ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসম কন্যা ডাঃ অনন্যা গোস্বামী।



 বিভিন্ন সময়ত ,বিভিন্ন ক্ষেত্ৰত অসমৰ বহু সু -যোগ্য  সন্তানে অসমখনক বিশ্ব দৰবাৰত উজলাই তুলিবলৈ সক্ষম হোৱা দেখা যায় । তাৰ ভিতৰত  অন্যতম হ'ল অসমৰ অন্যতম এখন জিলা নলবাৰীৰ বাসিন্দা  ডাঃ অনন্যা গোস্বামী। নলবাৰীৰ বিশিষ্ট চিকিৎসক দম্পত্তি ,বিশিষ্ট লেখক  ডাঃ শুভ্ৰকিঙ্কৰ গোস্বামী আৰু ডাঃ বিজুলী  গোস্বামীৰ সুপুত্ৰী ডাঃ অনন্যা গোস্বামীয়ে  নিজৰ দক্ষতা ,অপৰিসীম পৰিশ্ৰম,একান্ত  অধ্যৱসায়ৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্য্যায়ত  নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি অসমবাসীক গৌৰৱান্বিত কৰি তুলিবলৈ সক্ষম হৈছে ।উল্লেখ যে ডাঃ অনন্যা গোস্বামীয়ে নতুন দিল্লীৰ প্ৰখ্যাত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমচ ৰ পৰা 'নেত্ৰ চিকিৎসা বিজ্ঞান ' শাখাত শ্ৰেষ্ঠ স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । যোৱা ২৫ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা এইমচ ৰ ৬৬ তম প্ৰতিষ্ঠা দিৱসৰ এক আৰম্বৰ পূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডবই ডাঃ অনন্যা গোস্বামীক তেখেতৰ কৃতিত্বৰ বাবে চিকিৎসা ক্ষেত্ৰৰ বহু সন্মানীয় 'ডাঃ বোধৰাজ সভাৰৱাল পদক ( Dr bodhraj sabharwal medal )  লাভ কৰে ।সৰুৰে পৰা ডাঃ পিতৃ মাতৃক আদৰ্শ হিচাপে গণ্য কৰি আজি এক বিৰাট সাফল্যৰ অধিকাৰী ডাঃ অনন্যা গোস্বামীৰ এই কৃতিত্বত  সমগ্ৰ অসমবাসীয়ে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ।



WebDesk, SORBHOG_24

© SORBHOG_24

Post a Comment