এসপ্তাহৰ ভিতৰত উত্তৰ কোৰিয়াৰ দ্বিতীয়টো মিছাইল উৎক্ষেপণ
উত্তৰ কোৰিয়াই বুধবাৰে সাগৰত ২ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে।দেশখনে নিক্ষেপ কৰা এই দুয়োটা মিছাইলে জাপানৰ আশে-পাশে অৱতৰণ কৰিছে বুলি এক তথ্যত প্ৰকাশ পাইছে। অৱশ্যে ই বিশেষ অৰ্থনৈতিক এলেকাৰ বাহিৰত পৰে। এই মিছাইলৰ নিক্ষেপে বিশ্বত বিশেষ চৰ্চা লাভ কৰাৰ কাৰণ হ'ল, উত্তৰ কোৰিয়াই এই মিছাইল এনে এক সময়ত নিক্ষেপ কৰিছে, যিসময়ত চীনৰ বৈদেশিক মন্ত্ৰী দক্ষিণ কোৰিয়া ভ্ৰমণত আছে।
উল্লেখ্য যে, যোৱা এসপ্তাহৰ ভিতৰত এইটো উত্তৰ কোৰিয়াৰ দ্বিতীয়টো মিছাইল উৎক্ষেপণ। বিশেষজ্ঞসকলৰ মতে, উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপণ চীন আৰু জাপানৰ বাবে এক প্ৰকাৰৰ সতৰ্কীকৰণ হে আছিল। কাৰণ চীন আৰু উত্তৰ কোৰিয়াই পূৰ্বতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল যদিও দুয়োখন দেশৰ সম্পৰ্ক সম্প্ৰতি তিক্ততাপূৰ্ণ হৈ পৰা দেখা গৈছে।
By-Mridusman Nath
Edited By- Pritisha Goswami
© SORBHOG_24