বৰনগৰ মহাবিদ্যালয় ABVP গোট ৰ তৰফৰ পৰা মাননীয় বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
বৰনগৰৰ শিক্ষাৰ বটবৃক্ষস্বৰূপ ঐতিহ্যমণ্ডিত “বৰনগৰ মহাবিদ্যালয়" আমাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। বৰনগৰৰ বিভিন্ন অঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা আহৰণৰ একমাত্ৰ অনুষ্ঠানখনেই হ'ল আমাৰ বৰনগৰ মহাবিদ্যালয়। আৰ্থিক ভাৱে পিছপৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীৰে যাতায়তৰ সুচলাৱস্থাৰ বাবে ব্যক্তিগত বাহন নাই, ফলত ছাত্ৰ-ছাত্ৰী সকলে বাছ, সৰু গাড়ী ইত্যাদিৰে মহাবিদ্যাললৈ অহা-যোৱা কৰে। কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে ছাত্ৰ-ছাত্ৰীৰ বাছ সেৱাৰ ভাড়া অন্য যাত্ৰীৰ আধা হোৱা বাবেই মহাবিদ্যালয়ৰ বাছ আস্থানত অতি নগন্য সংখ্যক বাছহে ৰখে। ফলত মহাবিদ্যালয়ত অধ্যয়নৰত মানিকপুৰ, পাতিলাদহা, দহলাপাৰা, ভুলুকাডোবা, কলিতাপাৰা, চকচকা, বৰপেটাৰোড, হাউলী ইত্যাদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সমূহ বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ এই অসুবিধাটোৰ প্ৰতি লক্ষ্য ৰাখি আজি বৰনগৰ মহাবিদ্যালয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোট (বৰনগৰ মহাবিদ্যালয় ABVP গোট)ৰ তৰফৰ পৰা মাননীয় বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।