উপ-নিৰ্বাচনৰ ৫ সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়

 


উপ-নিৰ্বাচনৰ ৫ সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়




ডিজিটেল ডেস্ক, SORBHOG 24, ২৩নৱেম্বৰ:

ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল ৫-০।  ৫ সমষ্টিত উৰিল বিজেপি মিত্ৰজোঁটৰ বিজয়ধ্বজা। ৫খন আসনৰ এখনো দখল কৰিব নোৱাৰিলে কংগ্ৰেছে।  ’২৬ৰ ছেমি ফাইনেলত ধৰাশায়ী কংগ্ৰেছ। ৫ সমষ্টি দখলৰ পিছতে বিজেপি মিত্ৰজোঁটৰ বিজয়োৎসৱ।


বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। ৯,০৫৬টা ভোটত জয়লাভ কৰে দিগন্ত ঘাটোৱালে। পৰাস্ত হ’ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা। নিজৰ বুথতে ভোট কম পালে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই৷ ১৪৭নং খৰাশিমলু হাইস্কুলৰ বুথত কংগ্ৰেছে পালে ২৪৩ আৰু বিজেপিয়ে পালে ২৬৯টা ভোট৷ ১৩ ৰাউণ্ড সম্পূৰ্ণ হোৱাত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ মাৰিলে বিজয়ৰ হাঁহি৷


ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ। বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে লাভ কৰে ৬৮,৭৫৯টা ভোট। আনহাতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই লাভ কৰে ৫৪,৭৪২ টা ভোট। ।


ছিদলীত জয়লাভ কৰিলে UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মই। UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মৰ ৮৩,৪২০টা ভোট লাভ কৰে। আনহাতে BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫০,০০৮টা ভোট লাভ কৰে। কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে মাত্ৰ ৬,৩৮১টা ভোট লাভ কৰিবলৈহে সক্ষম হয়। UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মই বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰিছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।


আনফালে বঙাইগাঁৱত জয়লাভৰ দিশে দিপ্তীময়ী চৌধুৰী। স্বামী ফণীভূষণৰ পিছতে বঙাইগাঁও সমষ্টিৰ পৰা বিধানসভালৈ দিপ্তীময়ী চৌধুৰী। এতিয়ালৈকে দিপ্তীময়ী চৌধুৰীয়ে লাভ কৰিছে ৭৩,৫১৯ ভোট আনফালে ব্ৰজেনজিৎ সিনহাই লাভ কৰিছে ৩৯,২১২ ভোট। সমষ্টিটোত ৩৪,৩০৭টা ভোটত আগবাঢ়ি আছে দিপ্তীময়ী চৌধুৰী। সমষ্টিটো ভোট গণনা প্ৰায় অন্তিম পৰ্যায়ত।


চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ জয়লাভ। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰে দীপ্লু ৰঞ্জন শৰ্মাই। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ২৬ হাজাৰ ২০০ ভোটত জয়ী দীপ্লু ৰঞ্জন শৰ্মা। অতি আকৰ্ষণীয় হৈ পৰিছিল দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনৰ মাজৰ যুঁজ। অৱশেষত শেষ হাঁহি মাৰিলে দীপ্লু ৰঞ্জন শৰ্মা।


✍️ COURTESY

Post a Comment