"BSF বিষয়া গৰাকীয়ে নিৰাপত্তাৰ খাতিৰত মোক বাধা দিয়া বিষয়টো মই সন্মান জনাইছোঁ"- ৰঞ্জিত দাস।


 #BreakingNews

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফেচবুক পোষ্ট

"BSF বিষয়া গৰাকীয়ে নিৰাপত্তাৰ খাতিৰত মোক বাধা দিয়া বিষয়টো মই সন্মান জনাইছোঁ"


9th May,2022:

আজি দক্ষিণ শালমাৰা- মানকাচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে BOP টাৱাৰলৈ উঠিবলৈ চেষ্টা কৰাৰ সময়ত ৰঞ্জিত কুমাৰ দাসক বাধা প্ৰদান কৰে এগৰাকী জ্যেষ্ঠ BSF বিষয়াই।

       এই ঘটনা বন্দী হৈছিল সংবাদ মাধ্যমৰ কেমেৰাত, যাৰ পিছতে একাংশ সংবাদ মাধ্যমত চৰ্চিত হৈ পৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক BOP টাৱাৰৰ BSF বিষয়াই নমাই পঠিওৱা ভিডিঅ'।

           এই বাতৰিৰ উমান পাইয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী দাসে কয় যে উক্ত BOP টাৱাৰটোত কেৱল মাত্ৰ ৮ জন মানুহ উঠিব পৰাহে ক্ষমতা আছিল। যিহেতু, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগতে BSF ৰ মুখ্য বিষয়াসহ আগতীয়াকৈ ৮ গৰাকী ব্যক্তি তাত উপস্থিত আছিল সেয়ে নিৰাপত্তাজনিত কাৰণতহে তেখেতক টাৱাৰৰ পৰা নামিবলৈ অনুৰোধ জনাইছিল BSF-ৰ শীর্ষ বিষয়াগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনোৱাৰ পৰা কামাখ্যা মন্দিৰ পৰিদৰ্শনৰ লগতে BSF-য়ে আয়োজন কৰা সভাতো একেলগেই থকাৰ কথাও প্ৰকাশ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰোপৰি নিৰাপত্তাৰ খাতিৰত BSF বিষয়াগৰাকীয়ে কৰা বিষয়টোক সন্মান জনোৱা বুলিও প্ৰকাশ কৰে মন্ত্ৰী দাসে।

         লগতে একাংশ সংবাদ মাধ্যমে ভুলকৈ বাতৰি পৰিবেশন কৰি দেশ মাতৃৰ সুৰক্ষাত নিয়োজিত BSF বিষয়াৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি প্ৰশ্নবোধক অনা কথাটোত দুখ প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।



Webdesk, SORBHOG 24

By- Mrinmay Nath

SORBHOG

Post a Comment