ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি এবিভিপি সৰভোগ শাখাৰ উদ্যোগত বক্তৃতা প্ৰতিযোগিতা।






 ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি এবিভিপি সৰভোগ শাখাৰ উদ্যোগত বক্তৃতা প্ৰতিযোগিতা। 



সৰভোগ,২১ জানুৱাৰীঃ 


সৰভোগৰ ব্ৰজ সদনত মঙ্গলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰভোগ শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত বৰনগৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত সৰভোগ ইন্টাৰনেছনেল একাডেমিৰ অঙ্কুশ মেধিয়ে প্ৰথম পুৰস্কাৰ, বৰনগৰ ছোৱালী হাইস্কুলৰ জিন্টী কলিতাই দ্বিতীয় পুৰস্কাৰ আৰু সৰভোগ জাতীয় বিদ্যালয়ৰ নীহাৰিকা নাথে তৃতীয় পুৰস্কাৰ লাভ কৰে। বিজয়ী সকলক একোখনকৈ প্ৰশংসা পত্ৰ আৰু নগদ ধনৰাশিৰে পুৰস্কৃত কৰাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ প্ৰশংসা পত্ৰপ্ৰদান কৰা হয়। উক্ত বক্তৃতা প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বৰপেটাৰোডৰ কাৰ্যবাহ কিশোৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী বিদ্যুৎ বিকাশ বৈশ্য, এবিভিপি বৰপেটা বিভাগৰ সংযোজক ৰাকেশ ৰোচন দাস, এবিভিপি সৰভোগ শাখাৰ সম্পাদক চাণক্য দাস আৰু বিচাৰক হিচাপে শিক্ষয়িত্ৰী সীমা পাঠক উপস্থিত থাকে।

Post a Comment