দুগৰাকী লোকশিল্পীক বিহু সুৰক্ষা সমিতি বৰপেটাৰ সম্বৰ্ধনা,
সৰভোগৰ প্ৰতিবেদক, ৯ ছেপ্টেম্বৰ:
বিহু সুৰক্ষা সমিতি অসমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু সৰভোগ আঞ্চলিকৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৭ ছেপ্টেম্বৰত দুগৰাকী লোকশিল্পীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটাৰোডৰ লোক সংগীতৰ সাধক, বিশিষ্ট লোকশিল্পী ডম্বৰুধৰ পাঠক আৰু সৰভোগৰ দতৰাৰ সুৰেন কলিতাক বিহু সুৰক্ষা সমিতিয়ে সম্বৰ্ধনা জনায়। বিদ্যায়তনিক পৰিষদ, অসম আৰু বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা লোক সংগীতৰ সাধক, আকাশ বাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া আৰু দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথম শাৰীৰ লোকগীতৰ শিল্পী হিচাপে প্ৰখ্যাত ডম্বৰুধৰ পাঠকৰ বাসভৱনলৈ গৈ মানপত্ৰ, গামোচা আৰু বিহু সম্পৰ্কীয় গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয় যে, তেওঁ অতিকে আনন্দিত আৰু বিহু সুৰক্ষা সমিতিৰ লগত জড়িত হ'বলৈ সুবিধা পালে অত্যন্ত সুখী হ'ব। অদূৰ ভৱিষ্যতে লোকগীতৰ আখৰা অনুষ্ঠিত কৰিলে তেওঁ নতুন শিল্পীসকলক অধিক উৎসাহিত কৰিবলৈও আগ্ৰহী বুলি জনায়।
ইপিনে, বৰপেটা জিলা সমিতিৰ অন্তৰ্গত সৰভোগ আঞ্চলিকৰ দতৰা গাঁৱৰ লোকশিল্পী, সাধক সুৰেন কলিতাৰ বাসভৱনত গৈ বিহু সুৰক্ষা সমিতিয়ে সম্বৰ্ধনা পত্ৰ, গামোচা আৰু বিহু সম্পৰ্কীয় গ্ৰন্থ এখনেৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ শেষত সুৰেন কলিতা আৰু তেওঁৰ পত্নী দীপালি কলিতাই দ্বৈত কণ্ঠত লোকগীত এটি পৰিৱেশন কৰে। শিল্পী দুগৰাকীক সম্বৰ্ধনা জনোৱাৰ সময়ত বৰপেটা জিলা সমিতিৰ সভাপতি অধৰ চন্দ্ৰ গায়ন, কাৰ্যকৰী সভাপতি আনন্দ কাকতি, সম্পাদক হৰেকৃষ্ণ তালুকদাৰ আৰু সৰভোগ আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰশান্ত কুমাৰ নাথ আৰু সম্পাদক কুলেন দাস উপস্থিত থাকে।
BY- PRITISHA GOSWAMI
CHIEF EDITOR, SORBHOG 24