সৰভোগৰ বৈৰাপুৰত বিকশিত কৃষি সংকল্প অভিযান সম্পন্ন।


সৰভোগৰ বৈৰাপুৰত বিকশিত কৃষি সংকল্প অভিযান সম্পন্ন।


ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত যোৱা ২৯ মে'ৰ পৰা চলি থকা "বিকশিত কৃষি সংকল্প অভিযান" ৰ আজি নিজ চকাবাউসী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৈৰাপুৰ গাঁৱৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত হয়। বৰপেটা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাত হাউলী কৃষি বিজ্ঞান কেন্দ্ৰৰ ডঃ পিংকুধৰ বৰ্মণ, ডাঃ দিলীপ কুমাৰ দেৱ চৌধুৰী, প্ৰাণজিৎ বৰুৱাৰ লগতে সৰভোগৰ কৃষি উন্নয়ন বিষয়া মৌচুমী গগৈ আমগুৰি পশু চিকিৎসা কেন্দ্ৰৰ পশু চিকিৎসা বিষয়া ডাঃ পুনম দাসৰ লগতে চক্‌চকা আঞ্চলিক পঞ্চায়তৰ সদস্যা ভাগ্যদেৱী নাথ উপস্থিত থাকে। 

শতাধিক কৃষক উপস্থিত থকা সভাখনত ডাঃ পিংকুধৰ বৰ্মণে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ভাষণ ৰাখে। তাৰোপৰি সৰভোগ কৃষি বিভাগৰ উন্নয়ন বিষয়া মৌচুমী গগৈয়ে খেতিয়ক সকলে ভূগি থকা সমস্যা সমূহৰ ওপৰত আলোকপাত কৰে।


Published By- Meghali Das
Reported By- Sanjay Kr. Das/ Mrinmay Nath


Post a Comment