আত্ম-জ্ঞানৰ ভিত্তিত ৰাজযোগৰ অভ্যাস
মানৱ জীৱনৰ সাম্প্ৰতিক অৱস্থা পৰ্যবেক্ষণ কৰিলে স্পষ্ট হয় যে, এক গভীৰ সংকটৰ যুগত আমি প্রবেশ কৰিছোঁ। কিছু দশক আগলৈকে যি শুদ্ধতা, সুস্থতা আৰু সজীৱতা সমাজ জীৱনত দেখা গৈছিল, বৰ্তমান সময়ত তাৰ লেশমাত্রো দেখিবলৈ পোৱা নাযায়। মানৱৰ মনোজগতত এক অচিন্তনীয় বিশৃঙ্খলতাৰ বিৰাজ কৰিছে। বায়ুমণ্ডল কেৱল দৈহিকভাৱে নহয়, মানসিক আৰু আত্মিকভাৱেও বিষাক্ত হৈ পৰিছে। জীৱনত সুখৰ আভাসো নাই, মানুহে মাথোঁ ভয়, নিৰাশা, দুৰাশা, চিন্তা আৰু উদ্বেগৰ ভাৰ বহন কৰি আগবাঢ়ি আছে। সাম্প্ৰতিক সমাজত যি অপসংস্কৃতিৰ উথান ঘটিছে, তাৰ ফলস্বৰূপেই মানুহে দেহপূজাৰ বাহানা লৈ ধৰ্ম, নীতি, আদৰ্শ, মৰ্যাদা আদি মানৱিক গুণবোৰ হেৰুৱাই পেলাইছে। শালীনতা, ভদ্ৰতা, শুদ্ধতা আৰু আত্মিক সৌন্দৰ্যৰ স্থানত অহিংস্ৰতা, অশ্লীলতা, স্বাৰ্থ আৰু ভোগবাদিতাই স্থান দখল কৰিছে। সম্পর্কবোৰত নিষ্কলংক প্ৰেমৰ সলনি সন্দেহ, অবিশ্বাস আৰু বিশ্বাসঘাতকতা অধিক প্ৰবল হৈছে। ধৰ্ম-নীতিৰ সলনি ধনলাভকেই জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি গণ্য কৰি মানুহে নিজৰ আত্মিক উন্নতিৰ প্ৰতি উদাসীন হৈ পৰিছে। ভ্ৰষ্টাচাৰ, ব্যভিচাৰ আৰু পাপাচাৰত লিপ্ত হৈ মানুহে নিজৰ মনুষ্যত্ব হেৰুৱাই পেলাইছে। সংসাৰৰ এই দুঃখজনক পৰিণতিৰ মূল কাৰণ হ’ল—আত্ম-জ্ঞানৰ অভাৱ। বেদ, উপনিষদ আদি শাস্ত্ৰসমূহত যি চিৰন্তন সত্য শিক্ষা দিয়া হৈছে, সেয়া অস্বীকাৰ কৰি, মানুহে তথাকথিত আধুনিকতাৰ নামত অন্ধবিশ্বাস আৰু ভ্ৰান্ত মতবাদৰ আঁৰত সমস্যা সমাধানৰ চেষ্টা কৰিছে। কিন্তু সেই পথ স্বয়ং সমস্যাৰ মূল হৈছে।
প্ৰকৃত কল্যাণ তেতিয়াই সম্ভৱ, যেতিয়া মানুহে নিজৰ আসল পৰিচয়, অৰ্থাৎ আত্মা হিচাপে নিজকে উপলব্ধি কৰিব পাৰে। শৰীৰ ক্ষয়শীল, কিন্তু আত্মা অনাদি, অবিনাশী। আত্মাই এই শৰীৰক সচল ৰাখে, আত্মাই অনুভৱ কৰে, আত্মাই কৰ্ম কৰে। কিন্তু মানুহে নিজৰ পৰিচয় দেহৰ সৈতে একাত্ম কৰি লৈছে, যাৰ ফলত কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, হিংসা, ইৰ্ষা আদি অবগুণবোৰ মনৱ মনত বাস কৰিবলৈ ধৰিছে। ফলস্বৰূপ, এই অমূল্য জীৱনটো অন্ধকাৰময় আৰু বেদনাৰে পূৰ্ণ হৈ পৰিছে। এই অস্থিৰতা, অশান্তি আৰু দুখৰ পৰা মুক্ত হ’বৰ একমাত্র পথ হ’ল— “আত্ম-জ্ঞানৰ ভিত্তিত ৰাজযোগৰ অভ্যাস।” ৰাজযোগ— মানে হ’ল আত্মাৰ সৈতে পিতা-পৰমাত্মাৰ সংযোগ স্থাপন কৰা। এই সংযোগতেই লুকাই থাকে শান্তি, সুখ, শক্তি, জ্ঞান আৰু পবিত্ৰতাৰ উৎস। ৰাজযোগ— হ’ল এনেকুৱা এক বিদ্যা, যাৰ জৰিয়তে মানুহে নিজৰ মন-বুদ্ধি আৰু সংস্কাৰক পৰিষ্কৃত কৰি, দেহ আৰু ইন্দ্ৰিয়বোৰৰ ওপৰত স্বত্বাধীকাৰ অৰ্জন কৰিব পাৰে।
এই ৰাজযোগৰ অভ্যাসৰ দ্বাৰা আত্মা “ৰজা” হিচাপে ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰি জীৱনক গঠন কৰে। ৰাজযোগৰ সফল অভ্যাসৰ বাবে কিছু আৱশ্যক ধাৰণাৰ অভ্যাস কৰা প্ৰয়োজন — যেনে শুদ্ধ আহাৰ-বিহাৰ, নিৰ্দিষ্ট সময়ত শয়ন—জাগৰণ আৰু পবিত্ৰ জীৱনৰ লক্ষ্যপূৰ্ণ আচৰণ। আত্মানুভূতিৰ অভ্যাসত প্ৰথমে নিজৰ অস্তিত্বক আত্মা হিচাপে অনুভৱ কৰা অত্যন্ত প্ৰয়োজন। এই অনুভৱৰ বাবে প্ৰাতঃ-সন্ধ্যা কিছু নিৰ্দিষ্ট সময় নিৰিবিলি কোনো ঠাইত বহি ধ্যান অভ্যাস কৰক। হাত-মুখ ধুই, শুদ্ধ বস্ত্ৰ পৰিধান কৰি একাগ্ৰ মনে আত্মাৰ স্বৰূপ চিন্তন কৰক। চিন্তা কৰক মাতৃগৰ্ভত প্ৰবেশ কৰাৰ আগৰ অৱস্থাটো কেনে আছিল? মৃত্যুৰ পিছৰ অৱস্থাটো কিমান গুৰুত্বপূর্ণ? এই দুই সময়তো আমি আছিলোঁ। সেয়া এক অনাদি যাত্ৰা—আত্মাৰ যাত্ৰা। শৰীৰ মাথোঁ বাহন, আত্মাই চালক। এই গভীৰ চিন্তন কৰাৰ কালত, নিজৰ কপালৰ মাজত এটা জ্যোতিৰ বিন্দু ৰূপে আত্মাক অনুভৱ কৰক।
এই ধ্যান-প্ৰচেষ্টাৰ জৰিয়তে আপুনি আপোনাৰ আসল পৰিচয় পাবলৈ কৰিবলৈ সক্ষম হ’ব। এই আত্মাজ্ঞানৰ পৰাই উৎপন্ন হ’ব শুদ্ধ চিন্তা, বিশুদ্ধ প্ৰেম, সহানুভূতি আৰু বিশ্বভ্ৰাতৃত্বৰ অনুভূতি। ৰাজযোগৰ অভ্যাসৰ দ্বাৰা দুৰ্ভাবনা, অসন্তোষ, অপবিত্ৰতা আৰু অস্থিৰতা দূৰ হৈ, মন শান্ত আৰু স্থিতিশীল হৈ পৰে।
যেতিয়া আত্মা আত্ম-জ্ঞানত স্নাত হয়, তেতিয়া পৰমাত্মাৰ সৈতে সম্পর্ক অনুভৱ কৰিব পৰা যায়। তেখেত আমাৰ পিতা, গুৰু, বন্ধু আৰু আত্মিক শক্তিৰ উৎস। তেখেতৰ সৈতে সংযোগ হৈ থকাতেই জীৱন আনন্দময়, দুখ-শূন্য আৰু হীৰা তুল্য হৈ পৰে। ৰাজযোগৰ অভ্যাসে আত্মািক দৃষ্টিক শুদ্ধ কৰি, জীৱনলৈ সত্য পৰিবৰ্তন আনে। এই আধ্যাত্মিক জ্ঞান বুজি পোৱাটো যথেষ্ট নহয়; ই ব্যৱহাৰিক জীৱনত প্ৰতিফলিত হ’ব লাগিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত—সংসাৰ, কৰ্মক্ষেত্ৰ, সমাজ, সম্পৰ্ক—আত্মানুভূতিৰ আধাৰত কাম কৰিলে জীৱন অতি সহজ, আনন্দময় আৰু উচ্চ গুণসম্পন্ন হৈ পৰিব। পৰিণতিত মানুহ প্ৰকৃত সুখ-শান্তিৰ অনুভৱ কৰিব পাৰিব। এইদৰে, ৰাজযোগ হ’ল এক সহজ, বৈজ্ঞানিক আৰু আধ্যাত্মিক পথ, যাৰ জৰিয়তে মানুহে নিজৰ সত্তাৰ গোপন সত্য উন্মোচন কৰি জীৱনক হীৰাৰ দৰে উজ্জ্বল আৰু অনন্য কৰি তুলিব পাৰিব।
✍ আকাশ সাহা
সৰভোগ, বৰপেটা (অসম)
ফোন- ৯৩৬৫৮-৩২৩৪৮
আকাশ সাহাৰ অন্য এটি লেখা পঢ়িবলৈ ইয়াত ক্লিক্ কৰক
© AKASH SAHA
® SORBHOG 24