বেঁকী নৈৰ গৰাখহনীয়া আৰু বেদখলকাৰীৰ কবলত সৰভোগৰ ঐতিহাসিক বিমানঘাটিৰ শেষ স্মৃতি
ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত বৰনগৰবাসীৰ অৱদান আছিল অসামান্য।বৰনগৰ অঞ্চলৰ কেইবাজনো বীৰ যোদ্ধাই ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ জীৱনকো তুচ্ছ কৰি হেলাৰঙে জপিয়াই পৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত এটা দলে বৃটিছক ভাৰতবৰ্ষৰ মাটিৰ পৰা খেদি পঠিওঁৱাৰ উদ্দেশ্যে সৰভোগৰ বেঁকী নৈৰ পাৰত বৃটিছৰ দ্বাৰা নিমাৰ্ণৰত সামৰিক বিমানঘাটিখন জ্বলাই দি অসীম ত্যাগ আৰু সাহসৰ পৰিচয় দাঙি ধৰিছিল বৰনগৰবাসী ৰাইজে। কিন্তু আজি দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো স্বাধীন ভাৰতৰ চৰকাৰে বৰনগৰবাসীক একো উপহাৰ দিব নোৱাৰাৰ লগতে আজিলৈকে বিমানঘাটিখনৰ পুনৰ নিৰ্মাণৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
বৰ্তমান সৰভোগৰ আমগুৰি সাপনাৰ (জনিয়া সমষ্টিৰ অন্তৰ্গত) ওচৰত থকা বিমানঘাটিখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ১৯৭৮ চনৰ পৰা হোৱা বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়াত বিমানঘাটিখনৰ প্ৰায় তিনিভাগৰ এভাগ নৈৰ বুকুত জাঁহ গৈছে। তদুপৰি যি অৱশিষ্ট আছে সেইখিনিও বিভিন্ন অঞ্চলৰ পৰা অহা এচাম বেদখলকাৰীৰ কবলত পৰি ক্ৰমাৎ নিচিহ্ন হোৱাৰ পথত।
বেঁকী নৈৰ সোঁত পৰিবৰ্তনৰ ফলত ১৯৭০-৭৮ চনৰ ভিতৰত হোৱা তীব্ৰ গৰাখহনীয়াৰ ফলত হাজাৰৰো অধিক বিঘা মাটিত বিস্তৃত সামৰিক বিমানঘাটিখনৰ এতিয়ালৈকে প্ৰায় ৭০০ বিঘা মাটি নৈৰ বুকুত জাঁহ গৈছে। নৈয়ে পলস পেলাই মাটিৰে পুতি পেলোৱা সত্ত্বেও এতিয়াও বিমানঘাটিৰ জাহাজ পৰিব পৰা পকী ৰানওৱেখন সম্পূৰ্ণ বিনষ্ট নোহোৱাকৈয়ে আছে। তদুপৰি, পূ্ৰ্বৰ বিমানঘাটিৰ ওচৰতে বেঁকী নৈয়ে চৰৰ সৃষ্টি কৰাত পুনৰ ভালেখিনি মাটি মুকলি হৈ পৰিছে।
সংশ্লিষ্ট বিভাগে অলপ মনোযোগ দিলে সৰভোগৰ এই বিমানঘাটিখন পুনৰ নিৰ্মাণ কৰাৰ পূ্ৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত সৰভোগৰ ৰাইজে স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলৰ প্ৰতি সন্মান জনাই, বেঁকী নৈৰ পাৰত অৱস্থিত বিমানঘাটিখন পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইতিবাচক সহাঁৰি লাভ কৰা নাই।
By-PRITISHA GOSWAMI
©SORBHOG_24