ভয়ঙ্কৰ বিস্ফোৰণে কঁপাই গ'ল লুধীয়ানাৰ জিলা আদালতৰ চৌহদ

 


ভয়ঙ্কৰ বিস্ফোৰণে কঁপাই গ'ল লুধীয়ানাৰ জিলা আদালতৰ চৌহদ


পঞ্জাৱৰ লুধিয়ানা নামৰ অঞ্চলটোত স্থিত জিলা আদালতৰ চৌহদত আজি দুপৰীয়া সময়ত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ কাণ্ড। দুপৰীয়া ১২ মান বজাত আদালতৰ ছয়মহলীয়া অট্টালিকাৰ তৃতীয় মহলাৰ শৌচাগাৰৰ সন্মুখত সংঘটিত হয় এই ভয়াবহ বিস্ফোৰণ, যিয়ে কঁপাই থৈ যায় সমগ্ৰ আদালতাৰ চৌহদ। ঘটনাৰ খবৰ পাই কিছুসময় পিছতে আৰক্ষীবাহিনী তথা দুৰ্যোগ প্ৰশমনবাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।জানিব পৰা মতে, এই ঘটনাৰ পৰিণতিস্বৰূপে দুজন লোকে মৃত্যক আঁকোৱালি লোৱাৰ লগতে ৪ জন লোক আহত হয়। মৃত লোক দুজনৰ মৃতদেহদুটা মৰণোত্তৰ পৰীক্ষাৰ  প্ৰেৰণ কৰা হয় আৰু আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ পঠিওৱা হয়। ইফালে ঘটনা সন্দৰ্ভত যদিওবা প্ৰশাসনৰ ফালৰ ফালপৰ পৰা কোনো সঠিক তথ্য লাভ কৰা হোৱা নাই , তথাপি বোমা সংস্থাপন কৰাৰ সময়তে দুৰ্ভাগ্যবশত: এই ভয়ঙ্কৰ বিস্ফোৰণ সংঘটিত হয় বুলি অনুমাম কৰা হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে , যোৱা কেইবাদিনো ধৰি ৰাজ্যখনত হৈ থকা এটাৰ পিছত আনটো কূটাঘাতমূলক ঘটনাই সাধাৰণ জনতাৰ মাজত বৰ গভীৰভাবে প্ৰভাৱ লোৱাৰ লগতে ইয়াৰ  আঁৰত কোনো গভীৰ ৰহস্য তথা ষড়যন্ত্ৰ লুকাই থকা সন্দেহ প্ৰকাশ কৰা হৈছে।



WebDesk

@SORBHOG_24

Post a Comment