চিকিৎসক হোৱাৰ সপোন থানবান কৰিলে একাপ চাহে:
ৰাজস্থানৰ জয়পুৰৰ এগৰাকী যুৱতীৰ সপোন থানবান কৰিলে একাপ চাহে।
মেট্ৰিকত ৯৪ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৯৯ শতাংশ নম্বৰ লাভ কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন থানবান কৰিলে একাপ চাহে। নিজৰ সপোন সাৰ্থক কৰাৰ বাবে দৈনিক সোতৰ ঘণ্টাকৈ অধ্যয়ন কৰা দিশা শৰ্মাই দুবছৰ ধৰি নীটৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। কিন্তু পৰীক্ষাৰ সময়ত পৰীক্ষা নিয়ন্ত্ৰকৰ হাতৰ পৰা একাপ চাহ দিশা শৰ্মাৰ অ' এম আৰ শ্বীটৰ ওপৰত পৰি যায়। তেওঁ ইতিমধ্যে যিবোৰ উত্তৰ লিখিছিল। সেই আটাইবোৰ চাহ পৰি যোৱাৰ ফলত মচ খাই যায়। পৰৱৰ্তী সোতৰটা প্রশ্নৰ উত্তৰো জানিছিল দিশাই। ইয়াৰ বাবে তেওঁ অতিৰিক্ত পাঁচ মিনিট বিচাৰিছিল যদিও পৰীক্ষা নিয়ন্ত্রকে সেয়া মঞ্জুৰ নকৰিলে। আনৰ ভুলৰ বাবে চিকিৎসক হোৱাৰ সপোন ধ্বংস হ'ল দিশা শর্মাৰ। অৱশেষত ন্যায় বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় দিশা শৰ্মা। অহা ৪ জুলাইত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ'ব।