ফলিয়াব নেকি ষ্টিফেন হকিন্সৰ পাঁচটা ভয়ংকৰ ভৱিষ্যতবাণী

 


ফলিয়াব নেকি ষ্টিফেন হকিন্সৰ পাঁচটা ভয়ংকৰ ভৱিষ্যতবাণীঃ



ষ্টিফেন হকিং (Stephen William Hawking) বিংশ আৰু একবিংশ শতিকাৰ বিজ্ঞান জগতৰ এক উজ্জ্বল নক্ষত্ৰ তথা তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। 

 হকিঙে বিজ্ঞানৰ তত্বগধুৰ কথাবোৰ সাধুকথাৰ দৰে সৰলতকৈ সৰল ৰূপত জনপ্ৰিয় বিজ্ঞানৰ মাধ্যমেৰে সাধাৰণ পাঠকৰ মাজলৈ লৈ যোৱাটোৱেই বিজ্ঞান জগতলৈ তেওঁৰ সৰ্বোচ্চ অৱদান বুলি কোৱা হয়। 

   উল্লেখযোগ্য যে তেওঁৰ এই সৰল লিখন শৈলীৰ বাবে ১৯৮৮ চনত প্ৰকাশিত A Brief History of Time গ্ৰন্থখন বিশ্বজুৰি ৪০ টাতকৈ অধিক ভাষালৈ অনুদিত হৈছে আৰু কেইবা মিলিয়ন কপি বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছে।


১৯৭৪ চনত হকিঙে কৃষ্ণগহ্বৰৰ উষ্ণতাৰ বিষয়ে এক দৰ্শনীয় মতবাদ আগবঢ়াইছিল।

 ১৯৮০ ৰ দশকত হকিঙে কোৱাণ্টাম বিশ্বতত্ত্বৰ ওপৰত প্ৰাথমিক কাম আৰম্ভ কৰে। 

মটৰ নিউৰন ৰোগৰ (Motor neuron disease) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল। 


ভৱিষ্যতবাণীঃ


১। পৃথিৱীখন এটা জুইৰ বলয়লৈ ৰূপান্তৰিত হ'ব। য'ত জীৱ থকাটো সম্পূৰ্ণৰূপে অসম্ভৱ হৈ পৰিব। ছশ বছৰতকৈ কম সময়ৰ ভিতৰত পৃথিৱীৰ প্ৰত্যেক জীৱই মৃত্যুমুখত পৰিব।


২। পৃথিৱীৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। অনাগত দিনত ই আকৌ অধিক মাত্ৰাত বৃদ্ধি পাব। শীঘ্ৰে আন এটা গ্ৰহত ঠাই বিচাৰি উলিয়াব লাগিব বিজ্ঞানীসকলে।


৩। কোৱান্টাম প্ৰভাৱৰ বাবে কৃষ্ণগহ্বৰে তাপ বিয়পাইছে। কিন্তু পৃথিৱীত কৃষ্ণ গহ্বৰৰ বিষয়ে কোনো তথ্য নাছিল। ষ্টিফেন হকিন্সে এই ৰহস্যৰ উদঘাটন কৰিছিল।


৪। কৃত্ৰিম বুদ্ধিমত্তা তথা ৰ'বটে সমগ্ৰ বিশ্ব দখল কৰিব। যিবোৰ মানুহৰ বাবে বিপদজনক হৈ উঠিব। কৃত্ৰিম বুদ্ধিমত্তাৰ আগ্ৰাসনৰ বলি হ'ব মানৱ জাতি।


৫। পাৰমাণৱিক প্ৰযুক্তি আৰু মানুহৰ আগ্ৰাসনৰ ফলত ধ্বংস হ'ব পৃথিৱী। বিশ্বৰ শক্তিশালী দেশসমূহৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰৰ পাৰস্পৰিক প্ৰয়োগে সমগ্ৰ বিশ্ব ধ্বংস কৰিব।


৭৫ বছৰীয়া জন্মদিনত BBC ক দিয়া সাক্ষাৎকাৰত ষ্টিফেন হকিন্সে মন্তব্য কৰিছিল যে, মানৱ প্ৰজাতিৰ বিলুপ্তিৰ পৰা হাত সাৰিবলৈ মহাকাশত স্বাধীন উপনিৱেশ স্থাপন কৰিব লাগিব। মানৱ সভ্যতাৰ উন্নতিৰ হকে অধিক প্ৰযুক্তিগত উৎকৰ্ষ সাধন কৰিব লাগিব। জলবায়ু পৰিৱৰ্তন বৰ্তমান বিশ্বৰ এক ভয়ানক ভাবুকি হৈ পৰিছে। অনাগত দিনত ভৱিষ্যত প্ৰজন্মই যুঁজিব লাগিব এক ভয়ানক প্ৰাকৃতিক পৰিৱৰ্তনৰ সৈতে।



Post a Comment