এক ইতিবাচক খবৰ। দেশৰ সৰ্বাধিক বিনিয়োগৰ তালিকাত অসমৰ বৰপেটা জিলাৰ নাম অন্তৰ্ভূক্ত।


 সমগ্ৰ ভাৰত তথা অসমৰ বহুকেইখন চহকী প্ৰখ্যাত জিলাক পিছ পেলাই সম্প্ৰতি দেশৰ সৰ্বাধিক বিনিয়োগৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে বৰপেটা জিলাই। শেহতীয়াকৈ NSE(National Stock Exchange)-এ আগবঢ়োৱা তথ্যত দেখা গৈছে বিনিয়োগৰ ক্ষেত্ৰখনত বৰপেটা জিলাই লাভ কৰা এই উত্তৰণ। দেশৰ শীর্ষ ১০ খন  বিনিয়োগকাৰী স্থানৰ ভিতৰত অষ্টম স্থান পাই জিলিকি উঠিছে বৰপেটা জিলা। আকৌ, বৰপেটাকে ধৰি এন.এচ.ই  (NSE)-এ আগবঢ়োৱা এই শেহতীয়া তালিকাত নাম অন্তৰ্ভুক্ত হোৱা আন ৯ খন ঠাই হ'ল ক্ৰমে দিল্লী, মুম্বাই, পুনে, আহমেদাবাদ , চুৰাট, বাংগালুৰু,জয়পুৰ, হায়দৰাবাদ, ৰংগাৰেড্ডী। উল্লেখযোগ্য যে, যোৱা দুবছৰ ধৰি বৰপেটাৰ লগতে বিনিয়োগ হাৰ বৃদ্ধি পাইছে ধুবুৰী,ধেমাজি, কাৰ্বি আংলং, মণিপুৰকে ধৰি বহু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ঠাইত। সাম্প্ৰতিক সময়ত কোভিডকালীন পৰিস্থিতিত দেশৰ কৰ্মবিমুখ লোকলৈ এক প্ৰকাৰ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এই বিনিয়োগ পদ্ধতিয়ে। কিন্তু, এই বিনিয়োগ ব্যৱস্থাৰ ক্ষেত্ৰখন যথেষ্ট লাভজনক হ'লেও সামান্যতম অসচেতনতাই কাৰোবাৰ জীৱনত অবাঞ্চিত বিপদ মাতি অনাৰ কথাও আমি নুই কৰিব নোৱাৰো । ইয়াৰ বিপৰীতে অত্যধিক সচেতনতা জৰিয়তে বিনিয়োগ পদ্ধতিৰ এই পথত গতি  কৰিলে এক সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ যথেষ্ট সুবিধাজনক হৈ পৰে। তদুপৰি, এই বিনিয়োগ পদ্ধতিয়ে আমাৰ সমাজৰ এক অন্যতম জ্বলন্ত সমস্যা নিবনুৱা সমস্যাও যেন আমাৰ সমাজৰ পৰা বহুখিনি হ্ৰাস কৰাত  সহায় কৰিব তাৰো যেন এক ক্ষুদ্ৰ ইংগিত বহন কৰিছে।


National Desk
WebDesk, SORBHOG_24
© SORBHOG_24

Post a Comment