কম্ফু শিকিবলৈ যোৱা বৰনগৰীয়া ল'ৰাজন পাছত হৈ পৰিছিল এগৰাকী বিখ্যাত কাৰ্টুনিষ্ট।

 


কম্ফু শিকিবলৈ যোৱা ল'ৰাজন পাছত হৈ পৰিছিল এগৰাকী বিখ্যাত কাৰ্টুনিষ্ট:

বিদ্যালয়ত পঢ়ি থকাৰ সময়ত কম্ফুৰ প্ৰতি আকৰ্ষিত হৈ কম্ফু শিকিবলৈ প্ৰ-পত্ৰ পূৰণ কৰা কিশোৰজন পাছত হৈ পৰিছিল এগকাৰী বিশিষ্ট কাৰ্টুনিষ্ট। ঘৰৰ একমাত্ৰ ল'ৰা সন্তান হোৱা বাবে অভিভাৱকে কম্ফু শিকাত বাধা প্ৰদান কৰিছিল। তাৰ সলনি অভিভাৱকৰ ইচ্ছাত ছবি অঁকা শিকিবলৈ লৈছিল কিশোৰজনে। কম্ফু শিকিব নোৱাৰি ছবি অঁকাত মনোযোগ দিয়া এই কিশোৰজনেই হ'ল ৰাষ্ট্ৰীয় স্তৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমৰ বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী।

            নিতুপৰ্ণ ৰাজবংশীৰ জন্ম, বৰপেটা জিলাৰ সৰভোগত ১৯৮২ চনৰ ১৭ ফেব্ৰুৱাৰীত। তেওঁৰ পিতৃ প্ৰয়াত খগেন্দ্ৰ চন্দ্ৰ ৰাজবংশী আৰু মাতৃ বীণাপানী ৰাজবংশী। তেওঁ সৰভোগৰ ৪৫ নং উত্তৰ গণকগাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰু পাছত বৰনগৰ মহাবিদ্যালয়ৰ পৰা অসমীয়াক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ৪৫ নং উত্তৰ গণকগাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত হোৱা বৰনগৰ আদৰ্শ সংগীত মহাবিদ্যালয়ৰ শনিবাৰ আৰু দেওবাৰৰ ছবি অঁকাৰ শ্ৰেণীত ভৰ্তি হৈ, তিনি বছৰ তেওঁ ছবি অঁকাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল।  



                অসমৰ আগশাৰীৰ আলোচনী চিচিংফাক, অবিকল আদিত প্ৰথমে তেওঁৰ কাৰ্টুন ছপা হৈ ওলাইছিল। বৰপেটাৰ পৰা প্ৰকাশিত পষেকীয়া আলোচনী 'পদক্ষেপ'ত কাৰ্টুন অংকন কৰাৰ লগতে দন্দুভিত ষ্টাফ কাৰ্টুনিষ্ট হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল। পাছত কাৰ্টুনকে তেওঁ কেৰিয়াৰ হিচাপে আকোঁৱালি লৈ অসমত  জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে তেওঁৰ কাৰ্টুন অসমীয়া জনমত, দৈনিক জনমভূমি, অসম বাণী, দৈনিক অসম, আজিৰ অসম, সংবাদ লহৰি, অসমীয়া খবৰ, জিএনআৰচি স্বাস্থ্য, মুকুতা, সঁফুৰা, মাহেকীয়া অনুভূতি, অসমীয়া প্ৰতিদিন, সাদিন, দ্যা চেণ্টিনেল (হিন্দী), আমাৰ অসম, জনসাধাৰণ, বজালীৰ বাতৰি আদি কাকত-আলোচনীত প্ৰকাশ পোৱাৰ লগতে দুৰদৰ্শনতো প্ৰচাৰ হৈছে।  দৈনিক অসম কাকতত চিটী সংবাদদাতা হিচাপে তেওঁ সাংবাদিকতাৰ পথাৰত খোজ দি সাংবাদিক হিচাপেও অতি কম সময়তে নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। তেওঁ অসমীয়া প্ৰতিদিন কাকতত কেইবাবছৰো কাম কৰে। 

       এতিয়া তেওঁ নিজা ব্লগ, ফেচবুক পেজ, টুইটাৰ, ইষ্টাগ্ৰাম আদিত কাৰ্টুন আঁকি প্ৰচাৰ কৰি আছে। সমসাময়িক বিভিন্ন সমস্যা, ঘটনাৱলী তথা ৰাজনৈতিক সমস্যা বা সমাজৰ জলন্ত সমস্যাসমূহৰ ওপৰত তেওঁ সজাগতা সৃষ্টিৰ বাবে এই কাৰ্টুনসমূহ অংকন কৰে। মানৱ দৰদী কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনত অন্যায়ৰ প্ৰতিবাদী কন্ঠ, নিষ্পেষিত জনতাৰ প্ৰতি সহানুভূতি আৰু চৰকাৰৰ নিৰপেক্ষ সমালোচনাৰ প্ৰতিফলন দেখা যায়।



               গুৱাহাটীৰ আৰ্ট গেলেৰীত ২০০৭ চনত তেওঁৰ প্ৰথম কাৰ্টুনৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। তাৰপাছতে ২০০৭-০৮ চনত আৰণ্যকৰ উদ্যোগত পৰিৱেশ আৰু বন্যপ্ৰাণী সজাগতামূলক কাৰ্টুনৰ ভ্ৰাম্যমান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। নতুন দিল্লীৰ ইণ্ডিয়ান প্ৰেছ ক্লাবত গৌৰী লংকেচ হত্যাকাণ্ডৰ আলমত হোৱা প্ৰদৰ্শনীমূলক কাৰ্টুনৰ মাজত তেওঁৰ কাৰ্টুনে স্থান লাভ কৰিছিল। তেওঁ কাৰ্টুনৰ জৰিয়তে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত জিএনআৰচি মিডিয়া ফেল'শ্বিপ, ২০১৩ চনত ৰাজনৈতিক শাখাত যুগশঙ্খ সাংবাদিকতা বঁটা আৰু ২০১৬ চনত নৰ্থ-ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড (কাৰ্টুন) লাভ কৰে।

        কাৰ্টুনৰ ক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ ভিতৰত তেওঁ বৃহৎ নদীবান্ধৰ ওপৰত অঁকা কাৰ্টুনে ছচিয়েল মিডিয়াত বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই কাৰ্টুনৰ ওপৰত ভিত্তি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য অসমে ৰাজ্যৰ বাহিৰৰ পৰা লাভ কৰিছিল। তেওঁৰ কাৰ্টুনৰ জনপ্ৰিয়তা আৰু সামাজিক দায়বদ্ধতাৰ পৰিপ্ৰেক্ষিতত কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে চলা লকডাউনৰ সময়ছোৱাত তেওঁ হালধীয়া সাংবাদিকতা আৰু কৰোনা ভাইৰাছক চৰিত্ৰ হিচাপে লৈ অংকন কৰা কাৰ্টুনে ৰাষ্ট্ৰীয় স্তৰত চৰ্চা লাভ কৰে। কৰোনাৰ সজাগতামূলকভাৱে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে প্ৰকাশ কৰি উলিওৱা 'কভিড কথা'ত তেওঁৰ মুঠ ২৭ টা কাৰ্টুন সন্নিৱিষ্ট হৈছে।


BY- PRITISHA GOSWAMI

EDITED BY- MRINMAY NATH

© SORBHOG_24

Post a Comment