হেৰাই গৈছে নেকি সৰভোগৰ এঠা দৈৰ মানদণ্ড!


হেৰাই গৈছে নেকি সৰভোগৰ এঠা দৈৰ মানদণ্ড! 

স্বকীয়তা বনাম মুনাফা

    অতীতৰে পৰা শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমতে ব্যাপক সমাদৰ লাভ কৰি আহিছে সৰভোগৰ ম'হৰ এঠা দৈয়ে। বৰপেটা জিলাৰ সৰভোগৰ দৈৰ এক নিজস্ব সুনাম আছে। সৰভোগৰ বাঁহৰ চুঙাৰ দৈৰ সোৱাদ যিয়ে এবাৰ লৈছে, তেওঁ জীৱনলৈ এই সোৱাদ নাপাহৰে। তেওঁৰ জিভাত এই তৃপ্তি চিৰদিন লাগি থাকিব। এই তৃপ্তিৰ বাবেই আজিও দৈ বুলি ক'লে মানুহৰ মুখত সৰভোগৰ নামেই প্ৰথমে উচ্চাৰিত হয়। এই গাখীৰৰ সৰৰ পৰাই সৰভোগ নামটোৰ সৃষ্টি হৈছিল। গাখীৰৰ লগতে কৃষি প্ৰধান অঞ্চলটোত এসময়ত শাক-পাঁচলি, মাছ, তিল-মাহ আদিও উভৈনদী আছিল। সেয়ে গাখীৰৰ 'সৰ' আৰু সকলো বস্তুৰ প্ৰাচুৰ্যতাৰ বাবে 'ভোগ' মিলি সৰভোগ নামটোৰ সৃষ্টি হৈছিল। সৰভোগৰ পুৰণি নাম আছিল বৰনগৰ। প্ৰতিবছৰে মাঘ বিহুৰ সময়ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বহুতো লোকে দৈ বিচাৰি সৰভোগলৈ আহে। 

                এটা সময়ত সৰভোগকে ধৰি বৃহত্তৰ বৰনগৰ অঞ্চলৰ গঞা ৰাইজে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাদদেশত পোৱা পৰ্যাপ্ত সেউজীয়া ঘাঁহনিৰ পৰা পশুধনৰ বাবে ঘাঁহ সংগ্ৰহ কৰিছিল। পশুধনক সেই ঘাঁহনিত চৰিবলৈ দিয়া হৈছিল। ওচৰ-পাজৰৰ ঠাইবোৰত কেইবাখনো বাথান বা গৰু-ম'হৰ খুটি গঢ়ি উঠিছিল। সেউজীয়া ঘাঁহ পেট ভৰাই খাবলৈ পোৱা গৰু-ম'হৰ গাখীৰবোৰ বেছি ঘন আছিল। ফলত সেই ঘন গাখীৰেৰে তৈয়াৰী দৈয়ো অধিক ঘন বা ডাঠ আৰু অপূৰ্ব সোৱাদযুক্ত হৈ পৰিছিল। মানুহে কৈছিল, সৰভোগৰ দৈৰ এঠা এনেকুৱা আছিল যে, বাৰে বাৰে চাবোনেৰে হাত ধুই পেলোৱাৰ পিছতো হাতৰ পৰা তেলেতীয়া ভাব দূৰ নহৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, এতিয়া সেই ৰামো নাই অযোধ্যাও নাই। 

               মানাহৰ পাদদেশত থকা খাৰিজা-বিজনী অঞ্চলত অৱস্থিত ম'হৰ বাথানৰ সংখ্যা যোৱা কিছু বছৰত দ্ৰুতগতিত কমি গ'ল। অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হোৱাত মানাহৰ বহুতো নীতি-নিয়ম সলনি হ'ল। বনাঞ্চল সংৰক্ষণৰ বাবে নতুন আইন আহিল। লগতে খেতি-বাতি আৰু পশুপালনকে জীৱিকাৰ উপায় হিচাপে লোৱা সেই অঞ্চলৰ লোকসকলক শিক্ষা আৰু যাতায়ত-যোগাযোগ ব্যৱস্থাই অন্য বৃত্তিৰ প্ৰতি আকৰ্ষিত কৰিলে। জনবসতি বৃদ্ধিৰ ফলত বনাঞ্চলো কিছু পৰিমাণে হ্ৰাস পালে। সৰভোগৰ গাতে লাগি থকা বহু অঞ্চল বিটিএডিৰ অন্তৰ্ভূক্ত হোৱাত মানুহবোৰৰ মাজত সামাজিক-অৰ্থনৈতিক, ৰাজনৈতিক দূৰত্বও বাঢ়িল। বিটিচি গঠনৰ পূৰ্বে আৰু পিছতো দীৰ্ঘদিন বৃহত্তৰ খাৰিজা-বিজনী অঞ্চলত আলফা, বি এল টি, এন ডি এফ বি আদি উগ্ৰপন্থীৰ সমস্যা আৰু আগ্ৰাসনেও বাথানক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে। এনে বহুত প্ৰতিকূলতাৰ মাজতো অঞ্চলটোত দুই-এখন বাথানে এতিয়াও মূৰ তুলি আছে। কাহিতামা, পানবাৰী, কয়লা ময়লা, চুক্ৰুংবাৰী আদি ঠাইত কেইবাখনো বাথান এতিয়াও বৰ্তি আছে। কিন্তু পূৰ্বতকৈ বাথানৰ সংখ্যা কমি যোৱাত গাখীৰৰ চাহিদা অনুসৰি, বাথানবোৰে গাখীৰৰ যোগান ধৰিব নোৱাৰা হৈ পৰিল।

              বৃহত্তৰ খাৰিজা-বিজনী অঞ্চলত থকা বাথানসমূহত বিশেষকৈ মাঘ বিহুৰ সময়ত বৰ্ধিত চাহিদালৈ চাই গাখীৰৰ বিপণীসমূহে সৰভোগৰ বাহিৰৰ দুগ্ধ ব্যৱসায়ীৰ পৰা গাখীৰ ক্ৰয় কৰিবলৈ বাধ্য হয়। ফলত ইচ্ছা কৰিও দুগ্ধ ব্যৱসায়ীসকলে পূৰ্বৰ দৰে সোৱাদযুক্ত গাখীৰৰ যোগান ধৰিব নোৱাৰা হৈ পৰিল। বাঁহৰ চুঙা দৈৰ প্ৰকৃত সোৱাদ অতীতত বিলীন হ'ল। পূৰ্বৰ দৰে বৃহৎ আকৃতিৰ বাঁহৰ চুঙা তৈয়াৰ কৰি সম্প্ৰতি দৈ বনোৱা নহয়। প্ৰকৃত বাঁহৰ চুঙা দৈ এসময়ত বাথানবোৰত হে পোৱা গৈছিল। অৱশ্যে মানুহৰ চাহিদা পূৰণ কৰিবলৈ গৈ কেইবাখনো গাখীৰৰ বিপণীয়ে সাধাৰণভাৱে তৈয়াৰী বাঁহৰ চুঙাৰ দৈ আজিকালি বিহুৰ সময়ত বিক্ৰী কৰি আহিছে। 

              সমগ্ৰ ৰাজ্যজুৰি সমাদৰ লাভ কৰা অসম বিখ্যাত সৰভোগৰ দৈৰ এক সুকীয়া নাম আছে৷ বহুতো ঘাত-প্ৰতিঘাতৰ মাজতো এই নাম অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰাতো স্থানীয় দুগ্ধ ব্যৱসায়ীসকলৰ নৈতিক দায়িত্ব। সৰভোগ অঞ্চলৰ বাসিন্দাসকল তথা সচেতন লোকসকলো এই ক্ষেত্ৰত সজাগ হোৱা দৰকাৰ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বাথানৰ সংখ্যা কমি যোৱাত ক্ৰমশ: ম'হৰ গাখীৰৰ উৎপাদন কমি আহিছে৷ ফলস্বৰূপে স্থানীয় দুগ্ধ ব্যৱসায়ীসকলে মাঘ বিহুৰ সময়ত চৰাঞ্চলৰ বাঘবৰ, জনীয়া আদিৰ পৰা অহা গাখীৰেৰে গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলগীয়া হৈছে৷ বছৰটোৰ অন্য সময়ত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে উৎকৃষ্ট মানৰ দৈ গ্ৰাহকক বিক্ৰী কৰি আহিছে। কিন্তু এক অসাধু চক্ৰই ভোগালী বিহুৰ সময়ত দুগ্ধজাত সামগ্ৰী, ক্ৰীম আদি বিহাৰৰ কাটিহাৰৰ পৰা ৰে'লযোগে আনি গ্ৰাহকৰ চাহিদা পূৰণ কৰি অহা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰে। আনকি এচাম অসাধু ব্যৱসায়ীয়ে গুৱাহাটীৰ লগতে একাংশ নগৰ, চহৰত সৰভোগৰ দৈ-ক্ৰীম বুলি প্ৰচাৰ কৰি নিম্ন মানদণ্ডৰ দৈ, ক্ৰীম বিক্ৰী কৰি সৰভোগৰ বদনাম কৰি ব্যপক মুনাফা লুটি অহা পৰিলক্ষিত হৈছে৷ 

              যিহেতু সৰভোগৰ দৈ-ক্ৰীমৰ এক স্বকীয়তা আৰু সুনাম আছে সেয়ে ভোগালী বিহুৰ সময়ত ভেঁজাল কৰি থলুৱা গাখীৰৰ যি উদ্যোগ বা ঐতিহ্য তাক যাতে কোনেও নি:শেষ নকৰে। উৎসৱ-পাৰ্বনৰ সময়ত গ্ৰাহকৰ চাহিদা যিমানখিনি পূৰণ কৰিব পাৰি সেয়া নিজৰ 'সাধ্য অনুযায়ী ভক্তি'ৰ লেখীয়াকৈ মানদণ্ড অক্ষুণ্ণ ৰাখি সিমানখিনিয়েই গ্ৰাহকক যোগান ধৰা উচিত। তাকে নকৰি অধিক লাভৰ আশাত বহি:ৰাজ্যৰ পৰা দুগ্ধজাত সামগ্ৰী আনি বিক্ৰী কৰিলে এটা সময়ত সৰভোগৰ দৈ-ক্ৰীমৰ গৰিমা ম্লান হৈ পৰাটো নিশ্চিত।


BY- PRITISHA GOSWAMI

CHIEF EDITOR, SORBHOG 24

ⒸSORBHOG_24

Post a Comment