ডাক বিভাগৰ ৩৮,৯২৬ চাকৰি। কোনে কোনে কৰিব পাৰিব আবেদন???


"নিয়োগৰ খবৰ"

ডাক বিভাগৰ ৩৮,৯২৬ চাকৰি

৫ জুনৰ ভিতৰত আবেদনৰ আহ্বান

11th May,2022:


        ভাৰতীয় ডাক বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ। ডাক বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, Gramin Dak Sevakৰ ৩৮,৯২৬ পদত অচিৰেই প্ৰাৰ্থী নিয়োগ কৰা হ'ব। Gramin Dak Sevakৰ ৩৮,৯২৬ পদৰ ভিতৰত পৰৱৰ্তী পৰ্যায়ত BPM, ABPM আৰু Dak Sevakৰ পদত প্রার্থী নিয়োগ কৰা হ’ব। BPM পদৰ প্রার্থীয়ে মাহে ১২,০০০ টকা লাভ কৰিব৷ আনহাতে, ABPM আৰু Dak Sevak পদৰ প্ৰাৰ্থীয়ে মাহে ১০,০০০ টকা লাভ কৰিব। বয়স ৫ জুন, ২০২২লৈ ১৮-৪০ বছৰ। বয়সৰ ঊর্ধ্বসীমাত SC আৰু  ST শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৫ বছৰ, OBC শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩ বছৰ,দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০/১৩ বছৰ আৰু SC, ST শ্ৰেণীৰ দিব্যাংগ প্ৰাৰ্থীয়ে ১৫ বছৰ ৰেহাই লাভ কৰিব। 

        Government of India/State Government/Union Territory-এ আয়োজন কৰা Board of School Educationৰ পৰীক্ষাত Mathematics আৰু English (Compulsory/Elective Subject) বিষয়সহ দশম শ্রেণী উত্তীর্ণ হোৱা হ'ব লাগিব। স্থানীয় ভাষাত অধ্যয়ন কৰা হ’ব লাগিব। Gramin Dak Sevakৰ ৩৮, ৯২৬ পদ পূৰণ হ'বলগীয়া ৰাজ্যসমূহ হৈছে – Assam (1413), Andhra Pradesh (1716), Bihar (990), Chhattisgarh (1253), Delhi (60), Gujarat (1901), Himachal Pradesh (1007), Haryana (921), Jammu & Kashmir (265), Jharkhand (610), Karnataka (2410), Kerala (2203), Madhya Prdesh (4074), Maharashtra (3026), North Eastern (551), Odisha (3066), Punjab (969), Rajasthan (2390), Tamil Nadu (4310), Telangana (1226), Uttar Pradesh (2519), Uttarakhand (353), West Bengal (1963)।

 

       GDS পদৰ প্ৰাৰ্থীয়ে চাইকেল চলাবলৈ জনা হ’ব লাগিব। GDS BPM পদৰ প্ৰাৰ্থী নিযুক্তিপ্রাপ্ত Branch Post Officeৰ অধীনস্থ গাঁৱত বাস কৰিব লাগিব। আনহাতে, ABPM/Dak Sevak পদৰ প্ৰাৰ্থী Post Office (HO/SO/ BO)ৰ Delivery Jurisdictionৰ অধীনস্থ গাঁৱত বাস কৰিব লাগিব। Branch Postmaster (BPM) পদৰ প্ৰাৰ্থী Branch Post Office আৰু Mobile Device/Smartphone ৰ মাধ্যমেৰে India Post Payments Bank (IPPB) ৰ Transaction  (Offline and Online) কৰিব লাগিব। Branch Post Officeৰ Jurisdictionৰ অধীনস্থ Village আৰু Gram Panchayatত Business কৰা আৰু Postal Product and Serviceৰ Marketing কৰিব লাগিব। Mobile Device/Smartphone Record Maintain কৰিব লাগিব। IPO/ASPO/SPO/SSPO-এ দিয়া নির্দেশ পালন কৰিব লাগিব। Branch Postmaster-এ Assistant Branch Post Masterক সহায় কৰাৰ লগতে Branch Post Officeৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত অগ্রণী ভূমিকা ল’ব লাগিব আনহাতে, Assistant Branch Postmaster (ABPM ) - এ Stamp/Stationery বিক্ৰী কৰা আৰু Doorstepত Mail Delivery কৰা, Deposit/Payment/IPPB Transaction কৰিব লাগিব। Counter Dutyৰ সময়ত Assisting Branch Postmasterক সহায় কৰিব লাগিব। অন্যান্য দায়িত্বসমূহ পূৰ্বৰ পদৰ অনুৰূপ। ABPM-এ সময়সাপেক্ষে BPMৰ দায়িত্ব পালন কৰিব লাগিব। শেষত, Dak Sevak পদৰ প্রার্থী Sub Post Office আৰু Head Post Officeত কার্য সম্পাদন কৰিব লাগিব। Stamp/Stationery বিক্ৰী কৰা আৰু Doorstepত Mail Delivery কৰা, Deposit/Payment/IPPB Transaction কৰিব লাগিব। Postmaster/Sub Postmaster-এ দিয়া দায়িত্ব পালন কৰিব লাগিব। Railway Mail Service (RMS) বিতৰণ কৰা, অন্যান্য ব্যৱসায়িক কাৰ্যালয়ৰ ডাক আদান-প্রদান কৰা ইত্যাদি কাম কৰিব লাগিব। 

   

    আবেদন মাচুল হিচাপে ১০০ টকা ভাৰতীয় ডাকৰ হকে পৰিশোধ কৰিব লাগিব। অৱশ্যে এই মাচুল মহিলা, SC, ST আৰু দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে পৰিশোধ কৰিব নালাগে। 

       আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় ডাকৰ ৱেবছাইট https://indiapostgdsonline.gov.in লগ-ইন কৰিব পাৰে। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ জুন, ২০২২।


Courtesy- Niyog Barta (Niyomiya Barta)

By- Mrinmay Nath

SORBHOG 24


Post a Comment