ৰাষ্ট্ৰসংঘৰ সৰ্বশ্ৰেষ্ঠ গাঁওৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওৰ নাম অন্তৰ্ভুক্ত।

 


ৰাষ্ট্ৰসংঘৰ সৰ্বশ্ৰেষ্ঠ গাঁওৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওৰ নাম অন্তৰ্ভুক্ত:

  সময় সাপেক্ষে আমাৰ সমাজৰ বহু আঢ্যৱন্ত লোকে নিজৰ আজৰি সময়চোৱা পৰিয়ালসহ অত্যাধিক ধন খৰচ কৰি মনৰ সুখ-সন্তুষ্টিৰ নিমিত্তে দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ যোৱা পৰিলক্ষিত হয়। দেশ-বিদেশৰ বিভিন্ন খ্যাতিসম্পন্ন ঠাইৰ নামে তেওঁলোকক আজুৰি নিয়ে। কিন্তু এনে ক্ষেত্ৰত আমি যেন আমাৰ নিলগতে থকা বহু সৌন্দৰ্য্যৰ ভঁৰাল সেউজ ৰহণীয়া গাঁওবোৰক আওকাণ কৰি আহিছোঁ। আমাৰ সাধাৰণ ব্যক্তিৰ চকুৰ আঁতৰ হ'লেও সৌভাগ্যক্ৰমে,ৰাষ্ট্ৰসংঘৰ চকু যেন সদায়েই দৃঢ় কিছুমান বস্তুৰ ওপৰত। কংক্ৰিটৰ সমাজ এখনৰ বিপৰীতে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ সেউজীয়া গাঁওৰ সন্ধানত ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই প্ৰস্তুত কৰি উলিয়াইছে সেউজ ৰম্যভূমি কেইবাখনো সৰ্বশ্ৰেষ্ঠ গাঁওৰ তালিকা। যিখন তালিকাত স্থান লাভ কৰিছে ভাৰতৰ তিনিখন অনন্য সৰ্বাংগসুন্দৰ গাঁৱে। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰি এই তিনিখন গাঁওৰ ভিতৰত অন্যতম স্থান দখল কৰে 'মেঘালয়ৰ কংথন' নামৰ গাঁওখনে। কংথনৰ লগতে সৰ্বশ্ৰেষ্ঠ গাঁও ৰূপে স্বীকৃতিপ্ৰাপ্ত আন দুখন গাঁও ক্ৰমে 'তেলেংগনাৰ পোচাম্পলি' আৰু 'মধ্যপ্ৰদেশৰ লাধপুৰথাচ'।  

   শ্বিলঙৰ পৰা 60 কিঃমিঃ নিলগত অৱস্থিত এই 'কংথন'ৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰায়ে দেশ-বিদেশৰ পৰ্য্যটকৰ সোঁত বয়। নীৰৱতা,সজীৱতা,সতেজতা তথা প্ৰকৃত সুখ-শান্তিৰ আৱাসস্থলীত কংথনৰ মনোমুগ্ধকৰ সেউজীয়া প্ৰকৃতিৰ মাজত পৰ্য্যটকসকল আত্মবিভোৰ হয়। আনহাতে, হুইলিং ভিলেজ(Whistling Village) নামে খ্যাত 'কংথন'ৰ এই খ্যাতিয়ে উৎফুল্লিত কৰি তোলে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু সাধাৰণ জনতাক। আনন্দিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ফেচবুকৰ জৰিয়তে নিজৰ আনন্দ প্ৰকাশ কৰে। তেখেতে কয় যে, "Meghalaya's Whistling village Kongthong is selected for entry to the UNWTO World Tourism Organisation, 'Best tourism Village' along with two other village in the country."


EDITED BY- MEGHALI DAS

WEB DESK, SORBHOG 24

© SORBHOG_24

Post a Comment