সৰভোগৰ গৰখীয়া গোসাঁই থানৰ পেক বা বোকা ভাওনা।
আধুনিকতাৰ ধামখুমিয়াত ক্ৰমশঃ অসমৰ পৰম্পৰাগত খেল-ধেমালিবোৰ কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। কিছুমান পৰম্পৰাগত খেল বিলুপ্তিৰ পথত ধাৱমান হ'লেও অসমৰ ভিন্ন প্ৰান্তত অনেক পৰম্পৰাগত খেল আজিও বিদ্যমান। তেনে এক পৰম্পৰাগত খেল হ'ল বৰপেটা জিলাৰ সৰভোগ অঞ্চলত প্ৰচলিত পেক ভাওনা বা বোকা ভাওনা। সৰভোগৰ স্থানীয় ভাষাত বোকাক 'পেক' বুলি কোৱা হয় বাবে এই খেলক স্থানীয় লোকসকলে 'পেক ভাওনা' বুলি কয়। এই খেলৰ সৈতে মূলত: ধৰ্মীয় বিশ্বাস আৰু আচাৰ-ব্যৱহাৰ জড়িত হৈ আছে।
প্ৰাচীন বৰনগৰ তথা এতিয়াৰ সৰভোগ নগৰৰ মাজমজিয়াত অৱস্থিত পাঁচশৰো অধিক বছৰ পুৰণি মহাপ্ৰভু গৰখীয়া গোসাঁই থান। ভাদ মাহত পালন কৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পঞ্চমদিনা কৃষ্ণৰ নামকৰণ বা পচঁতি বা পাঁচতি উৎসৱৰ দিনা থানত পেক ভাওনা অনুষ্ঠিত কৰা হয়। পেক ভাওনাৰ বাবে থানৰ দৌলৰ সন্মুখত ডাঙৰ গাঁত এটা খান্দি তাতে পেক বা বোকা সৃষ্টি কৰা হয়।সেই বোকাত এজাক শিশু আৰু কিশোৰে ইজনে-সিজনৰ গাত বোকা ছটিয়াই নিৰ্দোষ ধেমালি কৰে। পেক ভাওনা চাবলৈ সমবেত হোৱা দৰ্শকসকলৰ গালৈও পেক বা বোকা ছটিয়াই দি আনন্দ প্ৰকাশ কৰা হয়। পেক ভাওনাৰ সময়ত পেকৰ মাজত কেইবাটাও নাৰিকল দলিয়াই দিয়া হয়। খেলত অংশগ্ৰহণ কৰা শিশু বা কিশোৰসকলৰ যিজনে যিমান নাৰিকল কাঢ়ি ল'ব পাৰে, তাক সিমানবোৰ নাৰিকল উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। নাৰিকল দলিয়াই দিয়াৰ বাবে পেক ভাওনাক 'নাৰিকলৰ থিয়েটাৰ' বুলিও অভিহিত কৰা হয়। এই খেলত জয়-পৰাজয় বুলি কোনো কথা নাই। বিনোদনধৰ্মী এই খেল অকল আনন্দ লাভৰ বাবে খেলা হয়।
কৃষ্ণ জন্মাষ্টমীৰ পঞ্চমদিনা অনুষ্ঠিত কৰা এই খেল ধৰ্মীয় আচাৰৰ সৈতে সংপৃক্ত হৈ আছে। পেক ভাওনাৰ পূৰ্বে যশোদা-নন্দ আদি পুৰাণখ্যাত চৰিত্ৰবোৰৰ ভাওত অৱতীৰ্ণ হৈ থানৰ ভকতসকলে ভাওনাস্থলীত প্ৰৱেশ কৰে। সেই সময়ছোৱাত নাম-প্ৰসংগাদি কৰা হয়। তদুপৰি শিশুসকলে কৃষ্ণৰ বেশ ধৰিও ভাওনাস্থলীত প্ৰৱেশ কৰে। পেক ভাওনা চলি থকাৰ সময়ত কৃষ্ণৰ নামকৰণৰ দৃশ্য বা কাহিনী নৃত্য-গীত অভিনয়ৰ মাজেৰে প্ৰদৰ্শন কৰা হয়।
সৰভোগ অঞ্চলত অনুষ্ঠিত পেক ভাওনা অন্য ঠাইৰ বোকা ভাওনাত কৈ কিছু পৃথক। সৰভোগৰ পেক ভাওনাৰ লগত ধৰ্মীয় আচাৰ জড়িত হৈ থাকিলেও পেক ভাওনা কিন্তু এটা লৌকিক অনুষ্ঠানহে। পৰস্পৰে পৰস্পৰৰ গাত বোকা ছটিয়াই নিভাঁজ আনন্দ লাভ কৰাৰ মাজতে এই খেলৰ মুখ্য আকৰ্ষণ নিহিত হৈ আছে। অসমৰ সত্ৰ পৰম্পৰাত পেক বা বোকা ভাওনাৰ সৈতে জড়িত অনুষ্ঠান বা উৎসৱক 'নন্দোৎসৱ' বুলি কোৱা হয়। বৰপেটা সত্ৰ আদিকে ধৰি অসমৰ কেইবাখনো সত্ৰত জন্মাষ্টমীৰ পিছদিনা পেক ভাওনা সদৃশ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰপেটা সত্ৰত এই অনুষ্ঠানক পেক যাত্ৰা আৰু উজনি অসমত বোকা ভাওনা বা নন্দোৎসৱ বুলি কোৱা হয়।
BY- PRITISHA GOSWAMI
CHIEF EDITOR, SORBHOG 24
©SORBHOG_24