ঈদৰ আনন্দৰ মাজতে সৰভোগত শোকাৱহ পথ দুৰ্ঘটনা।



ঈদৰ আনন্দৰ মাজতে সৰভোগত শোকাৱহ পথ দুৰ্ঘটনা। 


সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নদীৰ দলঙত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত ১৪ বছৰীয়া কিশোৰ। 


জানিব পৰা মতে তীব্র বেগী ২০ চকীয়া ট্ৰাকে মহতিয়াই নিয়ে বাইকসহ তিনি আৰোহীক।


ফলত থিতাতে নিহত হয় চিৰাঙ জিলাৰ পাণবাৰীৰ টেকাইমাৰীৰ ১৪ বছৰীয়া মকছিদুল ইছলাম। 


আনহাতে, একেখন বাইকতে থকা আন দুজন আৰোহী চিৰাং জিলাৰ পানবাৰীৰ টেকাইমাৰী চামিৰুল ইছলাম আৰু বাল্লীমাৰিৰ মাসুদ আলম গুৰুতৰ ভাৱে আহত। 

আহতদ্বয়ক সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

ঈদ উপলক্ষে আনন্দ ফুৰ্তিৰে AS 26 G 7513 বাইকেৰে বৰপেটাৰ হাউলীলৈ ফুৰিব আহিছিল তিনিও কিন্তু ঘৰ অভিমুখে গৈ থকাৰ সময়তে সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নদীৰ দলঙৰ ওপৰত বঙাইগাঁও অভিমুখী RJ 18 GC1369 নম্বৰৰ ২০ চকীয়া ট্ৰাকে পিছ ফালৰ পৰা খুন্দা মাৰে আৰু সংঘটিত হয় হৃদয় বিদাৰক ঘটনাটো। 


Published By- Mrinmay Nath

Reported By- Arup Kumar Das & Sohijul Ali 






Post a Comment