আইৰণৰ আৱশ্যকতা। আইৰণৰ অভাৱত হোৱা সমস্যা আৰু ইয়াৰ সহজলভ্য উৎসসমূহ


আইৰণৰ আৱশ্যকতা। আইৰণৰ অভাৱত হোৱা সমস্যা আৰু ইয়াৰ সহজলভ্য উৎসসমূহ...

দেহা থাকিলেহে বেহা বুলি কথা এষাৰ আছে। সুস্থ-সবল হৈ থাকিলেহে কৰ্মোদ্যমৰ গৰাকী হৈ সকলো কাম সুকলমে সম্পন্ন কৰাটো সম্ভৱ। আমাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে আৰু যন্ত্ৰটো চলাবলৈ যেনেকৈ তেল বা বিদ্যুতৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে শৰীৰ চলাবলৈ আমাক পুষ্টি আৰু ভিটামিনৰ প্ৰয়োজন। 


  আইৰণ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ খনিজ যিয়ে আমাক পুষ্টি দিয়াই নহয় বহু ৰোগৰ পৰাও ৰক্ষা কৰে। আইৰণ অবিহনে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে, গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱত হিম'গ্লবিন কমিবলৈ আৰম্ভ কৰে। 

  

আমাৰ দেহত থকা লোহিত ৰক্তকণিকাৰ হিম’গ্লবিন আৰু মাংসপেশীৰ মায়’গ্লবিন আইৰণৰ দ্বাৰা গঠিত। প্ৰতি গ্ৰাম হিম’গ্লবিনত প্ৰায় ৩.৩৪ মিলিগ্ৰাম আইৰণ থাকে। লোহিত ৰক্তকণিকাৰ হিম’গ্লবিনত থকা আইৰণে মুখ্যতঃ অস্কিজেন কঢ়িয়াই নি শৰীৰৰ কোষবোৰত যোগান ধৰে। মায়গ্লবিনে মাংসপেশীক শক্তি যোগায়। তদুপৰি শৰীৰৰ বহুতো জৈৱিক প্ৰক্ৰিয়াত সহায় কৰা চাইটোক্ৰোম, কেটালেজ, এনজাইম আদিত আইৰণ থাকে। কেটাকলেমাইনৰ মেটাবলিজিমত মস্তিষ্কৰ বৃদ্ধি আৰু কাৰ্যদক্ষতা বঢ়োৱা, মানসিক উৎকৰ্ষ সাধন কৰা, ৰোগ প্ৰতিৰোধ ব্যৱস্থাক এণ্টিব’ডি তৈয়াৰ কৰি সবল কৰা, শৰীৰৰ উত্তাপ সঠিককৈ ৰখা অদি কাৰ্যৰ বাবে আইৰণৰ আৱশ্যক। 


   মানৱ শৰীৰত সাধাৰণতে ৩.০ ৰ পৰা ৫.০ গ্ৰাম আইৰণ থাকে। ইয়াৰ প্ৰায় ৬৫ ভাগ হিম’গ্লবিনত, ৫ ভাগ মাইঅ’গ্ল’বিনত, ২৫ ভাগ ফেৰিটিন আৰু হিম’চিদাৰিন হিচাপে যকৃত, প্লীহা, অস্থিৰ মজ্জা আদিত জমা থাকে। বাকী ৫ শতাংশ ক্ষুদ্ৰান্তৰ প্ৰথমভাগ আৰু দ্বিতীয়ভাগত সিঁচৰতি হৈ থাকে। সাধাৰণ অৱস্থাত এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰৰ পৰা প্ৰতিদিনে প্ৰায় এক মিলিগ্ৰাম আইৰণ প্ৰস্ৰাৱ, ঘাম, পিত্তৰস, ৰক্তক্ষৰণ আদিৰ দ্বাৰা ওলায়।               


     মাহেকীয়া হোৱা মহিলা এগৰাকীৰ শৰীৰৰ পৰা প্ৰতিদিনে ২ মিলিগ্ৰাম আইৰণ ওলাই যায়। যিহেতু শৰীৰে প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে পুনৰ ব্যৱহাৰ কৰে, সেয়েহে শৰীৰক প্ৰতিদিনে বাহিৰৰ পৰা যোগান ধৰিব লগা আইৰণৰ পৰিমাণ অতি নগণ্য। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত আইৰণৰ আৱশ্যকতা বাঢ়ি যায়।গৰ্ভাৱস্থাত কেঁচুৱাৰ বৃদ্ধিৰ বাবে,শিশুক দুগ্ধপান কৰোৱা মাতৃক, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিৰ বাবে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে, বৃদ্ধ অৱস্থাত সঠিককৈ স্বাস্থ্য ৰক্ষাৰ বাবে অতিৰিক্ত আইৰণৰ প্ৰয়োজন হয়।


আইৰণৰ অভাৱত আমি কি কি অসুবিধাৰ সন্মুখীন হওঁ জানো আহক


আইৰণৰ অভাৱজনিত সমস্যাঃ


১) ৰক্তহীনতাঃ 

আইৰণৰ অভাৱৰ বাবে আমি ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰো। এই ৰোগত তেজৰ অভাৱ হয়, বিশেষকৈ মহিলাৰ এই সমস্যাটো বেছিকৈ হয়।কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপ্‌ধপ্‌নি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ ৰক্তহীনতাৰ লক্ষণ। 


২) দুৰ্বলতাঃ

 শৰীৰত আইৰণৰ অভাৱ হ'লে ই প্রয়োজনীয় পৰিমাণৰ হিম'গ্লবিন তৈয়াৰ নকৰে, যাৰ বাবে সম্পূর্ণ টোপনি অহাৰ পিছতো গোটেই দিনটো দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। ইয়াৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজতো অসুবিধাৰ সন্মুখীন হয়।


৩) হৃদৰোগঃ

 হৃদৰোগীয়ে স্বাস্থ্যক সদায় অগ্ৰাধিকাৰ দিয়া উচিত কাৰণ ভাৰতত হৃদৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম'গ্লবিনৰ অভাৱ হয়। ইয়াৰ কাৰণে শৰীৰৰ বহু অংশত অক্সিজেন সঠিক পৰিমাণত উপনীত নহয়, যাৰ বাবে হৃদযন্ত্ৰৰ কাম বাঢ়ি যায় আৰু হৃদৰোগৰ আশংকাও উদ্ভৱ হয়।


৪) চুলি সৰাঃ 

আইৰণৰ অভাৱৰ বাবেও চুলি অত্যধিক সৰিবলৈ আৰম্ভ কৰে। 


৫) ছালৰ ৰোগঃ 

যদি শৰীৰত আইৰণৰ অভাৱ হয় তেতিয়া ছালখন অত্যধিক শুকান আৰু খজুৱতি হোৱা দেখা যাব। ইতিমধ্যে একজিমা বা এট’পিক ডাৰ্মাটাইটিছ হোৱা ৰোগীৰ ক্ষেত্ৰত এই ৰোগ বেছি হয়। আপোনাৰ ছালখন অধিক বগা হ'বলৈ আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ উজ্বলতা কমিব পাৰে। ছালৰ লগত জড়িত যিকোনো ৰোগৰ বাবে এই সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে।


৬) নখৰ দূৰ্বলতাঃ

যদি শৰীৰত আইৰণৰ অভাৱ হয় তেতিয়া নখবোৰ ভাঙিবলৈ আৰম্ভ কৰিব আৰু কেৱল ওপৰৰ পৰাই নহয় মাজৰ পৰাও ৰুক্ষ দেখা যাব। 

 কিন্তু এনেকুৱা অৱস্থা বহুদিন চলি থাকিলে নখ, চুলি, ছাল, জিভা, মুখ আৰু খাদ্যনলীতো কিছুমান উপসৰ্গ দেখা দিয়ে। নখবোৰ মিহি, সহজে ভাগি যোৱা, চেপেটা হৈ যোৱা, চামুচ আকৃতিৰ হোৱা দেখা যায়। চুলি আৰু ছাল শুকান আৰু ৰূঢ় হৈ পৰে। জিভা মিহি হয় আৰু মুখৰ ঘা হোৱা দেখা যায়। তদুপৰি কেতিয়াবা জিভা বগা হোৱা, ছাল আৰু যৌনাংগৰ খজুৱতি আদিও ভয়। কেতিয়াবা খাদ্যনলীত গাঁঠিৰ দৰে হৈ খাদ্য গিলিব নোৱাৰা অৱস্থা হোৱা দেখা যায়।

এইসমূহৰ উপৰিও বিভিন্ন সমস্যাই দেখা দিয়ে।



আইৰণৰ উৎসঃ


১৷ দৈনন্দিন খাদ্যত সেউজীয়া শাক-পাচলি,মিঠা আলু, সৰিয়হ, মচুৰ দাইল, বীন, গোটা শস্য, বীট, বাদাম,নেমু, পালেং শাক, চালগোম, পিষ্টা, কিচমিচ, মধুৰীআম, ক'লা কচুৰ ঠাৰি, কল, কাচকল, কলডিল, বুটমাহ, ঘেঁহু, পিঁয়াজ, কলমৌ, ঢেঁকীয়া শাক, ৰাজমাহ, কচু আদিত থাকে। এই সকলোবোৰ বস্তুতে প্ৰচুৰ পৰিমাণে লো থাকে।


২৷ কণী, কুকুৰা, মাছ, মাংস আৰু সাগৰীয় খাদ্যও আইৰণ সমৃদ্ধ উৎস।


   যদিও আইৰণৰ লগত জড়িত বহুতো পৰিপূৰক আছে, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰা উচিত নহয়। আপোনাৰ চিকিৎসকে আপোনাক আইৰণৰ পৰিপূৰক গ্ৰহণ কৰাৰ কাৰণ জনাব।


By- Meghali Das

Online Editor, SORBHOG 24

Source~ FACEBOOK & GOOGLE


Post a Comment