শুকান কাঠত প্ৰাণৰ সঞ্চাৰ কৰা বৰপেটাৰোডৰ প্ৰচাৰ বিমুখ শিল্পী মুকুল দাস
দুহাতৰ পৰশেৰে শুকান কাঠত নতুন প্ৰাণৰ সঞ্চাৰ কৰা বৰপেটাৰোডৰ এগৰাকী অখ্যাত শিল্পী মুকুল দাস। বৰপেটাৰোডৰ বৰ্মনপাৰা নিবাসী শিল্পী মুকুল দাসে ২০১৩ চনৰ পৰাই বিভিন্ন শিল্পকৰ্ম সৃষ্টি কৰি আহিছে যদিও তেওঁ প্ৰচাৰ বিমুখ। কাঠৰ টুকুৰা একোটাৰ পৰাই তেওঁ কিতাপ, হাতী, ঘৰ, গণেশ, গঁড়, ৰংঘৰ আদিৰ উপৰিও ড° ভূপেন হাজৰিকা, জৱাহৰলাল নেহেৰু, গোপীনাথ বৰদলৈ, ড° এপিজে আব্দুল কালাম, জাতিৰ পিতা মহাত্মা গান্ধী, শ্যাম বাবা, ছাই বাবা, যীশুখ্ৰীষ্ট, গুৰুনানক, বুদ্ধদেৱ আদি প্ৰসিদ্ধ ব্যক্তিসকলৰ প্ৰতিকৃতি সাজি উলিয়াইছে। তদুপৰি অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ শৰাই, জাপি, ঢোল, পেঁপা, গগণা, গামোচা আদিও সাজিছে।
বৰপেটাৰোডৰ বৰ্মনপাৰাৰ নিবাসী গংগাৰাম দাস আৰু বীণা দাসৰ পুত্ৰ মুকুল দাসে খুৰায়েক গোবিন্দ আদিত্যৰ পৰা কাঠৰ পৰা বস্তু বনোৱা শিকিছিল। কাঠৰ আচ-বাবৰ ব্যৱসায়ৰ সৈতে জড়িত খুৰায়েকৰ দোকানত শৈশৱ-কৈশোৰৰ সময়ছোৱাত, মিস্ত্ৰীয়ে কাম কৰি থকাৰ সময়ত তেওঁ অতি মনোযোগেৰে সকলো নিৰীক্ষণ কৰি গৈছিল। আৰু সেইদৰেই এদিন এই কামৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত বিভিন্ন বস্তু বা ফটো চাই শুকান কাঠৰ টুকুৰাত প্ৰতিকৃতি কাটি কাটি জীৱন্ত শিল্পৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল শিল্পী মুকুল দাসে।
তেনেকৈয়ে অনুশীলন কৰোঁতে কৰোঁতে আজি তেওঁৰ হাতৰ পৰশত শতাধিক শিল্পৰ সৃষ্টি হ'ল। ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ বনোৱা বিজেপিৰ দলীয় প্ৰতীক পদুম ফুল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো আগশাৰীৰ ৰাজনৈতিক নেতাক প্ৰদান কৰা হৈছিল। কাঠৰ পৰা শিল্পী মুকুল দাসে অসমীয়া গহনাও সাজি উলিয়াইছে। ইতিমধ্যে তেওঁৰ শিল্পই সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।
শিল্পীগৰাকীয়ে কলা-শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে কেৱল মাত্ৰ নিজৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তিৰে কাঠৰ টুকুৰাত নিখুঁতভাৱে ফুটাই তুলিব পাৰে বিভিন্ন আকৃতি, বিভিন্ন প্ৰতিমূৰ্তি। শিল্প সৃষ্টিৰ বাবে তেওঁৰ ওচৰত ২০০ ৰো অধিক সুঁজলি আছে। কাঠ এটুকুৰাক শিল্পৰ ৰূপ দিবলৈ যাওতে অত্যন্ত মনোযোগ আৰু সূক্ষ্ম পৰ্যবেক্ষণৰ প্ৰয়োজন হয়।
লগতে যথেষ্ট কষ্ট আৰু সময়ৰো প্ৰয়োজন। এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীয়ে অকল মনৰ ইচ্ছা আৰু আত্মতৃপ্তিৰ বাবেই এটাৰ পাছত এটাকৈ নিৰৱচ্ছিন্নভাৱে শিল্পৰ সৃষ্টি কৰি গৈছে। যদি তেওঁ নিজৰ শিল্প কৰ্মক ব্যৱসায়িক ভিত্তিত আগবঢ়াই নিব পাৰে তেন্তে যথেষ্ট লাভৱান হোৱাৰ থ'ল আছে।
BY- PRITISHA GOSWAMI
WEBDESK, SORBHOG_24
©SORBHOG_24