Tomato flu(টমাটো ফ্লু)
ভাৰতৰ্ষৰ কেৰালাৰ কিছু অংশত এটি নতুন ভাইৰাছ চিনাক্ত কৰা হৈছে, যাক "টমাটো ফ্লু" হিচাবে চিহ্নিত কৰা হৈছে।
প্রতিবেদন অনুসাৰে, বিৰল ভাইৰেল ৰোগটি এই পর্যন্ত ৰাজ্যৰ পাঁচ বছৰৰ কম বয়সৰ ৪০ টিৰ বেছি শিশুক সংক্ৰমিত কৰিছে। ইয়াৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে বুলি সম্ভাৱনা কৰা হৈছে।
প্ৰতিবেদনত কোৱা হৈছে, এই ৰোগটি ভাইৰেল জ্বৰ বা চিকুনগুনিয়া বা ডেঙ্গু জ্বৰৰ পৰৱৰ্তী প্ৰভাৱ। কিছু ক্ষেত্ৰত এই ৰোগটিৰ উপসৰ্গ COVID-19ৰ লেখীয়া কিন্তু COVID-19ৰ লগত এই ৰোগটিৰ কোনো সম্পৰ্ক নাই।
টমাটো ফ্লুৰ লক্ষণসমূহ:
1. মাত্ৰাধিক জ্বৰ
2. ডিহাইড্ৰেছন
3. শৰীৰৰ বিষ
4. ৰঙা বিলাহীৰ দৰে ফোঁহা
5. ছৰ্দি
6. বমি
7. হাঁচি
8. ভাগৰুৱা বা ক্লান্তি
9. মুখৰ জ্বলা-পোৰা
10. হাত-ভৰি বা শৰীৰৰ অন্যান্য অংশত বিৱৰ্ণতা
ইত্যাদি।
সাৱধানতাসমূহ:
1. এই ৰোগৰ উপসৰ্গই দেখা দিলে তৎক্ষণাত স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰক।
2. সংক্ৰমিত শিশু বা ব্যক্তিৰ পৰা পৰাপক্ষত আঁতৰত থাকক।
3. গৰম পানী ব্যৱহাৰ কৰক।
4. পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি মানি চলক।
এই ৰোগটি কেৱলমাত্ৰ কেৰেলাৰ কিছু অংশত পোৱা গৈছে, স্বাস্থ্য বিভাগে সতর্ক কৰিছে যে, প্রতিৰোধমূলক ব্যৱস্থা নল'লে ভাইৰাছটি আৰু বিয়পি পৰিব পাৰে।