধৰ্মীয় পৰিচয় ৰক্ষা কৰা, যিয়ে ১৯ শতিকাৰ ভাৰতত এক উল্লেখযোগ্য সংস্কাৰৰ সূচনা কৰিছিল।
মহৰ্ষি দয়ানন্দৰ শিক্ষা দৰ্শন আজিও বহুত প্ৰাসংগিক। তেওঁ শিক্ষা ব্যৱস্থাত যুক্তি, বৈজ্ঞানিক মনোভাৱ, নৈতিকতা, আৰু সমতা প্ৰধান স্থান দিছিল।
মহৰ্ষি দয়ানন্দে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অজ্ঞতাৰ বিপক্ষে যুক্তি আৰু বিজ্ঞানক আগবঢ়াইছিল, যি আজিৰ শিক্ষাৰো এক অন্যতম উদ্দেশ্য।
তেওঁ নাৰী-শিক্ষা আৰু সমান অধিকাৰৰ ওপৰত জোৰ দিছিল। ই সমাজ উন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
মহৰ্ষি দয়ানন্দে নৈতিক আৰু মূল্যবোধৰ শিক্ষা আহৰণৰ ওপৰত গুৰুত্ব দিছিল।
কেৱল পুথিগত নহয়, মানৱিক, সামাজিক আৰু নৈতিক বিকাশৰ ওপৰত তেওঁ গুৰুত্ব দি সৰ্বাঙ্গীণ বিকাশৰ দিশত মনোযোগ দিছিল।
মহৰ্ষি দয়ানন্দৰ শিক্ষা দৰ্শনে আজিও সমাজৰ উন্নতি, নাৰী মুক্তি, আৰু বিজ্ঞান-যুক্তিনিষ্ঠ চিন্তাধাৰা গঢ়ি তুলিবলৈ অনুপ্ৰেৰণা যোগাই আছে।
তেওঁ নাৰী শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা আনিছিল।
তেওঁ বিশ্বাস কৰিছিল, নাৰী শিক্ষিত হ’লে সমাজ উন্নত হয় আৰু নাৰী-নিৰ্যাতন, বাল্যবিবাহ, পত্নীবঞ্চনা, পণ প্ৰথা আদি কুৰীতিও অনায়াসে দূৰ হ’ব।
তেওঁ বেদ অধ্যয়ন, যজ্ঞত অংশগ্ৰহণ, আৰু উচ্চ শিক্ষাৰ অধিকাৰ নাৰীৰ জন্মগত অধিকাৰ বুলি ঘোষণা কৰিছিল। মহৰ্ষি দয়ানন্দৰ দৃষ্টিত নাৰী শিক্ষা সমাজ গঠনৰ মূল আধাৰ, আৰু তেওঁ নাৰীৰ পূৰ্ণ মুক্তি, সমান অধিকাৰ আৰু আত্মসম্মানৰ বাবে সদায় সংগ্ৰাম কৰিছিল।
যদিও মহৰ্ষিয়ে “সত্যৰ্থ প্ৰকাশ’’ আদি গ্ৰন্থত শিক্ষা আৰু পাঠ্যক্ৰমৰ বিষয়ে বহু কথা লিখিছিল, তথাপি তেওঁৰ জীৱনৰ অধ্যয়নত প্ৰকাশ পাইছে যে তেওঁ নাৰী শিক্ষাৰ ওপৰত এখন সুকীয়া গ্ৰন্থ লিখিব বিচাৰিছিল। নাৰী শিক্ষাৰ সেই গুৰুত্বপূৰ্ণ গ্ৰন্থখন লিখিব নোৱাৰি তেওঁ মৃত্যুবৰণ কৰিলে যি সমগ্ৰ দেশৰ বাবেই এক পূৰণ কৰিব নোৱাৰা দুৰ্ভাগ্য।
তেওঁ নাৰীক কি বিশেষ শিক্ষা দিব বিচাৰিছিল, সেইবোৰ হয়তো তেওঁৰ আৰ্য্যউদ্দেশ্য ৰত্নমালাৰ দৰে সৰু গ্ৰন্থৰ পৰা আৰম্ভ কৰি বেদভাষ্যৰ দৰে বিস্তৃত গুৰুত্বপূৰ্ণ গ্ৰন্থলৈকে বিতংভাৱে গোটাই ল’ব পৰা গ’লহেঁতেন।
মহৰ্ষিৰ বেদ টীকাৰ উপ-অৰ্থবোৰ চাই। সহজে বুজিব পৰা যায় যে বেদৰ অৰ্থৰ জৰিয়তে তেওঁ নাৰীৰ কৰ্তব্যসমূহ সামগ্ৰিকভাৱে ক’ব বিচাৰে, যি আক্ষৰিক অৰ্থতেই হওক বা উপ-অৰ্থতেই হওক। যেনে- বেদৰ এটা বা দুটা অৰ্থ এই চুটি লেখাটোত উপস্থাপন কৰা হৈছে। মন্ত্ৰটো হ’ল-
“ব্যান্দ্যবিয়াপ অবিতস্বাদ কৃষ্ণ নিৰিনিজম দেৱ।
প্ৰবোধযন্তয়ৰুণভিৰশ্ববৈৰোষ যতি সুজুজা ৰথেন। ‘’ (ঋকবেদ ১.১১৩.১৪)
এই মন্ত্ৰত ৰাতিপুৱাৰ সময়, উষাকালৰ বৰ্ণনা কৰা হৈছে, কিন্তু মহৰ্ষি দয়ানন্দই মন্ত্ৰৰ অৰ্থ এইদৰে দাঙি ধৰিছে—
”যেনেকৈ ৰাতিপুৱাৰ ৰশ্মি সকলো দিশত বিয়পি পৰে, ঠিক তেনেদৰে নাৰীসকলো জ্ঞানেৰে বিয়পি পৰিব লাগে। যেনেকৈ প্ৰভাত নিজৰ উজ্জ্বলতাৰে জিলিকি উঠে আৰু সুন্দৰ হয়, ঠিক সেইদৰে এই ছোৱালীবোৰেও নিজৰ বিনয়, অন্যান্য গুণ আৰু সুন্দৰ ৰূপেৰে জিলিকি উঠিব লাগে। এই ৰাতিপুৱাই যেনেকৈ পোহৰ বিয়পাই দিয়ে। যিয়ে আন্ধাৰ আঁতৰায়, ঠিক তেনেদৰে এই ছোৱালীবোৰে অজ্ঞানতাৰ পৰা মুক্তি পাব লাগে আৰু সদায় জ্ঞান আহৰণ শিক্ষালাভ আদিৰ দৰে শুভ গুণেৰে আলোকিত হ’ব লাগে।”
এই বক্তব্যত নাৰী শিক্ষাৰ প্ৰতি থকা সজাগতা স্পষ্টকৈ প্ৰতিফলিত হৈছে যে কন্যাক শিক্ষিত কৰি তুলিব লাগে আৰু সমাজৰ অন্ধবিশ্বাস আৰু ভণ্ডামি দূৰ কৰিবলৈ দায়বদ্ধ হ’ব লাগে।
আন এটা মন্ত্ৰত ঋষিয়ে নিজৰ উপ-অৰ্থৰ যোগেদি ‘বিশ্বৱৰ’ শব্দটোৰ জৰিয়তে নাৰীৰ সামাজিক গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰি ‘সমগ্ৰ জগতক কল্যাণ প্ৰদান কৰাজন’বুলি অভিষিত কৰি নাৰীৰ উৎকৃষ্ট মৰ্যাদা আৰু সন্মান অবিহনে সমাজ আৰু জাতিৰ কোনো মৰ্যাদা থাকিব নোৱাৰে সেই সম্পৰ্কত মত আগবঢ়াইছে। সেই শ্লোকটোএনেধৰণৰ-
“মাতা দেৱনামদিতেৰনিকম যাগ্যস্যা কেতুবৃহতি বিভাহি। প্ৰসাস্তিকৃদ ব্ৰহ্মনে ন’ ব্যুচ্চালৈ জনয় জনয় বিশ্বৱাৰলৈ। ‘’
(ঋকবেদ ১.১১৩/১৯)
নাৰীৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ তেতিয়াহে সমাধান হ’ব পাৰে যেতিয়া নাৰীজন শিক্ষিত হ’ব, সেয়েহে তেওঁৰ বাবে পণ্ডিত হৈ বিশ্ববৰা হোৱাটো অতি প্ৰয়োজনীয়, এইটোৱেই ইয়াৰ অন্তৰ্নিহিত অৰ্থ।
মহৰ্ষি দয়ানন্দই বেদৰ টীকাৰ জৰিয়তে এগৰাকী আদৰ্শ পত্নী আৰু কৰ্তব্যপৰায়ণ মাতৃৰ স্বভাৱৰ ওপৰতো মত প্ৰকাশ কৰিছে।
বিশ্ব নাৰী সন্মিলনেই হওক বা পৰিয়ালৰ গৃহিণীৰ সমস্যাই হওক, নাৰী জাগৰণৰ ক্ষেত্ৰত মহৰ্ষি দয়ানন্দৰ স্থান অনন্য আৰু অতুলনীয়।
হাজাৰ হাজাৰ বছৰ ধৰি পুৰুষতান্ত্ৰিক সমাজৰ অত্যাচাৰ তথা দমনে এগৰাকী নাৰীৰ চিঞৰ আৰু হুমুনিয়াহক হেচি ধৰি প্ৰাপ্য সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখি আহিছিল। মহৰ্ষি দয়ানন্দই সেই চিৎকাৰ কেৱল শুনাই নহয়, গভীৰভাৱে অনুভৱ কৰি এদিন অস্থিৰভাৱে খোজ কাঢ়ি থকা দেখি, তেওঁৰ অনুগামী কেইগৰাকীমানে সুধিলে - মহাৰাজ! আজি কিবা কষ্ট আছে নেকি যিয়ে আপোনাক এনেকৈ আমনি কৰি আছে? ‘’
ঋষিয়ে মাত্ৰ এটা কথা কৈছিল-
”বিধৱাৰ হৃদয় বিদাৰক কান্দোন আৰু নিষ্পাপ জীৱ হত্যাৰ জঘন্য পাপতকৈও ডাঙৰ যন্ত্ৰণা থাকিব পাৰেনে?” ঋষিৰ এই কথাবোৰত নাৰীৰ প্ৰতি থকা গভীৰ সহমৰ্মিতা আৰু প্ৰতিটো নিষ্পাপ জীৱহত্যাৰ দুঃখ স্পষ্ট হৈ পৰিছে।
এই কথাত তেওঁ পীড়িত নাৰীসকলৰ দুখ আৰু দুৰ্দশাৰ বিষয়ে বুজাই কৈছিল যে, বিধৱা হোৱা নাৰীসকলে সমাজত অতি গভীৰ বেদনা আৰু অসহায়তাৰ সন্মুখীন হয়। তেওঁলোকে নিজৰ ইচ্ছা-আকাঙ্ক্ষা, সুখ-দুখ সকলো সমাজৰ কঠোৰ নিয়মৰ মাজত বলি দিব লগা হয়। বিশেষকৈ স্বামীহীন হোৱা পিছত, তেওঁলোকৰ জীৱনটো বগা সাজ, নিঃসঙ্গতা আৰু সামাজিক বঞ্চনাৰে ভৰি পৰে। হাঁহি-কথা কোৱা, আনন্দত ভাগ লোৱা সকলোতে বাধা থাকে। এইবোৰ কথাৰ জৰিয়তে নাৰীসকলৰ দুখ, অসহায়তা আৰু সমাজৰ নিৰ্মমতা স্পষ্টকৈ প্ৰকাশ পাইছে। তাৰ পৰা পৰিত্ৰাণৰ বাবে নাৰীসকল শিক্ষিত হবই লাগিব’’।
[উৎস: উৰুধৰা নাৰী (নাৰী সত্যৰ এক চিৰন্তন ৰূপ) লেখিকা: সন্মানীয় আচাৰ্য ড° প্ৰজ্ঞা দেৱী জী, পানীনি বালিকা মহাবিদ্যালয়, বাৰাণসী, পৃষ্ঠা নং ৪৪-৪৭, উপস্থাপন: ৰণবীৰ আৰ্য, হায়দৰাবাদ]
তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আৰ্য সমাজে সমৰ্থন কৰা নীতি আৰু সংস্কাৰে ভাৰতৰ আধুনিক সামাজিক ন্যায় আন্দোলনসমূহক প্ৰভাৱিত কৰি আহিছে। ই লিংগ সমতাৰ প্ৰাৰম্ভিক পোষকতা কৰি দেশত ভৱিষ্যতে নাৰীবাদী আন্দোলনৰ ভিত্তি স্থাপন কৰিছিল।
নৈতিক শিক্ষাৰ ওপৰত ইয়াৰ গুৰুত্বই মহিলা সবলীকৰণৰ দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছিল যিয়ে সামাজিক দায়বদ্ধতা আৰু সততা বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ভাৰতত মহিলাৰ অধিকাৰ আৰু শৈক্ষিক সংস্কাৰৰ বাবে চলি থকা প্ৰচেষ্টাত সাম্প্ৰতিক সময়তো আৰ্য সমাজৰ ভূমিকা অতি লেখত ল'বলগীয়া ৷
✍️ পুষ্পাঞ্জলি শিৱমশৰ্মা
জালুকবাৰী(সুন্দৰবৰী)
গুৱাহাটীঃ ৭৮১০১৪
যোগাযোগঃ ৮৪৮৬৮৯৪৯১৬