ব্ৰিটিছ নিৰ্মিত ঐতিহাসিক চহৰ সৰভোগ। অসমৰ পৰ্যটন মানচিত্ৰত সৰভোগৰ সম্ভাৱনা।



 অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশত সৰভোগৰ সম্ভাৱনা

অসমৰ পৰ্যটন মানচিত্ৰত নৱতম সংযোজন হ'ব পাৰে বৰপেটা জিলাৰ সৰভোগ। ইতিহাসত বৰনগৰ হিচাপে প্ৰসিদ্ধ এই ভূমিভাগ এসময়ত কোঁচৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী আছিল। এটা সময়ত এখন ৰাজ্যৰ মৰ্যাদা লাভ কৰা বৰনগৰক ১৫৮১ খ্ৰীষ্টাব্দত ৰজা নৰনাৰায়ণে ভতিজা ৰঘুৰায় আৰু পুত্ৰ লক্ষ্মীনাৰায়ণৰ মাজত ভগাই দিছিল। ৰজা পৰীক্ষিতৰ পতনৰ পিছত আনুমানিক ১৬১৬ খ্ৰীষ্টাব্দত বৰনগৰ ৰাজ্যৰ পতন হয়। অসমত ১৮৯৭ চনত হোৱা বৰভূইকঁপৰ পিছত বেঁকী নৈ প্ৰবল হৈ উঠাত হাউলী আৰু সৰভোগ দুটা অঞ্চলত বিভক্ত হোৱাৰ পৰিণতিত প্ৰাচীন বৰনগৰ ৰাজ্য সম্পূৰ্ণৰূপে দুটা ভাগত বিভক্ত হৈ পৰে। এই প্ৰাচীন বৰনগৰৰ কেন্দ্ৰভূমি সৰভোগত এতিয়াও বিদ্যমান বহুতো ঐতিহাসিক স্মৃতিচিহ্ন আৰু দৰ্শনীয় ক্ষেত্ৰ।

ফটো- সৰভোগ বিল(পুঠিমাৰী)

ফটো- ৰিহা গৱেষণা কেন্দ্ৰ


                 ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলে ১৫৪৭ খ্ৰীষ্টাব্দত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ (লখীমপুৰ) নিৰ্মাণ কৰা গোহাঁই কমল আলি, ৰাজাঢিপ, মহাপুৰুষ শংকৰদেৱৰ নাতি চতুৰ্ভূজ ঠাকুৰে প্ৰতিষ্ঠা কৰা ঘিলাঝাৰী সত্ৰ, বৃটিছনিৰ্মিত সামৰিক বিমান ঘাটি, ডাকবাংলা তথা ৰংগমঞ্চ, অসমত সহঅভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ নাট্যাভিনয়ৰ আখৰা গৃহ, মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থান, ভাৰতৰ একমাত্ৰ ৰিহা গৱেষণা কেন্দ্ৰ, পুঠিমাৰী বিল, অসমৰ আটাইতকৈ বহল উপ-নৈ বেঁকী ইত্যাদি কেইবাটাও দৰ্শনীয় ক্ষেত্ৰ সৰভোগত আছে।

ফটো- ঐতিহাসিক সৰভোগ ৰেলৱে ষ্টেচন


               অসম চৰকাৰৰ পৰ্যটন বিভাগে অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে সত্ৰনগৰী বৰপেটা জিলাৰ সৰভোগৰ এইসমূহ স্থানক সাঙুৰি ল'ব পাৰে। সৰভোগৰ এই ক্ষেত্ৰসমূহৰ সংৰক্ষণ তথা বিকাশ সাধন কৰিব পাৰিলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে, বেঁকীৰ পাৰত অৱস্থিত সাপনা গাঁৱত এতিয়াও বৃটিছে নিৰ্মাণ কৰা সামৰিক বিমানঘাটিৰ অৱশিষ্ট বিদ্যমান। তদুপৰি বৃটিছে নিৰ্মাণ কৰা সৰভোগ ৰে'ল ষ্টেচন (সেইসময়ৰ জংচন), য'ত মহামানৱ মহাত্মা গান্ধীয়ে ১৯২১-৩৪ চনৰ ভিতৰত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত চাৰিবাৰকৈ পদাৰ্পণ কৰিছিল। সৰভোগৰ এই ক্ষেত্ৰসমূহৰ বিকাশ সাধন কৰি বহল প্ৰচাৰ কৰিলে, সৰভোগ অসমৰ পৰ্যটনৰ কেন্দ্ৰ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত সৰভোগৰ বাবে আদৰ্শনীয় হ'ব পাৰে হিমাচল প্ৰদেশৰ অন্যতম পৰ্যটন থ'লী ছিমলা।

ফটো- গৌড়ীয় মঠ

ফটো- মহাপ্ৰভু শ্রী শ্ৰী গৰখীয়া গোসাঁই থান


           বৃটিছৰ গ্ৰীষ্ম ৰাজধানী ছিমলাত ১৮৮৪-৮৮ চনত বৃটিছে নিৰ্মাণ কৰা ঐতিহাসিক ভাইচৰয় ভৱনটোৰ দৰে সৰভোগতো বৃটিছে আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা কেইবাটাও গৃহ তথা ৰহাত ডাকবাংলা, আমগুৰিত ৰংগমঞ্চ আৰু সাপনাত বেঁকীৰ পাৰত সামৰিক বিমানঘাটি আছে। ছিমলাত বৃটিছে নিৰ্মাণ কৰা ছামাৰ হিল ষ্টেচনৰ দৰে সৰভোগতো ডেৰশ বছৰ গৰকা ঐতিহাসিক ৰে'ল ষ্টেচন বিদ্যমান। ছিমলাৰ ভাইচৰয় ভৱন বা ৰাষ্ট্ৰপতি নিবাসৰ তুলনাত তেনেই সাধাৰণ হ'লেও একেই ইতিহাস বিজড়িত এই সম্পদবোৰ সংৰক্ষণ কৰাটো অতি জৰুৰী। কিয়নো এই চিহ্নবোৰেই এটা সময়ত আমাক আমাৰ ইতিহাস সোঁৱৰাই দিব পাৰিব। 

ফটো- বেকী নদীৰ ওপৰৰ দলং

ফটো- মা শ্রী শ্ৰী তেলোলীয়া গোসাঁই


                   ঠিক তেনেকৈ ছিমলাৰ জাখু পাহাৰত অৱস্থিত হনুমান মন্দিৰ আৰু ১৮৪৫ চনত প্ৰতিষ্ঠা কৰা কালীবাড়ী আৰু ছিমলা বাছ আস্থানৰ পৰা ১১ কিলোমিটাৰ নিলগত অৱস্থিত হিমাচল প্ৰদেশৰ সেনবংশীয় ৰজাসকলৰ কুলদেৱী তাৰাদেৱীৰ মন্দিৰৰ দৰে সৰভোগত পাঁচশৰো অধিক বছৰ পুৰণি ঐতিহাসিক গৰখীয়া গোসাঁই থান, উত্তৰ গণকগাড়ীৰ কালী মন্দিৰ আৰু বাৰেগাঁৱত এটা অতি পুৰণি মনসা মন্দিৰ আছে। নিজস্ব বৈশিষ্ট্যৰে মহীয়ান এইসমূহ ধৰ্মীয় স্থানো পৰ্যটনৰ স্থলী হৈ উঠিব পাৰে। এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন তথা ৰাজ্য চৰকাৰে সৰভোগক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অচিৰেই নতুন পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ।


BY- PRITISHA GOSWAMI

CHIEF EDITOR, SORBHOG 24

© SORBHOG_24

Post a Comment