চৰকাৰৰ অমনোযোগিতা তথা কৰুণতম ইতিহাস পুনৰাবৃত্তিৰ পথত:
যোৱা ৮ ছেপ্তেম্বৰ ২০২১ তাৰিখে সংঘটিত হোৱা যোৰহাটৰ নিমাতীঘাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাই সমগ্ৰ অসম তথা ভাৰতবাসীৰ অন্তৰ আত্মা কঁপাই থৈ যায় লগতে উদঙাই থৈ যায় অসম চৰকাৰৰ নিজ দায়িত্বৰ প্ৰতি থকা অমনোযোগিতা তথা তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিৰ ফোঁপোলা স্বৰূপ। উল্লেখ্য যে,আজিৰ পৰা প্ৰায় ৯ বছৰ আগতে অৰ্থাৎ ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ মেদৰটাৰীত এনে দুৰ্ঘটনা সংঘটিত হৈছিল,য'ত প্ৰায় ৫০ জন নিষ্পাপ লোকে কৰুণ মৃত্যুক সাৱটি লৈছিল। দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত ৰাষ্ট্ৰীয় নেতা তথা তদানীন্তন মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য পালিনেতাৰ সোঁত বৈছিল। প্ৰতিশ্ৰুতিৰ বৰষুণ পৰিছিল তেওঁলোকৰ মুখৰ পৰা,সাধাৰণ ৰাইজৰ চকুতো জিলিকিছিল আশাৰ ৰেঙণি। কিন্তু সময়ৰ সোঁতত নিশ্চিহ্ন হৈ পৰিছিল তেওঁলোকৰ একো একোটা প্ৰতিশ্ৰুতি।
২৭ ফেব্ৰুৱাৰী ২০১৬ চনত ভাৰত চৰকাৰৰ মাননীয় পথ পৰিবহণ ও গড়কাপ্তানী মন্ত্ৰী নীতিন গাডকাৰীদেৱৰ দ্বাৰা মাজুলী-যোৰহাট সংযোগী দলংৰ আধাৰশিলা স্থাপন কৰা হৈছিল। দুবাৰকৈ আধাৰশিলা স্থাপন কৰিও মাজুলীবাসীৰ বহু আকাংক্ষিত সপোন পূৰণ নকৰিলে অসম চৰকাৰে। কেইবাটাও ভয়ংকৰ ফেৰী দুৰ্ঘটনাইয়ো গা লৰাব পৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগ কতৃপক্ষৰ। চৰকাৰৰ সংশ্লিষ্ট বিভাগ জল পৰিবহণৰ সুব্যৱস্থা নকৰাত ৰাইজে প্ৰতিদিনে জীৱন বিপন্ন কৰি অব্যাহত ৰাখিছে বিপদসংকুল পৰিবহণ যাত্ৰা। জল পৰিবহণ ব্যৱস্থাৰ বাবে নাই সুচল ফেৰী,নাওঁৰ ব্যৱস্থা,মজুত নাই প্ৰয়োজনীয় লাইফ জেকেট। তদুপৰি প্ৰতিদিনৰ যাত্ৰীৰ হিচাপ নাথাকে বিভাগীয় কতৃপক্ষৰ হাতত। গতিকে অনতিপলমে বিভাগীয় কতৃপক্ষ তথা চৰকাৰে উচিত পদক্ষেপ নল'লে তথা নিজ দায়িত্বৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে অসমৰ ইতিহাসত কেইবাটাও নিমাতীঘাট,মেদৰটাৰীৰ দৰে ভয়ংকৰ দুৰ্ঘটনা পুনঃ সংঘটিত হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে চৰকাৰে দলং নিৰ্মাণ নোহোৱা পৰ্য্যন্ত মাজুলীৰ প্ৰতিটো ঘাটতে পৰিবহণৰ সুব্যৱস্থা কৰক আৰু দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী যাত্ৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক।
EDITED BY- MEGHALI DAS
WEB DESK, SORBHOG 24
© SORBHOG_24