আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তান নুৰজামান আহমেদৰ বিৰাট সফলতা। কিন্তু কেনেকৈ???


আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তান নুৰজামান আহমেদৰ বিৰাট সফলতা



 বহু সময়ত অসমবাসীক গৌৰৱান্বিত কৰি অনেক অসমৰ সু-সন্তানে নিজৰ প্ৰতিভা তথা সাধনাৰ জৰিয়তে অসমৰ নাম ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় দৰবাৰত উজলাবলৈ সক্ষম হৈছে । তাৰ ভিতৰত অসম সন্তান নুৰজামান আহমদৰ নামও লেখতল'বলগীয়া । অসমৰ  গোৱালপাৰা জিলাৰ এখন সৰু গাঁওৰ নিবাসী নুৰজামান আহমেদ নিৰ্বাচিত হৈছে আমেৰিকাৰ অন্যতম এখন প্ৰখ্যাত আগশাৰীৰ কলেজ  ডাৰ্ট মাউথ কলেজত নিৰ্বাচিত হৈছে নুৰজামান আহমেদ । ডাৰ্ট মাউথ কলেজত পোষ্ট ডক্টৰেল ৰিৰ্চাছাৰ ( Post doctoral researcher ) হিচাপে নিৰ্বাচিত হৈছে গোৱালপাৰাৰ সন্তানগৰাকী । নুৰজামানৰ দৰমহা হ'ব প্ৰায় ৬,২৫০ ডলাৰ। ভাৰতীয় মূল্যৰ হিচাপত ইয়াৰ মূল্য  হ'ব প্ৰতিমাহে প্ৰায় ৪ লাখ ৬৩ হাজাৰ ৭৪৭ টকা । শ্বিলঙৰ নেহুৰ পৰা এম .টেক ডিগ্ৰী  লাভ কৰা অতিকে মেধাসম্পন্ন যুৱক  নুৰজামানৰ আহমেদৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ অসম তথা ভাৰতবাসী । শেহতীয়াকৈ নুৰজামানে তেখেতৰ এই সফলতাত আনন্দ প্ৰকাশ  কৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে ।তদুপৰি ,তেখেতে এই পোষ্টটোৰ জৰিয়তে বৰ্তমানৰ আমাৰ সমাজৰ উঠি অহা নৱপ্ৰজন্মক যথেষ্ট ভাবে উৎসাহিত তথা অনুপ্ৰেৰিত  কৰা দেখা যায় ।


National Desk

Webdesk, SORBHOG_24

© SORBHOG_24

Post a Comment