সৰভোগত বিশ্ব হিন্দু পৰিষদৰ বৰনগৰ প্ৰখণ্ড সমিতি গঠন।

 


সৰভোগত বিশ্ব হিন্দু পৰিষদৰ বৰনগৰ প্ৰখণ্ড সমিতি গঠন


সৰভোগ, ২৮ ছেপ্টেম্বৰ:

সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত এক বৈঠকত আজি বিশ্ব হিন্দু পৰিষদৰ বৰপেটা জিলাৰ বৰনগৰ প্ৰখণ্ড সমিতি গঠন কৰা হয়। উক্ত বৈঠকত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহকাৰী বৌদ্ধিক প্ৰমুখ কৌশিক শৰ্মাই। উক্ত বৈঠকত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগ সংগঠন মন্ত্ৰী অনুপ দাস আৰু বিশ্ব হিন্দু পৰিষদৰ জিলা প্ৰচাৰক বিপুল গোস্বামী। বিশ্ব হিন্দু পৰিষদৰ বৰনগৰ প্ৰখণ্ড সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত আজিৰ বৈঠকত সভাপতি হিচাপে মৃণাল নাথ, কাৰ্য্যকৰী সভাপতি অজয় কুমাৰ নাথ, উপ-সভাপতি প্ৰণৱ দাস, সম্পাদক পল্লৱ গোস্বামী, সহকাৰী সম্পাদক চক্ৰধৰ দাস, ধৰ্ম প্ৰচাৰ প্ৰমুখ ৰঞ্জিত নাথ, গো-ৰক্ষা প্ৰমুখ জিতুমনি দাস, সেৱা প্ৰমুখ ভাস্কৰ শৰ্মা, ধৰ্মাচাৰ্য্য সম্পৰ্ক প্ৰমুখ নাৰায়ণ গোস্বামী, মঠ-মন্দিৰ সম্পৰ্ক প্ৰমুখ ভূপেন দাস,সৎ সংগ প্ৰমুখ দ্বিপেন নাথ, প্ৰচাৰ প্ৰমুখ প্ৰাঞ্জল দাস, মাতৃ শক্তি প্ৰমুখ নমিতা দাস বৈশ্য, সহকাৰী মাতৃ শক্তি প্ৰমুখ সোণমনি দাস, দুৰ্গা বাহিনী প্ৰমুখ অৰ্পণা নাথ, গৌৰীপ্ৰিয়া নাথ আৰু হিমাশ্ৰী ৰায়ক লৈ নতুন সমিতিখন গঠন কৰা হয়।


By-Mrinmay Nath

Edited By-Pritisha Goswami

© SORBHOG_24






Post a Comment