ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ:
ৰাজ্যত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাকতে-পত্ৰই খুব চৰ্চিত হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ। সাময়িকভাৱে কৰ'না সৃষ্ট জটিল পৰিস্থিতিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ তল পৰিলেও, অনাগত দিনত ৰাজ্যৰ সমষ্টি পুনৰ গঠনৰ প্ৰসংগ পুনৰ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন হ'ব।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা:
ৰাজ্যত সমষ্টি পুনৰ গঠনৰ বাবে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰাৰ পাছত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত স্বাধীনতা লাভৰ পাছৰে পৰা এক বিশেষ গুৰুত্ব লাভ কৰি অহা সৰভোগ সমষ্টি নামটো বিলুপ্ত হোৱাৰ আশংকাই সৰভোগৰ ৰাইজক উদ্বিগ্ন কৰি তুলিছিল। কিয়নো বৰপেটা জিলাৰ অতি গুৰুত্বপূৰ্ণ ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ নামকৰণ সমষ্টি পুনৰ নিৰ্ধাৰণত বৰপেটাৰোড হোৱাৰ সম্ভাৱনাই দেখা দিছে। দেশৰ অন্যান্য ৰাজ্যত ২০০১ চনতে সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। কিন্তু অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য আৰু জম্মু-কাশ্মীৰত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পন্ন হোৱা নাছিল। পৰৱৰ্তী সময়ত ২০০৮ চনত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বিশেষকৈ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত সমষ্টিৰ অন্তৰ্ভুক্ত এলেকাসমূহ পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজন হৈ পৰিছে।
কিয় গুৰুত্বপূৰ্ণ সৰভোগ সমষ্টি?
ৰাজ্যৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) অন্তৰ্গত ৪০ নং সৰভোগ বিধানসভা সমষ্টি। উক্ত সমষ্টিটোৰ অধিকাংশ বিধানসভা সমষ্টি পূৰ্বৰ বিটিএডি আৰু বৰ্তমানৰ বিটিআৰৰ অন্তৰ্ভুক্ত। তদুপৰি ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ উত্তৰাঞ্চলৰ কিছু অংশ বিটিএডিৰ অন্তৰ্ভুক্ত হৈছে। বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাহিৰে পঞ্চায়ত নিৰ্বাচনত সৰভোগ সমষ্টিৰ আটাইখিনি এলেকাভুক্ত ঠাইত পঞ্চায়ত নিৰ্বাচন নহয়। বিটিএডি এলেকাখিনি পঞ্চায়ত নিৰ্বাচনত বাদ পৰি ৰয়। তদুপৰি সৰভোগ থানা তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাদুলীঝাৰ, ৰহা, টেঙ্গাগাঁও ধৰ্মপুৰ, খৰিচালা, ঘুগুবাৰী আদি গাঁৱসমূহ জনীয়া সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে।
এনেদৰে পূৰ্বৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিভিন্ন আসোঁৱাহ থকাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ জৰুৰী হৈ পৰিছে। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ নামত সৰভোগ সমষ্টিৰ ৰাইজে পূৰ্বতে থকা সৰভোগ নামটো সলনি হোৱাটো নিবিচাৰে। সৰভোগ নামটো ৰাজনৈতিকভাৱে উল্লেখযোগ্য হোৱাৰ উপৰিও 'সৰ' আৰু 'ভোগ'ৰ পৰা উৎপত্তি হোৱা সৰভোগ নামটোৰ এক বিশেষ ঐতিহ্য আছে। কৃষিপ্ৰধান অঞ্চলটোত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰী উৎপাদন হোৱাৰ লগতে গাখীৰৰ বাবে সৰভোগ অসম বিখ্যাত। তদুপৰি কোঁচ ৰজা নৰনাৰায়ণ আৰু ৰঘুৰায়ৰ অস্থায়ী ৰাজধানী প্ৰাচীন বৰনগৰৰ প্ৰাণকেন্দ্ৰ হ'ল এই সৰভোগ। বৃহত্তৰ বৰনগৰবাসী ৰাইজে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জপিয়াই পৰাৰ ফলত ১৪১ গৰাকী মুক্তিযুঁজাৰুই কাৰাবাস খাটিবলগীয়া হৈছিল। আনকি বৰনগৰৰ প্ৰাণকেন্দ্ৰ সৰভোগ ষ্টেচনত মহামানৱ মহাত্মা গান্ধীয়ে চাৰিবাৰকৈ পদাৰ্পণ কৰিছিল।
সৰভোগৰ বাবে হ'ব ঐতিহাসিক পৰাজয়!
এনে এক ঐতিহ্যপূৰ্ণ সৰভোগ সমষ্টিৰ নামটো সমষ্টি পুনৰ নিৰ্ধাৰণত যদি সলনি কৰি বৰপেটাৰোড ৰখা হয়, তেনেহ'লে সৰভোগবাসীৰ ঐতিহাসিক পৰাজয় হ'ব বুলি ধাৰণা হয়। যদিও জিলাখনৰ ভিতৰতে বৰপেটাৰোড এতিয়া এখন বৃহৎ চহৰ হিচাপে গঢ় লৈ উঠিছে; সমগ্ৰ নামনি অসমৰে ব্যৱসায় কেন্দ্ৰত পৰিণত হৈছে; কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে সৰভোগৰ প্ৰাচীনত্ব আৰু অৱদান অধিক বিচাৰি পোৱা যায়।
বৰপেটাৰোড আৰু সৰভোগ উভয়কে নিজৰ বুকুত সামৰি লৈয়ে সৰভোগ বিধানসভা সমষ্টি উজলি আছে। ঐতিহাসিক দৃষ্টিৰে চালেও বৰনগৰ ভূ-খণ্ডই সৰভোগ, বৰপেটাৰোড, হাউলী উভয়কে সামৰি লয়। সম্প্ৰতিও এইসমূহ অঞ্চল বৰনগৰ ৰাজহ চক্ৰৰে অন্তৰ্ভুক্ত। সেয়ে সৰভোগ নামটো বাহাল ৰাখিলে উভয় অঞ্চলৰ কাৰোৱেই কোনো দ্বিমতৰ থ'ল নাথাকিব।
ইতিহাসে কয়:
১/ ১৮৯৭ চনত হোৱা বৰভূইকঁপৰ পাছত বেঁকী নৈ প্ৰৱল হৈ উঠাত হাউলী আৰু বৰনগৰ দুটা ভাগত বিভক্ত হোৱাৰ পৰিণতিত প্ৰাচীন বৰনগৰ ৰাজ্য দুটা সুকীয়া সুকীয়া অঞ্চলত বিভক্ত হৈ পৰিছিল। তাৰপাছতে বেঁকী নৈৰ পূব পাৰত হাউলী আৰু পশ্চিম পাৰত সৰভোগ গঢ় লৈ উঠে।
২/ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ১৮২৬ চনত আহোমৰ পৰা ইংৰাজৰ হাতলৈ অসমৰ শাসনভাৰ যোৱাৰ পাছতো কোঁচ ৰজাৰ দ্বাৰা নিৰ্মিত গোহাঁই কমল আলিয়ে সৰভোগ (বৰনগৰ) আৰু হাউলীৰ মাজত একমাত্ৰ সংযোগৰ পথ আছিল। পাছত ১৯১৯ চনত বৰপেটাৰোডৰ পৰা হাউলীলৈ যোৱা নতুন পথ নিৰ্মাণ কৰা হয়।
৩/ বৃটিছৰ যুগত ১৮৮১ চনত অসমলৈ ৰে'লপথৰ প্ৰসাৰ ঘটাত পোনতে বৰনগৰৰ কেন্দ্ৰস্থল সৰভোগত ৰে'ল ষ্টেচন স্থাপন কৰা হৈছিল। পাছত ১৯২৬ চনতহে বৰপেটাৰোড ৰে'ল ষ্টেচন স্থাপিত হয়।
৪/ ১৮৬৬ চনত সৰভোগত ডাকঘৰ, ১৯৬৮ চনত বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয় স্থাপন কৰা হৈছিল। ১৯৬২ চনত গঠন কৰা হৈছিল সৰভোগ নগৰ সমিতি।
৫/ শিক্ষানুষ্ঠানৰ ভিতৰত ১৮৯৮ চনৰ ১ জুলাইত পোনপ্ৰথমে সৰভোগত চকচকা চৰকাৰী মজলীয়া বিদ্যালয় স্থাপন কৰা হৈছিল।
৬/ ১৯২১-৩৪ চনৰ ভিতৰত চাৰিবাৰকৈ সৰভোগত জাতিৰ পিতা মহাত্মা গান্ধীয়ে পদধূলি পেলাইছিল।
৭/ বেঁকী নৈৰ পাৰত সাপনা গাঁৱত ১৯৪১ চনত বৃটিছসকলে সামৰিক বিমানঘাটি নিৰ্মাণ কৰিছিল।
৮/ স্বাধীন ভাৰতে ঘূৰাই দিয়া মুক্তিযুঁজাৰুসকলৰ পাইকাৰী জৰিমনাৰ ধনেৰে সৰভোগত ১৯৫০ চনত নিৰ্মাণ কৰা হৈছিল গান্ধী ভৱন।
ইতিহাস সাক্ষী আছে, বৰনগৰৰ কেন্দ্ৰভূমি সৰভোগৰ সমৃদ্ধিশালী অতীতৰ। হয়তো ইতিহাস দোহাৰিবৰ প্ৰয়োজন নাই। এই ঐতিহাসিক ভূমিৰ জনগণৰ যি অৱদান, যি কৃতিত্ব তাক স্মৰণ কৰিয়েই সৰভোগ সমষ্টিক 'সৰভোগ' ৰূপেই থাকিবলৈ দিয়া উচিত। সৰভোগবাসীৰ ন্যায্য দাবী এয়া। সৰভোগ নামটোৰ বিলুপ্তি ঘটাই ইতিহাসক লজ্জিত নকৰিলে আমি ভাল পাম। সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এয়া সৰভোগবাসীৰ সকাতৰ অনুৰোধ!
BY- PRITISHA GOSWAMI
CHIEF EDITOR, SORBHOG 24
© SORBHOG_24