আত্মহত্যা কৰাৰ মেচিন ‘চাৰকো’
মানুহৰ বাবে সুখ চাগে কতোৱেই পাবলৈ নাই । ‘দিলৱালে দুলহনীয়া লে যায়েঙ্গে’ চিনেমা খনত যি বিলাক মনোমোহা অনবদ্য প্ৰাকৃতিক দৃশ্য দৰ্শকে দেখিলে, ভাব হয় যেন প্ৰকৃতিয়ে সকলো সৌন্দৰ্য অকৃপণ ভাবে উজাৰি দিছে । দৃশ্য বিলাক দেখি দৰ্শকৰ মনত এনে ভাবৰ উদয় হয়, ‘আহ যদি মনৰ মানুহটোক লৈ এবাৰ মানলৈ তালৈ যাব পাৰিলোহেতেন!’ কিন্তু সেই মনোমোহা দৃশ্যৰ ঠাইখন ক’ত জানে নে? সেই ঠাই খনেই হ’ল চুইজাৰলেণ্ড। আল্পচ্ পৰ্বতমালালৈ যেন নামি আহিছে স্বৰ্গপুৰী ।
পৰ্যটনৰ বাহিৰেও ঘড়ী, ট্ৰেইন আৰু চকলেটৰ বাবে চুইজাৰলেণ্ডৰ বিশ্বজোৰা খ্যাতি । সুনামেই হওক বা বদনামেই হওক চুইজাৰলেণ্ডৰ বেঙ্ক বিলাকৰ কথাতো কবই লাগিব । চুইজাৰলেণ্ড ফুটবলতো পিছ পৰি থকা নাই । কিন্তু ইমান নাম থকা স্বত্তেও চুইজাৰলেণ্ডৰ চুইচ্ সকল জীয়াই থকাৰ বাবে উদাসীন কিয়? আনকি চুইজাৰলেণ্ডৰ চৰকাৰেও নাগৰিকৰ আত্মহত্যাৰ বাবে অনুমোদন দিবলৈ বাধ্য, আৰু অনুমোদনৰ প্ৰথমটো বছৰতেই ১৩০০ জন ব্যক্তিৰ মৃত্যু আত্মহত্যাত ।
চুইজাৰলেণ্ডত আত্মহত্যাৰ বাবে চৰকাৰৰ অনুমোদিত এটা সংস্থা আছে, যাৰ নাম ‘ডিগনিটাচ্’ । চুইজাৰলেণ্ডৰ জনসাধাৰণে আত্মহত্যা কৰি মৰিবলৈ ২০০ ডলাৰ পৰিসোধ কৰি এই সংস্থাটোৰ সদস্য হ’ব লগা হয় । মৃত্যুৰ আগেয়ে আকৌ ৭০০০ ডলাৰ জমা দিব লগা হয় । মৃত্যু বৰণ কৰিবলৈ সংস্থাটোৱে বিশেষ ধৰণৰ এক কফিন তৈয়াৰ কৰি উলিয়াইছে, যাৰ নাম ‘চাৰকো’ । সেই কফিনত সুমাই নিদ্ৰা গ’লেই দুই মিনিটৰ ভিতৰত সকলো শেষ । কিন্তু এই ‘চাৰকো’ নামটো কেনেকৈ হ’ল জানে নে?
হলিউডৰ ‘মামি’ চিনেমাখন যি সকলে চাইছে তেওঁলোকৰ বাবে এই শব্দটো অপৰিচিত নহয় । মানুহৰ দেহটোক ‘মামি’ কৰাৰ পাছত পৰিয়ালৰ হাতত চমজাই দিয়া হয় । পৰিয়ালে একোটা কাঠৰ কফিনত মৃতদেহটো সুমুয়ায় । সেই কফিনৰ গাত লিখা থাকে ‘বুক অফ দা দেথ’ ৰ মন্ত্ৰ বিলাক । তাৰ পাছত সেই কাঠৰ কফিনে ঠাই পায় পাথৰৰ কফিনত । তাকেই বোলে ‘চাৰকোফেগাচ্’ ।
‘চাৰকোফেগাচ্’ শব্দটো কিন্তু গ্ৰীক শব্দ । গ্ৰীক সকলে কোনো এক সময়ত মিচৰ শাসন কৰিছিল । ‘চাৰকো’ শব্দটোৰ অৰ্থ হ’ল মাংস আৰু ফেগাই মানে খোৱা । তেনেহ’লে ‘চাৰকোফেগাচ্’ মানে মাংস খোৱা । এনে এক অদ্ভূত নাম কিয় দিব লগা হ’ল? কফিন বিলাক বনোৱা হৈছিল লাইমষ্টনেৰে । এই কফিন বিলাকৰ ভিতৰত যি বাতাবৰণৰ সৃষ্টি হয় তাত মৃতদেহৰ মাংসপেশি বিলাক শুকাই প্ৰায় নাইকিয়া হৈ যায়, কিন্তু পচন নহয় । সেই কাৰণেই তাৰ নাম ‘চাৰকোফেগাচ্’ । এই সূত্ৰটোৰ পৰাই অনুপ্ৰাণিত হৈ আৰম্ভ হয় ‘আত্মহত্যাৰ যন্ত্ৰ’ । যন্ত্ৰটো আৱিস্কাৰ কৰে ফিলিপচ্ নিৎচে নামৰ এগৰাকী জীৱবিজ্ঞানীয়ে । চুইজাৰলেণ্ডত তেওঁক ‘মৃত্যুৰ চিকিৎসক’ বোলা হয় ।
তেওঁৰেই এই আৱিস্কাৰৰ পেটেণ্টটো কিনি লৈ ‘চাৰকো’ যন্ত্ৰটো তৈয়াৰ কৰে ‘ডিগনিটাচে’ । এই মেচিনটোত ডেঢ় বা দুই মিনিটৰ ভিতৰতে তুলনামূলকভাবে কম কষ্টতে মানুহে মৃত্যুক সাৱতি ল’ব পাৰে । ফাঁচি, গুলি বা ইঞ্জেকচনৰ প্ৰয়োজন নাই । পদ্ধতিটো হ’ল অক্সিজেনৰ মাত্ৰা কমাই দিয়া । যাক ‘হাইপোকেপনিয়া’ বুলি কোৱা হয় । এই প্ৰক্ৰিয়াত তেজ আৰু কোষত অক্সিজেনৰ মাত্ৰা মাৰাত্মক ভাবে কমি যায় আৰু মৃত্যু হয় চকুৰ পলকতে ।
এক মুহূৰ্ততে যন্ত্ৰনাবিহীন মৃত্যুৰ কথা বিজ্ঞানী সকলে যিমানেই নোবোলক লাগিলে, কিন্তু সমালোচনাৰ পৰা হাত সাৰিব পৰা নাই । কিছুমানে কয় এই মেচিনটো এটা গেচ চেম্বাৰ । য’ত অক্সিজেনৰ ঠাইত নাইট্ৰোজেন গেচ দি মৃত্যু ঘটোৱা হয় । বহুতে আকৌ কয়, এই মেচিনটোৱে আত্মহত্যাৰ ইন্ধন যোগাইছে ।
বিতৰ্ক হৈছে হ’বই । কিন্তু মৃত্যুমুখী মানুহৰ যন্ত্ৰণা এই মৃত্যুত কমিব নে নাই সেইটো সময়েহে ক’ব । মেচিনটোৰ বাবে হোৱা সুখী সকলৰ তালিকাৰ তিনি নম্বৰত থকা চুইজাৰলেণ্ডৰ মানুহে যেতিয়া পকেটত সাত হাজাৰ ডলাৰ লৈ লাহে লাগে আগ বাঢ়ি যায় এই ‘চাৰকো’ মেচিনটোৰ ফালে, সেইটোও কিন্তু কম বিস্ময়কৰ নহয় । ইচ্ছা কৰিলে আপুনিও নাম ভৰ্তি কৰাব পাৰে ।
Digital Desk, SORBHOG 24
[ সংগৃহীত ]