কোকিলকন্ঠী লতা মংগেশকাৰৰ অন্তিম বাণী
এই জগতত মৃত্যুতকৈ ডাঙৰ সত্য আন একোৱেই নাই। জগতৰ সকলোতকৈও দামী ব্ৰেণ্ডেড কাৰ মোৰ গেৰেজত থিয় হৈ আছে। কিন্তু মোক হুইল চেয়াৰৰ ওপৰত বহুৱাই দিয়া হৈছে। মোৰ লগত এই জগতৰ সকলো প্ৰকাৰৰ ডিজাইন আৰু কিচিম কিচিম ৰঙ-বিৰঙৰ দামী কাপোৰ ,দামী জোতা , দামী দামী সামগ্ৰী আছে। কিন্তু মই সেই ক্ষুদ্ৰ গ্ৰাউণ পিন্ধি আছোঁ যিটো মোক চিকিৎসালয়ৰ পৰা দিয়া হৈছে । মোৰ বেংকৰ একাউন্টত বহুত টকা পইচা আছে কিন্তু সেইবোৰ মোৰ কাৰণে কোনো কামতে অহা নাই। মোৰ ঘৰ মোৰ বাবে মহলৰ নিচিনা হয়, কিন্তু মই এতিয়া চিকিৎসালয়ৰ এখন ক্ষুদ্ৰ বিছনাত পৰি আছোঁ। মই জগতৰ পঞ্চ-তাৰকা হোটেলত ভ্ৰমি ফুৰিছিলো। কিন্তু এতিয়া মোক চিকিৎসালয়ৰ এখনৰ পাছত আন এখন প্ৰয়োগশালালৈ পঠাই আছে। এটা সময় আছিল যেতিয়া প্ৰতিদিনে ৭ বাৰ হেয়াৰ ষ্টাইলিষ্টে মোৰ চুলি চাফা কৰি প্ৰসাধন লগাইছিল। কিন্তু এতিয়া মোৰ মূৰত চুলিয়েই নাই। মই জগতৰ বিভিন্ন পঞ্চ-তাৰকা হোটেলৰ খানা খাইছিলো। পিছে আজিৰ দিনটোত মোৰ দুটা টেবলেট আৰু একবিন্দু নিমখেই মোৰ আহাৰ হৈছে।
মই বিভিন্ন বিমানত উঠি জগতৰ সকলো ঠাই ভ্ৰমি ফুৰিছিলো। কিন্তু আজি দুজন লোকে মোক চিকিৎসালয়ৰ বাৰান্দালৈ অনা নিয়াত মোৰ সহায় কৰিছে। কোনো সুবিধাই মোক সহায় কৰা নাই। কোনোধৰণৰ আৰামও নাই। কিন্তু কিছুমান আপোন মানুহৰ চেহেৰা, আৰু তেওঁলোকৰ আশীৰ্বাদ , আৰু মৰমে মোক জীয়াই ৰাখিছে । এইটোৱেই জীৱন।
আপোনাৰ ওচৰত যিমানেই সা-সম্পত্তি নাথাকক কিয় আপুনি খালী হাতেৰেই যাব লাগিব । দয়ালু হওক, তেওঁলোকক পাৰিলে সহায় কৰক। পইচা আৰু শক্তিশালী মানুহৰ গৌৰৱৰ পৰা বাচি যাওঁক।
নিজৰ মানূহক মৰম কৰক । লাগিলে তেওঁ আপোনাক ভালে-বেয়াই কৈছিল,কৈছে- আপুনি তেওঁৰ প্ৰসংশা কৰক যে আপুনি তেওঁৰ বাবে কি হয় ? কাকোৱেই দুখ নিদিব, ভাল হওঁক, ভাল কৰক । কিয়নো এইটোৱেই আপোনাৰ লগত যাব ।
লতা মংগেশকাৰ।