বাংলাদেশ কাণ্ডৰ প্ৰতিবাদত বৰপেটাৰোডত ধিক্কাৰ সভা।

 বাংলাদেশ কাণ্ডৰ প্ৰতিবাদত বৰপেটাৰোডত ধিক্কাৰ সভা


শ্লোগ-দুৰ্গাপুজাৰ সময়ত বাংলাদেশত সংখ্যালঘু হিন্দুৰ উপৰত চলা আক্ৰমণাত্মক-হত্যা-হিংসা আৰু দুর্গাৰ প্রতিমা- মন্দিৰ ভঙাৰ প্রতিবাদত অনুস্থিত হয় এই ধিক্কাৰ সভা।



           বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণাত্মক-হত্যা-হিংসা, দুর্গাৰ প্রতিমা- মন্দিৰ ভঙাৰ প্রতিবাদত আজি বৰপেটাৰোডত এক বিশাল ধিক্কাৰ সভা আয়োজন কৰা হয় । বৰপেটাৰোডত ইসকন অনুমোদিত বৰপেটাৰোড শ্রী শ্রী হৰেকৃষ্ণ নামহট্ট সংঘ আৰু হিন্দু নাগৰিক মঞ্চ বৰপেটাৰোড শাখাৰ উদ্যোগত  আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে  হিন্দু নাগৰিক মঞ্চৰ সভাপতি  শ্রীধৰ শর্মাই পৰিচালনা কৰে বৰপেটাৰোড শ্রী শ্রী হৰেকৃষ্ণ নামহট্ট সংঘৰ সভাপতি দিব্যেন্দু বিশ্বাসে । এই  সভাত বাংলাদেশত সংখ্যালঘু হিন্দু ওপৰত কৰা অকথ্য অত্যাচাৰ মহিলাসকলৰ ওপৰত চালা নির্যাতন আৰু  মন্দিৰৰ লগতে  দেৱ দেৱীৰ মূর্তি ভাঙি চুৰমাৰ কৰাৰ কাৰ্য্যক কোঠৰ ভাষাৰে  ধিক্কাৰ জনায় লগতে    সকলো হিন্দুই  একত্রিত হৈ সেই অশুভ শক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ প্ৰতিৰোধ কৰাৰ আহ্বান জানায়  ।আজিৰ এই ধিক্কাৰ সভাত উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ,সার্বজনীন ৰাস মন্দিৰ পৰিচালনা সমিতি , ৰাষ্ট্রীয় জন কল্যাণ কামী  পৰিষদ, সৎসঙ্গ বিহাৰ শিমলাগুৰী, দুর্গাবাড়ি কালীবাড়ি সমিতিৰ প্রতিনিধি সহ সৰভোগৰ বিশিষ্ট নাগৰিক কৌশিক শর্মাই  বাংলাদেশত হোৱা আমানৱীয় কাৰ্যৰ বিৰুদ্ধে বক্তব্য ৰাখি তীব্ৰ গৰিহণা দিয়ে ।


 এই ধিক্কাৰ সভাত বাংলাদেশৰ মৃত্যু হোৱা লোকসকলোৰ আত্মাৰ শান্তি কামনা বাবে এক মিনিট মৌন প্ৰাৰ্থনা পালন কৰাৰ লগতে বাংলাদেশত হোৱা বৰ্বৰ ঘটনাৰ এশ ফুট দৈৰ্ঘ্যৰ প্ৰতিচ্ছবি উন্মোচন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখযোগ্য যে আজিৰ এই সভাৰ পৰাই বৰপেটা জিলা উপায়ুক্ত যোগে এখন স্মাৰক পত্ৰ  ভাৰতৰ প্রধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় লগতে বাংলাদেশৰ কোম্পানীৰ দ্বাৰা তৈয়াৰী সকলো সামগ্ৰী বৰ্জন কৰাৰ আহ্বান জনায় । আজিৰ এই  সভাত প্রায় পাঁচ শতাধিক লোকৰ উপস্থিত থকা পৰিলক্ষিত হয়। উক্ত ধিক্কাৰ সভাত জয় শ্রীৰাম, হৰে কৃষ্ণ, হৰহৰ মহাদেৱ  আদি নানা ধ্বনিৰে দিয়ে আকাশ বতাহ উত্তাল কৰি তোলে।


WebDesk, Sorbhog 24

© SORBHOG_24

FOLLOW FOR MORE................

Post a Comment