হাঁহিবলৈ শিকোৱা হৈছে জাপানতঃ
সমগ্ৰ বিশ্বত ক'ভিড মহামাৰীয়ে চলোৱা ত্ৰাসত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে এই মহামাৰীয়ে বহুতৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছিল। ফলত জাপানৰ লোকসকলে হাঁহিবলৈ পাহৰি গৈছিল। জাপানৰ তৰুণ প্ৰজন্মক আকৌ এবাৰ হাঁহিবলৈ শিকাইছে শিক্ষানুষ্ঠানসমূহৰ লগতে বিভিন্ন চৰকাৰী সংস্থা-প্রতিষ্ঠানে। ইয়াৰ বাবেই বিশেষ প্রশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। অৱশ্যে ইয়াৰ বাবে মাচুলো ভৰিবলগীয়া হৈছে তৰুণ প্রজন্মই।
দৰাচলতে ক'ভিড মহামাৰীৰ সময়ত মাস্ক পৰিধান কৰি থকাৰ ফলত তৰুণ প্ৰজন্মৰ লগতে জাপানীসকলে হাঁহিবলৈকে পাহৰি গৈছিল। এতিয়া সেই পাহৰি যোৱা বিদ্যাকে আকৌ এবাৰ শিকোৱাৰ চেষ্টা চলোৱা হৈছে। 'জাপান টাইম্ছ'ৰ বাতৰি অনুসৰি হাতত আইনা লৈ জাপানৰ নাগৰিকসকলে কেনেদৰে হাঁহিব লাগে তাৰ অভ্যাস কৰিবলৈ লৈছে। তৰুণ প্ৰজন্মক হাঁহিৰ অনুশীলন কৰোৱা হৈছে।