সৰভোগৰ বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ ব্যতিক্রমী প্ৰয়াস।



সৰভোগৰ বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ ব্যতিক্রমী প্ৰয়াস



সৰভোগ, ১ আগষ্টঃ


বান বিধ্বস্ত অঞ্চলৰ বৰ্ণনাতীত ভয়াৱহতাৰ বাবে শিশু সকলৰ ক্ষেত্রত সৃষ্টি হোৱা মানসিক চাপ আঁতৰাই তেওঁলোকক পুনৰ পূর্বৰ স্বভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে এই প্ৰয়াস নিতুপৰ্ণ ৰাজবংশীৰ। অসমৰ অন্যান্য প্ৰান্তৰ বিভিন্ন স্থানৰ ব্যক্তিৰ কাৰ্টুন কেৰিকেছাৰ (Caricature) অংকন কৰি সংগ্ৰহ কৰা টকাৰে আৰ্ত শিশুসকলৰ ভৱিষ্যতৰ বাবে তথা তেওঁলোকৰ মানসিক-বৌদ্ধিক আৰু শৈক্ষিক বিকাশৰ অৰ্থে বৰপেটাৰ 'ফায়াৰফ্লাইজ' নামৰ সংস্থাৰ অন্তৰ্গত 'কাহিনী' শিশু পুথিভঁৰালৰ সহযোগত এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে নিতুপৰ্ণ ৰাজবংশী আৰু তেখেতৰ সহধর্মিণী মানসী গোস্বামীয়ে। কাৰ্টুন কেৰিকেছাৰ বিনিময়ত ৰাইজৰ পৰা বৰঙণি গ্ৰহণ কৰি বান বিধ্বস্ত শিশুসকলৰ বাবে পোনপটীয়াকৈ খৰছ কৰিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে। আৰ্ত শিশু সকলৰ ভৱিষ্যত গঢ়াৰ বাবে অসমৰ ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে কাৰ্টুনিষ্ট গৰাকীয়ে। আগ্ৰহী সকলে 7896473598 অথবা 7002085046 নম্বৰত যোগাযোগ কৰিব পাৰিব। 


ৱেব ডেস্ক, SORBHOG 24



Post a Comment